সৰ্বসাধাৰণ লোকৰ মনত থকা এটা জনপ্ৰিয় ধাৰণা হৈছে যে শিক্ষা লাভ কৰিবৰ বাবে অথবা শিক্ষিত লোক হ’বলৈ হ’লে মানুহে ‘স্কুল’ বোলা অনুষ্ঠানলৈ যাব লাগে। স্কুললৈ নোযোৱা লোকজনেই হৈছে অশিক্ষিত আৰু অজ্ঞ। ইংৰাজী ভাষাতো কোৱা হয় যে ‘Schooling’ মানেই শিক্ষা লাভ কৰা কাৰ্য। অৰ্থাৎ সেই সময়ত ভবা হৈছিল যে স্কুলঘৰলৈ নোযোৱাজনেই অজ্ঞ, নিৰক্ষৰ আৰু অশিক্ষিত লোক। ‘জনা-বুজা’, শিশিত অথবা জ্ঞানী-গুণী লোক হ’বলৈ মানুহে স্কুলঘৰলৈ লিখা-পঢ়া কৰিবলৈ যাবই লাগিব। অৱশ্যে আজি শিক্ষা-প্ৰযুক্তি বিজ্ঞানৰ ব্যৱস্থাই এনেবোৰ পুৰণি ধাৰণা উলট-পালট কৰি পেলাইছে। আজি স্কুল বা শিক্ষা প্ৰতিষ্ঠানলৈ নোযোৱাকৈও মানুহ শিক্ষিত বা শিক্ষালব্ধ হৈ উঠিব পাৰে। এই কথাও প্ৰাসংগিকভাৱে উল্লেখ কৰিব পাৰি যে পৃথিৱীবাসীৰ সকলো লোককে আজি শিক্ষাৰ প্ৰয়োজন যদিও সকলোৰে বাবে স্কুলঘৰৰ বাহিৰত আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা কৰাটো সম্ভৱপৰ নহয়। পৃথিৱীখনত বৰ্তমানেও অৰ্ধতকৈ অধিক সংখ্যক লোক স্কুলৰ চাৰিবেৰৰ বাহিৰত থাকিবলগীয়া হয়। এনে এটা পৰিস্থিতিত স্কুলীয়া শিক্ষাৰ বিকল্প ব্যৱস্থা এটাও অৱশ্যে ইতিমধ্যে গঢ় লৈ উঠিছে। ইয়াক অগতানুগতিক শিক্ষা স্বৰূপে জনা যায়। ইয়াৰ স্বৰূপ আৰু সাংগঠনিক ক্ৰিয়া-কলাপ আদিও বৰ্তমান দেশ আৰু সমাজৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হৈ উঠিছে। ইয়াৰ ধাৰণা গতানুগতিক শ্ৰেণী শিক্ষা বা শিক্ষকৰ সান্নিধ্যত লাভ কৰা শিক্ষাৰ বিপৰীতে বৰ্তমান দূৰ-শিক্ষাৰ ধাৰণা আৰু ইয়াৰ পৰিকল্পনা কৰি উঠা হৈছে। সৰ্বশিক্ষাৰ কাৰ্যকৰীকৰণৰ পৰিপ্ৰেক্ষিতত এইবিধ শিক্ষাৰ প্ৰাসংগিকতা ক্ৰমে বৃদ্ধি পাই উঠিবলৈ ধৰাটো মন কৰিবলগীয়া। শিক্ষকৰ সান্নিধ্যত পোৱা শিক্ষাৰ পৰিৱৰ্তে যন্ত্ৰৰ যোগেদি দূৰ ঠাইৰ পৰা শিক্ষা সঞ্চাৰিত কৰা আৰু গ্ৰহণ কৰা প্ৰযুক্তি-বিজ্ঞানভিত্তিক ব্যৱস্থাকেই সাধাৰণভাৱে দূৰ-শিক্ষা বুলি জনা যায়। শিক্ষকৰ পৰিৱৰ্তে যান্ত্ৰিক ৰূপত যোগাযোগ স্থাপন কৰা কৰ্তৃপক্ষইহে এইবিধ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰে। আধুনিক প্ৰযুক্তি-বিজ্ঞানে এই শিক্ষা সম্ভৱ কৰি