'সখী এক্সপ্ৰেছ' আঁচনি ৰাজ্য চৰকাৰে ২০২০-২১ বৰ্ষৰ বাজেটত সকলো জীৱিকা সখীক স্কুটাৰ প্ৰদানৰ উদ্দেশ্যে সখী এক্সপ্ৰেছ নামৰ এখন আঁচনি গ্ৰহণৰ কথা ঘোষণা কৰিছিল। ২০২২-২৩ বর্ষত এই পদক্ষেপৰ সম্প্ৰসাৰণ ঘটাই জীৱিকা সখীৰ উপৰি পশু সখী, কৃষি সখী, বেংক সখী, বীমা সখী, চিআৰপি-এণ্টাৰপ্ৰাইজ প্রমোশ্যন, মাষ্টাৰ বুক কিপাৰ, ইণ্টাৰনেল মেণ্টৰ, এমচিপি ট্রেইনাৰ, বিডিএছপি আদি সকলো কেডাৰকে কমিউনিটি কেডাৰ হিচাপে সামৰি লোৱা হয়। এই পদক্ষেপে আত্মসহায়ক গোটসমূহৰ কাম-কাজত গতিশীলতা আনিব আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ৰাজ্য এখন আগবাঢ়িবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মহিলাই । তাৰ বাবে আমি মহিলাসকলক শক্তিশালী হোৱাতে জৰুৰী । এই অভিযানৰ জৰিয়তে প্ৰথমে ১০ হাজাৰকৈ টকা দিব । অহা বছৰ এইসকল মহিলাক ২৫ হাজাৰ টকা দিয়া হ’ব । ১২,৫০০ টকা চৰকাৰৰ তৰফৰ পৰা ৰাজসাহায্য দিম, ১২,৫০০ বেংকে দিব। বেংকে দিয়া ধনৰ সুদ চৰকাৰে দিব । উদ্দেশ্য আত্মসহায়ক গোটসমূহৰ কাম-কাজ ত্বৰাম্বিতকৰণ যাত্ৰা ব্যয় হ্ৰাস সৃষ্টিশীলতা আৰু উপাৰ্জন বৃদ্ধি