শ্ৰদ্ধাঞ্জলি আঁচনি বহিঃৰাজ্যত মৃত অসমৰ সন্তানৰ নশ্বৰ দেহ ঘূৰাই আনিবলৈ অসম চৰকাৰৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি আঁচনি আৰম্ভ হয়। এই আঁচনিখনৰ জৰিয়তে বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱক-যুৱতীক সহায়-সহযোগিতা তথা তেওঁলোকৰ কেনেবাকৈ মৃত্যু হ’লে চৰকাৰী খৰচত আনি পৰিয়ালৰ হাতত শ্ৰদ্ধা সহকাৰে গতাই দিয়া হ’ব। আঁচনিৰ উদ্দেশ্য— কম বেতনত বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতীৰ মৃত্যু ঘটিলে একোটা নশ্বৰ দেহ ওভতাই আনিবৰ বাবে প্ৰায় ৪০-৫০ হেজাৰ টকা খৰচ হয়। তাৰ ফলত বহু পিতৃ-মাতৃয়ে সন্তানক শেষবাৰৰ বাবে চোৱাৰ পৰা বঞ্চিত হয়। সেইসকল ভুক্তভোগী পিতৃ-মাতৃক সকাহ আৰি সান্তনা প্ৰদান কৰিবলৈ এই আঁচনিখন গ্ৰহণ কৰা হৈছে। কোনসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব— ১. বহিঃৰাজ্যত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লেখিয়া পদত কাৰ্যনিৰ্বাহ কৰা যুৱক-যুৱতী, ২. মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আদিত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী ৩. বহিঃৰাজ্যত স্বাভাৱিক বা অস্বাভাৱিকভাৱে মৃত্যু হোৱা কোনো অসম সন্তানৰ হত্যা-দুৰ্ঘটনাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ বিশেষ শাখআৰ তৰফৰপৰা আৰক্ষী বহিঃৰাজ্যত গৈ ঘৰলৈ নশ্বৰ দেহ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব , ৪. আৰ্থিকভাৱে স্বচ্ছল বা বহিঃৰাজ্যত চিকিৎসাৰ বাবে গৈ মৃত্যু হোৱা লোকে এই আঁচনিৰ সুবিধা নাপাব। কেনেদৰে যোগাযোগ কৰিব— ১. মৃত্যুৰ তথ্য দিবলৈ বিচৰা লোকে অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব। মৃত্যুৰ ঘটনা সংক্ৰান্তিয় তথ্য দিবলৈ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইন নম্বৰ ১১২, বিশেষ শাখাৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ০৩৬১-২৩৮১৫১১ নম্বৰত ডাইল কৰি খবৰ জনাব পাৰিব। ২. সেৱা সেতু পৰ্টেল ব্যৱহাৰ কৰাৰ উপৰি ৯১৮১০-১৪৮৮৮ নম্বৰত হোৱাটছএপ যোগে বাৰ্তা পঠাব পাৰিব। ৩. ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো অৱগত কৰিব পাৰিব।