তুলিছে। প্ৰচলিত শ্ৰেণী শিক্ষাৰ ব্যয়-বহুলতা, কষ্টসাধ্যতা আৰু শিক্ষকৰ একনায়কত্ববাদিতাৰ প্ৰভাৱৰ পৰা এই শিক্ষা মুক্ত হৈ উঠিছে। পূৰ্বৰ শিক্ষকপ্ৰধান শিক্ষাৰ পৰিৱৰ্তে বৰ্তমান ই শিক্ষাৰ্থীপ্ৰধান হৈ উঠাটোও মন কৰিবলগীয়া। প্ৰতিজন শিক্ষাৰ্থীকে শিক্ষা গ্ৰহণৰ বাবে দৈহিক ৰূপত স্কুলৰ শ্ৰেণীকক্ষত উপস্থিত কৰোৱাটোও বাস্তৱ ক্ষেত্ৰত সম্ভৱপৰ হৈ নুঠে। দূৰ-শিক্ষাই এনেবিধ অসুবিধাও গুচাব পাৰে। সেয়েহে ক’ব পাৰি যে শিক্ষা আহৰণত গণতান্ত্ৰিক নীতিৰ কাৰ্যকৰীকৰণ এই দূৰ-শিক্ষাইহে বাস্তৱত ৰূপদান কৰি তুলিছে। স্কুলৰ চাৰিবেৰৰ মাজৰ পৰা শিক্ষা বৃহত্তৰ সমাজখনলৈ সম্প্ৰসাৰিত কৰি তুলিব পৰা হৈছে। সমাজৰ উচ্চ-নীচ, জাতি, ধৰ্ম, ভাষা-সম্প্ৰদায়ৰ তথা দেহ-মানসিকভাৱে বাধাগ্ৰস্তসকলেও এই শিক্ষা পাব পৰা হৈ উঠিছে। এনে এক বহল পৰিসৰৰ শিক্ষা ব্যৱস্থাক বৰ্তমান ভিন ভিন নামেৰেও নামকৰণ কৰি তোলা হৈছে। ইয়াৰ ভিতৰত মুক্ত-শিক্ষা, জন-শিক্ষা, জন-মাধ্যম শিক্ষা আদি বিশেষ উল্লেখযোগ্য। শিক্ষাৰ গুণগত মানদণ্ডৰ পৰ্যায়ৰ ফালৰ পৰাও ইয়াক ‘মুক্ত-স্কুল’ আৰু ‘মুক্ত-বিশ্ববিদ্যালয়’ স্বৰূপে জনা যায়। ইয়াৰ স্বৰূপ তলত বৰ্ণনা কৰা হৈছে। দূৰ-শিক্ষাৰ সংজ্ঞা ১) এই শিক্ষা সম্বন্ধে জেক্ ফকচে সংজ্ঞা দি কয়, “ দূৰ-শিক্ষা হৈছে এবিধ শিক্ষা আহৰণৰ প্ৰক্ৰিয়া বা পদ্ধতি, যি বিদ্যালয় চৌহদৰ শিক্ষা ব্যৱস্থাত থকা কেতবোৰ বৈশিষ্ট্যতকৈ পৃথক”। ২) পিটাৰচ্ নামৰ আন এজন বিশেষজ্ঞই মত প্ৰকাশ কৰি কয়, “ দূৰ-শিক্ষা হৈছে এবিধ নিদেৰ্শনা পদ্ধতি য’ত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত ভৌগোলিক আৰু আৱেগিকভাৱে বিচ্ছেদ সংগঠিত হয়। শিক্ষাৰ মূল সূঁতিত থকা সামাজিক আদৰ্শ মানি চলি শ্ৰেণীকক্ষত ছাত্ৰ-শিক্ষকসকলৰ মাজত পাৰস্পৰিক সম্বন্ধ স্থাপন কৰি শিক্ষা দিয়া হয় আৰু আনহাতে দূৰ-শিক্ষাত প্ৰযুক্তিমূলক নীতি-নিয়মৰ ওপৰত ভিত্তি কৰি শিক্ষা দিয়া হয়”। ওপৰত দিয়া সংজ্ঞাৰ পৰা এই কথা স্পষ্ট হয় যে দূৰ-শিক্ষা ব্যৱস্থা আমাৰ গতানুগতিক শ্ৰেণী শিক্ষাতকৈ পৃথক। ই এবিধ অ-গতানুগতিক শিক্ষা য’ত আমাৰ প্ৰচলিত শিক্ষাৰ আনুষ্ঠানিক নীতি-নিয়ম