শিশুৰ ঘৰুৱা যতন শিশুৰ মন এখন স্বচ্ছ কাঁচৰ নিচিনা৷ পৰিস্কাৰ আৰু নিৰ্মল৷ বৰ্তমান সমাজ কোনদিশে ধাবমান তাক আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ৷ TV, News Paper চাব নোৱাৰি৷ চাৰিওফালে ধৰ্ষণ, ড্ৰাগছৰ ৰমৰমীয়া বেহা৷ যুৱ সমাজ বিপথে পৰিচালিত৷ এনে এক সামাজিক সন্ধিক্ষণত এটি শিশুক মানসিকভাৱে সবল কৰি তোলাটো প্ৰতি গৰাকী অভিভাৱকৰ বাবে এক প্ৰত্যাহ্বান৷ বুঢ়া বাঁহ পোনাব নোৱাৰি৷ সেয়ে সৰু থাকোতেই শিশুক উপযুক্ত শিক্ষা দিলে ভৱিষ্যত জীৱনত তেওঁ ভাল নাগৰিক হ’ব৷ এইক্ষেত্ৰত অভিভাৱকৰ লগতে ঘৰখনৰো দ্বায়িত্ব বহুত৷ ঘৰখনৰপৰাই শিশুৰ জীৱনৰ শিক্ষা আৰম্ভ হয়। শিশুৰ বৌদ্ধিক আৰু মানসিক বিকাশত ঘৰখনৰ দায়িত্ব অপৰিসীম। ঘৰখনে কৰিবপৰা কেইটামান দিহা তলত উল্লেখ কৰা ১. ঘৰখন হ’ল শিশুৰ প্ৰথম বিদ্যালয়৷ ঘৰখনৰপৰা শিশুৰ শিক্ষা আৰম্ভ হয় ৷ শিশুৰ বাবে ঘৰখনৰ পৰিৱেশ স্বাস্থ্যকৰ হোৱা উচিত৷ অবাইচ মাত, হাই-কাজিৰ আদিৰপৰা শিশুক দূৰত ৰাখিব লাগে৷ সন্তানৰ আগত মাক দেউতাকে কেতিয়াও কাজিয়া কৰিব নালাগে৷ ২. ঘৰখনে দিয়া সংস্কাৰ ব্যক্তি জীৱনৰ এক আপুৰুগীয়া সম্পদ৷ সৰুৰেপৰা সু-সংস্কাৰ পোৱা এজন শিশুৱে ডাঙৰ হৈ কেতিয়াও বেয়া কাম নকৰে৷ যিকোনো কাম কৰাৰ আগতে তেওঁ দহবাৰ ভাবিব “এই কামটো কৰিলে মা-দেউতাই কষ্ট পাব৷ আনে মোক বেয়া বুলিব৷” ভাল কামৰ ফল সদায় ভাল আৰু বেয়া কামৰ ফল সদায় বেয়া সেই কথা সৰু থাকোতেই বুজাব লাগে৷ ৩. সন্তানৰ লগত সদায় বন্ধুসুলভ আচৰণ কৰিব লাগে৷ সকলো কথা মুকলিমূৰীয়াকৈ আলোচনা কৰিব লাগে৷ তেতিয়া সিহঁতে বিনা দ্বিধাই নিজৰ জীৱনৰ কথাবোৰ মক-দেউতাকৰ লগত share কৰিব৷ লগতে শিশুটিৰ আত্মবিশ্বাস দৃঢ় হ’ব৷ ৪. শিশুৰ শিক্ষা সদায় খেলা-ধূলাৰ মাজেৰে হ’ব লাগে৷ তেতিয়া সিহঁতে পঢ়া কামটো বোজা বুলি নাভাবে৷ কিতাপখন মুখৰ আগত লৈ ১, ২, ৩ পঢ়ুৱাবলৈ যোৱাতকৈ কিছুমান বস্তু লৈ শিকালে সহজে শিকে৷ নিৰ্দিষ্ট সময়ত পঢ়োৱাতকৈ এটি কণমাণি শিশুক মাকে কাম কৰি থাকোঁতেও শিকাই থাকিব পাৰি৷ Maria Montessori নামৰ শিক্ষাবিদ গৰাকীয়ে শিশুৰ শিক্ষা সদায় play way method ত হ’ব লাগে বুলি Montessori training প্ৰৱৰ্তন কৰিছিল৷ ৫. শিশুৰ সন্মুখত কেতিয়াও আনৰ বদনাম গাব নালাগে৷ শিশু মনত ই বিৰূপ প্ৰভাৱ পেলায়৷ ৬. জোৰ কৰি বা জবৰদস্তি কৰি শিশুক একো কৰিবলৈ বাধ্য কৰাব নালাগে৷ ই শিশুৰ মানসিক গঠনত নেতিবাচক প্ৰভাৱ পেলায়৷ ৭. যিকোনো কাম কৰোঁৱাৰ আগত সিহঁতৰ আগ্ৰহক অগ্ৰাধিকাৰ দিয়াটো প্ৰয়োজন৷ এনে কৰিলে দুগুন উৎসাহেৰে কামটো কৰে আৰু