শিশুক শুৱাবলৈ গোৱা গীত : নিচুকনি গীত নিচুকনি গীতসমূহে অসমীয়া মৌখিক লোক-সাহিত্যক সমৃদ্ধ কৰি ৰাখিছে। এই গীতবোৰ কোনে কেতিয়া ৰচনা কৰিছিল তাৰ কোনো সঠিক তথ্য পাবলৈ নাই । মানুহৰ কল্পনা, ধাউতি আৰু সৃষ্টিৰ হাবিয়াসতেই নিচুকনি গীতৰ সৃষ্টি হয় । নিচুকনি গীতবোৰ বৰ দীঘল নহয়। চুটি হোৱাৰ কাৰণে এইবোৰে শিশুৰ মন গহনত অবিচ্ছিন্ন ভাবে দোলা দিব পাৰে। এনেবোৰ গীতত যুক্তিতকৈ অলীক কল্পনাকহে অধিক প্ৰাধান্য দিয়া হয়। এইবোৰত উল্লেখ পোৱা বিভিন্ন কথাৰ মাজত কোনো অংগাংগী সম্পৰ্ক দেখা নাযায়। কেতিয়াবা একো একোটা গীতত সৰু লোক কাহিনী অন্তৰ্নিৰ্হিত হৈ থাকে। শিশুৰ মনক বান্ধি ৰাখিব পৰাকৈ মোহনীয় সুৰ তথা অপূৰ্ব শব্দচয়নেৰে গীতবোৰ ৰচনা কৰা হয়। ভালদৰে নিৰীক্ষণ কৰিলে দেখা যায় যে কিছুমান নিচুকনি গীতত একো একোটা অৰ্ন্তনিহিত তাৎপৰ্যও থাকে। কেতিয়াবা দুই এটা নিচুকনি গীতত ইতিহাস তথা সমাজ-ব্যৱস্থাৰ সজীৱ চিত্ৰ দেখা পোৱা যায়। নিচুকনি গীতৰ এটা সাধাৰণ বৈশিষ্ট্য হ’ল এইবোৰক সহজে মনত ৰাখিব পাৰি। শিশুক নিচুকাই টোপনি নিয়াবৰ বাবে সাধাৰণতে মাকে নিচুকনি গীত গায়। এই গীতবোৰ মাকৰ মুখত শুনি শিশু মন্ত্র মুগ্ধ বা সন্মোহিত হৈ টোপনি যায়। ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাই কৈছে যে আটাইতকৈ অধিক সংখ্যক নিচুকনি গীতৰেই মূল বিষয় হ'ল - 'শোৱা সোণকণ শোৱা। মাৰা ওচৰতে আছে। ভয় নকৰিবা। সকলো কুশলে আছে।' সৰু ল'ৰা-ছোৱালীক নানা ধৰনৰ গীত মাতেৰে টোপনি নিয়াবলৈ চেষ্টা কৰাৰ ৰীতি পুৰনিকলীয়া। নিচুকনি গীতবোৰে নির্ভয় বাণী শুনোৱা, শান্ত পৰিবেশ সৃষ্টি কৰা আৰু প্ৰাকৃতিক জগত খনৰ সতে শিশুৰ মানসিক সংযোগ বৃদ্ধি কৰাত সহায় কৰে। উদাহৰণ স্বৰূপে - (১) আমাৰে মইনা শুব'এ বাৰীতে বগৰী ৰুব'এ বাৰীৰে বগৰী পকি সৰিব মইনাই বুটলি খাব'এ।। (২) শিয়ালী এ নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি, শিয়ালীৰ মুৰতে মৰুৱা ফুল শিয়ালী পালেগৈ ৰতনপুৰ।। নিচুকনি গীত কল্পনা প্ৰৱণতা আৰু বিশ্বাসৰ ভেটিত ৰচিত হৈছে। কিছুমান গীত প্রশ্ন সোধা আৰু উত্তৰ দিয়াৰ ছলেৰেও গোৱা হয়। এই ধৰণৰ গীতবোৰৰ প্ৰধা উপজীব্য বস্তু হৈছে শিশুৰ ধেমালি প্রিয়তা, শিশুৰ লোভ আৰু ভয় আদি। তদুপিৰ শিশুৰ সজ চৰিত্ৰ গঠনো গীতৰ সাধাৰণ বস্তু। উদাহৰণ স্বৰূপে- (৩) জোন বাই এ, বেজী এটি দিয়া বেজীনো কেলেই? মোনা সিবলৈ, মোনানো কেলেই? ধন ভৰাবলৈ। ধননো কেলেই? হাতী কিনিবলৈ (৪) মোৰ বোপাই লাহৰি, নেপাইছোঁ আহৰি বৰা জুৰিছোঁ আৰু; সেই বৰা বানি পিঠা গুৰি সানি বোপালৈ লৈ যাম লাডু। টোপনি নহা ল'ৰা ছোৱালীক লোমহর্ষক অথবা বিভিন্ন বিষয়ৰে কল্পনাপ্রসূত বিৱৰণৰ দ্বাৰা আভুৱা ভাৰি টোপনি নিওৱাৰ এই প্ৰথা পৃথিৱীৰ প্ৰায় সকলো ঠাইতেই বিৰাজমান। নিচুকনি গীতবোৰ লোক শিক্ষা ব্যৱস্থাৰ এটা উত্তম পন্থা হোৱাৰ লগতে এটা জাতিৰ সৰল সৃজনী ক্ষমতাৰো পৰিচায়ক। সহায়ক গ্ৰন্থ : অসমীয়া সাংস্কৃতিক শব্দকোষ