প্ৰযোজ্য নহয়। ইয়াত আন্তৰ্জাতিকতাৰ মানদণ্ড ৰক্ষা কৰিহে শিক্ষা দিয়া-নিয়া কৰা হয়। এইবিধ শিক্ষাৰ সাংগঠনিক বৈশিষ্ট্যসমূহ দূৰ-শিক্ষা এবিধ অ-গতানুগতিক শিক্ষা ব্যৱস্থা য’ত প্ৰচলিত আনুষ্ঠানিক শিক্ষাৰ নীতি-নিয়ম শিথিল কৰি তোলা হয়। এই শিক্ষা হৈছে শিক্ষাৰ্থী প্ৰভাৱিত, য’ত শিক্ষা গ্ৰহণকাৰীৰ সুবিধা-অসুবিধা আৰু প্ৰয়োজনৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। দূৰ-শিক্ষা ব্যৱস্থাত শিক্ষাৰ বাবে নমনীয়তাৰ নীতি গ্ৰহণ কৰা হয়। এই শিক্ষাত শিক্ষাদানৰ ব্যৱস্থা পৰোক্ষ বিধৰ কৰি তোলা হয়। ইয়াক শিক্ষাৰ্থীৰ অৱসৰ সময়ৰ শিক্ষা বুলিব পৰা যায়। ইয়াত শিক্ষাৰ্থীৰ বাবে শিক্ষা আহৰণ দূৰ-দূৰণিত থকা লোকসকলৰ বাবেও সহজলভ্য কৰি তোলা হয়। গণতান্ত্ৰিক নীতি আৰু আদৰ্শেৰে এই শিক্ষা পৰিচালিত কৰা হয়। শিক্ষা মিতব্যয়িতাৰ প্ৰতি ইয়াত দৃষ্টি ৰখা হয়। দূৰ-শিক্ষা শিক্ষাৰ্থীপ্ৰধান হোৱা বাবে ইয়াক এবিধ আত্ম-শিক্ষা ব্যৱস্থা বুলিব পাৰি। শ্ৰেণী কক্ষৰ মৌখিক শিক্ষাৰ বিপৰীতে ইয়াক এবিধ প্ৰযুক্তি-বিজ্ঞানভিত্তিক শিক্ষা বোলা হয়। দূৰ-শিক্ষাৰ দাৰ্শনিক ভিত্তি বৰ্তমান আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱনত ক্ৰমে অনুভৱ কৰি উঠা হৈছে যে শিক্ষা মানুহৰ বাবে এক জীৱনব্যাপী প্ৰক্ৰিয়া। ইয়াক স্কুলৰ আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি-নিয়মৰ মাজত আবদ্ধ কৰি ৰাখিব নোৱাৰি। ব্যক্তি আৰু সমাজ আজি শিক্ষাৰ যোগেদি ক্ৰমাগত আৰু অবিৰতভাৱে উন্নতি আৰু বিকাশশীলতাৰ সৰ্বোচ্চ স্তৰলৈ উন্নীত কৰি তোলাৰ প্ৰতি সচেষ্ট হৈ উঠিছে। এনে এটা অৱস্থাপ্ৰাপ্ত হৈ উঠিবৰ বাবে স্কুলৰ আনুষ্ঠানিক শিক্ষা পৰ্যাপ্ত নহয়। মন কৰিবলগীয়া যে বৰ্তমানেও পৃথিৱীৰ অৰ্ধ-শতাংশতকৈ অধিক লোক আনুষ্ঠানিক শিক্ষাৰ চাৰিবেৰৰ বাহিৰত থাকি নিৰক্ষৰ ৰূপে পৰিচিত। এইসকল লোককো শিক্ষাৰ আৱৰ্তত সামৰি ল’বৰ বাবে এই দূৰ-শিক্ষাৰ প্ৰয়োজন। আজিৰ শিক্ষাই বিশ্বাস কৰে যে শিক্ষা শিক্ষকপ্ৰধান হোৱাৰ পৰিৱৰ্তে শিক্ষাৰ্থী-প্ৰধানহে হোৱা উচিত। আত্মক্ৰিয়াৰ যোগে আত্ম-শিক্ষা হৈছে আজিৰ শিক্ষাৰ গ্ৰহণযোগ্য নীতি আৰু