আনন্দ পায়৷ ৮. হাতত মোবাইল দি মাক-দেউতাক নিচিন্ত হৈ নাথাকি মোবাইলত কি ধৰণৰ VDO বা game চাইছে তাৰ প্ৰতি নজৰ ৰাখিব লাগে৷ ৯. ভাল/বেয়া বিচাৰ কৰাৰ ক্ষমতা শিশুৰ নাথাকে৷ গতিকে মাক-দেউতাকে খং নকৰি মৰমেৰে বুজাই ক’ব লাগে৷ ১০. আনৰ প্ৰতি সদভাব, সন্মান আদি গুণবোৰ সৰুৰেপৰাই শিশুক শিকাব লাগে৷ ১১. মাক-দেউতাকে দিনটোৰ অলপ সময় সন্তানৰ লগত কটাব লাগে৷ অকলশৰীয়া অনুভৱ কৰিবলৈ দিব নালাগে৷ অকলশৰীয়া শিশু পাছত সামাজিক নহয়৷ ১২. দিনটোৰ অলপ সময় physical activities কৰাত গুৰুত্ব দিব লাগে৷ ই শিশুৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য গঠন সহায় কৰে৷ ১৩. শিশুক সদায় সুষম আহাৰ খুৱাব লাগে৷ জন্মৰপৰা ৬/৭ বয়সলৈকে ক্ষিপ্ৰ গতিত শিশুৰ মগজুৰ বিকাশ হয়৷ ১৫. পৰিস্কাৰ-পৰিচন্ন কৰি থাকিলে অধিক ৰোগৰপৰা বাচি থাকিব পাৰি, সেই বোধটো শিশুক সৰুৰেপৰাই দিব লাগে । শিশুৰ ভাষাশিক্ষা : ১. এটি শিশুৱে জন্মৰ পিছতে মাকৰ মুখৰপৰা যি ভাষা শিকে সেই ভাষাটোৱেই শিশুটিৰ মাতৃভাষা (mother tongue)৷ ২. পৰিৱেশৰপৰা বা স্কুলত মাতৃভাষাৰ উপৰি যি ভাষা শিশুৱে শিকে সেই ভাষাটো শিশুৰ দ্বিতীয় ভাষা (Second language)৷ দ্বিতীয় ভাষা আনুষ্ঠানিকভাৱে শিকিব পাৰি বা অনানুষ্ঠানিকভাৱে শিকিব পাৰি৷ ৩. অসমীয়া আমাৰ মাতৃভাষা৷ সেই হিচাপে আমাৰ প্ৰথম পৰিচয় অসমীয়া৷ কিন্তু আজিকালি দেখা যায়, প্ৰায়বিলাক অভিভাৱকে অসমীয়া ভাষাটো নিজৰ সন্তানক ভালকৈ নিশিকায়৷ কাৰণ ডাঙৰ হৈ সি/তাই বাহিৰত পঢ়িব আৰু তেতিয়া অসমীয়া ভাষাৰ দৰকাৰ নপৰিব৷ কিন্তু সেইটো কথা নহয়৷ অসমীয়া হিচাপে আমি প্ৰতিজন নাগৰিক ভাষাটোৰ প্ৰতি দায়বদ্ধ৷ অন্যথা ভূপেন হাজৰিকাই কৈ যোৱাৰ দৰে অসমতে অসমীয়া ভগনীয়া হ’ব। ৪. প্ৰাথমিক পৰ্যায়ৰপৰাই অসমীয়া আখৰবোৰৰ উচ্চাৰণত গুৰুত্ব প্ৰদান কৰিব লাগে৷ এই ক্ষেত্ৰত যিমান পাৰি অভিভাৱকে শিশুক সহায় কৰিব লাগে৷ ৫. বহু শিশুৱে You tube বা কাৰ্টুন চাই চাই থাকি ৩/৪ বছৰ বয়সলৈকে নিজৰ ভাষাটোকে নিশিকে৷ এই ক্ষেত্ৰত অভিভাৱক সচেতন হোৱা প্ৰয়োজন। ৬. TV ত কাৰ্টুন চাই ল’ৰাছোৱালীবোৰে অনায়াসে শুদ্ধ আৰু স্পষ্টকৈ হিন্দী ক’ব পাৰে৷ ই এটা যোগাত্মক দিশ৷ কাৰ্টুন চাই হিন্দী শব্দ মিহলি কৰি অসমীয়া ভাষাত কথা কয়৷ তেতিয়া আমি ডাঙৰসকলে সিহঁতক শুধৰাই দিব লাগে৷ ৭. সকলো দিশ সামৰি এটি শিশুৰ সৰ্বাংগ বিকাশৰ বাবে পিতৃ-মাতৃৰ লগতে ঘৰখনৰ দায়িত্ব অপৰিসীম৷ আমি অভিভাৱকবোৰ সদা সজাগ হৈ থাকিব লাগে৷ এই আমাৰ শিশুটিৰ প্ৰতি প্ৰধান কৰ্তব্য৷ আজিৰ শিশু কাইলৈ দেশৰ ধৰণী।