ঔ-কুঁৱৰী এজন ৰজাৰ দুজনী ৰাণী আছিল। তেওঁলোক দুয়ো গর্ভবতী হ'ল। এদিন দুয়ো ৰাণীৰ সন্তান উপজিল। বৰ ৰাণীয়ে এটি ল'ৰা আৰু সৰু ৰাণীয়ে এটা ঔ টেঙা পালে। সৰু ৰাণীয়ে তেওঁৰ ঔ-টেঙাহে এটা উপজিল দেখি বৰ বেজাৰ পাই তাক চুৱাপাতত দলিয়াই পেলাই দিলে। কিন্তু দেখা গ'ল- দিনৌ ৰাণীয়ে কাম কৰিবৰ আৰু শুবৰ সময়ত সেই ঔ-টেঙাটো বাগৰি আহি ৰাণীৰ ওচৰ পায়হি। ৰাণীয়ে তাক দলিয়াই পেলালেও সি আকৌ বাগৰি আহি ৰাণীৰ কাষ পায়হি। এদিন ঔ-টেঙাটো দুপৰীয়া মানুহ-দুনুহ নোহোৱা সময়ত বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ ৰৈ আছিল। সেই সময়ত ৰজাৰ কোঁৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইতে বহি বৰশী বাই আছিল। কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔ-টেঙাটোৰ ভিতৰৰ পৰা এজনী দীপলিপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি, ৰূপেৰে চাৰিও দিশ উজ্জ্বল কৰি চুলিকোছা ৰ'দত শুকাই লৈ, আকৌ ঔ-টেঙাটোৰ ভিতৰত সোমাই বাগৰি মাকৰ ঘৰলৈ উভতি আহিল। ৰজাৰ ল'ৰাই কন্যাজনীৰ ৰূপ দেখি মোহ গৈ ঘাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰোহ-ঘৰত সোমাল। ইফালে, কোঁৱৰক বাপেক-মাকে নেদেখি বিচাৰি চলাথ লগাই ক'লে যে- 'অমুকা ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔ-টেঙা আছে, সেই ঔটেঙাটোৰ সৈতে মোক বিয়া দিব লাগে।' ৰজা-ৰাণীয়ে প্রথমতে সেইটো হাঁহি উঠা অসম্ভৱ কথা বুলি কোঁৱৰক বুজাবলৈ ধৰিলে, কিন্তু কোঁৱৰে নুশুনিলে। কোঁৱৰৰ খট-বান্ধ এৰাব নোৱাৰি বাপেকে ৰজালৈ সেই বাতৰি দি ঔ-টেঙাৰে সৈতে নিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালে। ঔ-টেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দি-কাটি ক'লে- 'মোক কিয় এইদৰে লাজ দিব লাগিছে।' কিন্তু শেহত তেওঁ এৰাব নোৱাৰি সেই কথাত মান্তি হৈ ঔ-টেঙাটো ধুৱাই-পখলাই কোঁৱৰৰে সৈতে তাৰ বিয়া দিলে। বৰ ধুম-ধাম কৰি কোঁৱৰে ঔ-টেঙাক বিয়া কৰাই দোলাত তুলি আনি নিজৰ ঘৰ পোৱালেহি। ৰজাৰ কোঁৱৰে ঔ-টেঙাৰে সৈতে একেটা শোৱনি ঘৰতে থাকিল। ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰ এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে। কিন্তু কোঁৱৰৰ টোপনি আহিলেই ঔ-টেঙাটোৰ ভিতৰৰ পৰা কন্যাজনী ওলাই সেই ভাতগাল খাই আকৌ ঔ-টেঙাৰ ভিতৰত সোমাই থাকে। দিনৌ কোঁৱৰে টোপনিৰ পৰা উঠি সেই থৈ দিয়া ভাত নেদেখি আচৰিত মানে। কোঁৱৰে ইয়াৰ কাৰণ বুজিব নোৱাৰি মনত সদায় দুখ কৰি আমন-জিমনকৈ বহি থাকে। এদিন এজনী মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰত চাউল মাগিবলৈ আহিছিল। বুঢ়ীয়ে কোঁৱৰক আমন-জিমনকৈ বহি থকা দেখি সুধিলে- 'বোপা তুমি দেখোন মন মাৰি বহি আছা? তুমি বিয়া কৰালা, কিন্তু ক'তা আমি দেখোন বোৱাৰীক দেখা পোৱা নাই?' বুঢ়ীৰ কথা শুনি কোঁৱৰে আগৰে পৰা গুৰিলৈকে তাইক সকলো কথা ভাঙি ক'লত বুঢ়ীয়ে মাত লগালে, 'বোপা, ঔ-টেঙাটোৰ ভিতৰতে তোমাৰ কুঁৱৰী আছে; শোৱনী ঘৰৰ ভিতৰত একুৰা তুঁহ জুই ধৰি থ'বা আৰু দৈ গাখীৰ, আঠীয়া কল ফেনেকি মিহলাই ওচৰতে এটা বাটিত থৈ দিবা। তুমি তোমাৰ শোৱাপাটীত টোপনি অহাৰ ভাও জুৰি নাক ঘোৰ্ঘোৰাই থাকিবা। তোমাৰ টোপনি আহিছে বুলি ভাবি যেতিয়া সেই ঔ-টেঙাটোৰ পৰা ছোৱালীজনী ওলাই ভাত খাবলৈ বহিব তেতিয়া তুমি ততালিকে উঠি সেই ঔ-টেঙাটো তুঁহ জুইত দি পুৰি পেলাবা। কিন্তু তেতিয়া দেখিবা যে ছোৱালীজনী ঠাচ কৰে মাটিত পৰি গৈছে। তেতিয়াই লৰালৰিকৈ সেই বাটিৰ পৰা দৈ গাখীৰ আৰু আঠীয়া কল আনি তাইৰ মূৰত ভৰুণ দিবা; দিলেই তাই জ্ঞান পাই উঠি বহিব।' বুঢ়ীৰ বুধি শুনি কোঁৱৰে ৰং পাই তাইক বঁটা দি বিদায় দিলে আৰু সেই ৰাতি বুঢ়ীৰ কথা মতেই কৰি ঔ-কুঁৱৰীক লাভ কৰিলে। কোঁৱৰৰ বাপেক-মাকে পিছদিনা পুৱা এই ঘটনা শুনি আৰু বোৱাৰীয়েকক দেখি তেওঁলোকৰ মনত আনন্দই নধৰা হ'ল। বিয়ে-বিয়নী ৰজা-বাণীলৈ এই বাতৰি তেওঁলোকে কৈ পঠিয়ালত তেওঁলোকৰো মনত ৰং মিলিল আৰু আকৌ তেওঁলোকে মহা পয়োভৰেৰে জীয়েক ঔ-কুঁৱৰীক বিয়া দিলে। সংগ্ৰহ : বেজবৰুৱাৰ ৰচনাৱলী