মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক উপকৃত কৰিবৰ বাবে অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰিছে। অনাগত দিনবোৰত নিবনুৱা সমস্যা হ্ৰাস কৰা আৰু যুৱক-যুৱতীসকলৰ ভৱিষ্যত সম্ভাৱনাময় কৰি তোলাৰ উদ্দেশ্যেৰে অসম চৰকাৰে এই আঁচনি হাতত লৈছে। উদ্দেশ্য : প্ৰতিযোগিতামূলক পৰীক্ষা আৰু উচ্চ শিক্ষাৰ বাবে যুৱক-যুৱতীসকলে নিজকে প্ৰস্তুত কৰাত সহায় কৰা, কৰ্মসংস্থাপনৰ প্ৰয়োজনীয়তা পূৰণ কৰা, বিশ্ববিদ্যালয়ত নামভৰ্ত্তিৰ সুবিধা সুবিধাসমূহ : শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলে এই সুবিধা লাভ কৰিব। প্ৰতিমাহে সম্পূৰ্ণ এক বছৰৰ বাবে এই আৰ্থিক উদগনি লাভ কৰিব। যুৱক-যুৱতীসকল ব্যৱসায়-বানিজ্যৰ উদ্যমিতাৰ পথত আগবাঢ়ি যাব পাৰিব। প্ৰাৰ্থীৰ যোগ্যতা : ২০২৫ চনত স্নাতক উত্তীৰ্ণ সকলো যুৱক-যুৱতীসকলক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। নিযুত মইনা আঁচনিৰ ধন লাভ কৰা ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হোৱা নাই। পেছাদাৰী অথবা বৃত্তিমুখী পাঠ্যক্ৰমৰ শিক্ষাৰ্থীক এই বছৰ আঁচনিৰ অন্তৰ্গত কৰা হোৱা নাই। চতুৰ্থ বৰ্গৰ চাকৰিয়ালৰ সন্তানক বাদ দি যিসকল আবেদনকাৰীৰ পিতৃ-মাতৃৰ যিকোনো এগৰাকী ৰাজহুৱা পদত বা চৰকাৰী চাকৰিত নিয়োজিত, যিসকল আবেদনকাৰীৰ পিতৃ-মাতৃ পঞ্জীয়নভূক্ত ঠিকাদাৰ, যিসকল আবেদনকাৰীৰ বছৰি ১০ লাখ টকাকৈ আৰ্থিক উপাৰ্জন কৰা পেছাদাৰী পৰিয়ালৰ সন্তান তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ নকৰে। শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। সময়সীমা : ২০২৬ চনৰ ১ ফেব্ৰুৱাৰীৰপৰা ২০২৭ চনৰ ৩১ জানুৱাৰীলৈকে এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব। নৱেম্বৰ মাহৰ ভিতৰত এই আঁচনিৰ অধীনত আবেদন প্ৰক্ৰিয়াৰ কাম সম্পন্ন হ’ব। ডিচেম্বৰ মাহত আবেদন-পত্ৰসমূহ পৰীক্ষণ কৰা হ’ব।