পদ্ধতি। পুৰণি শিক্ষাত থকা শিক্ষকৰ একনায়কত্ববাদ আজিৰ শিক্ষাত গ্ৰহণযোগ্য নহয়। শিক্ষকৰ প্ৰত্যক্ষ শিক্ষাৰ পৰিৱৰ্তে শিক্ষণ-সঁজুলি আৰু শিক্ষণ প্ৰযুক্তিয়েহে পৰোক্ষভাৱে শিক্ষাৰ কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে জন-মাধ্যমৰ শিক্ষণ প্ৰযুক্তি সাৰ্থক ৰূপত গঢ় লৈ উঠিছে। শিক্ষাৰ এই গণ-মাধ্যমৰ ব্যৱস্থাৰে আন্তৰ্জাতিক ক্ষেত্ৰত দূৰ-শিক্ষাৰ এক বিশ্বায়ন প্ৰক্ৰিয়া আজি গঢ় দি তোলা হৈছে। ইয়াৰ উপৰিও আজিৰ শিক্ষাত গণতন্ত্ৰৰ আদৰ্শ আৰু নীতি-পদ্ধতিয়ে দূৰ-শিক্ষাৰ প্ৰয়োজন আৰু সম্ভাৱনীয়তা অধিক প্ৰকট কৰি তুলিছে। ‘সকলোৰে বাবে শিক্ষা’ হৈছে গণতান্ত্ৰিক আদৰ্শৰ ওপৰত দৃঢ়তাৰে প্ৰতিষ্ঠিত শিক্ষাৰ এক সমাজ-দৰ্শন। সমতা, ভ্ৰাতৃত্ব আৰু সামাজিক ন্যায় হৈছে গণতন্ত্ৰৰ মূলমন্ত্ৰস্বৰূপ। এই মন্ত্ৰ আমাৰ সামাজিক আৰু ব্যক্তিগত জীৱনত কাৰ্যকৰী কৰি তোলাৰ প্ৰশস্ত পথ হৈছে শিক্ষা। আজিৰ শিক্ষা গণতন্ত্ৰৰ এই মহামন্ত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ উঠি এক শক্তিশালী সমাজ-দৰ্শন গঢ় দি তুলিছে। সেয়েহে দূৰ-শিক্ষা হৈছে এনেবিধ দৰ্শন বাস্তৱত ৰূপায়ণৰ কাৰ্যকৰী ব্যৱস্থা মাথোন। দূৰ-শিক্ষাৰ লক্ষ্য-উদ্দেশ্য এইবিধ শিক্ষাৰ লক্ষ্য-উদ্দেশ্য সম্বন্ধে বিস্তৃত আলোচনালৈ নগৈ তলৰ কথা কেইটা সংক্ষেপে উল্লেখ কৰিব পাৰি: বৰ্তমান বিজ্ঞান-প্ৰযুক্তিয়ে সৃষ্টি কৰি তোলা শিক্ষাৰ পৌন:পুনিক প্ৰয়োজন পূৰণ কৰাটো দূৰ-শিক্ষাৰ উদ্দেশ্য। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত থকা বৈষম্যৰ ভাব গুচাই সমতা, ভ্ৰাতৃত্ব আৰু সামাজিক ন্যায় স্থাপন কৰি তোলাটো এই শিক্ষাৰ উদ্দেশ্য। প্ৰচলিত আনুষ্ঠানিক শিক্ষাগ্ৰহণত থকা সীমাবদ্ধতাবোৰ গুচাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে শিক্ষা সম্ভৱপৰ কৰি তোলাটো এই শিক্ষাৰ লক্ষ্য। সমাজৰ এক শ্ৰেণী বুদ্ধিজীৱী লোকে শিক্ষা এক বিলাসিতা স্বৰূপ কৰি তোলাৰ পৰিৱৰ্তে সকলো লোকেই ইয়াৰ সুফল লাভ কৰি উঠিব পৰাটো হৈছে এই শিক্ষাৰ উদ্দেশ্য। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকেও মিতব্যয়িতাৰে শিক্ষা লাভ কৰি উঠিব পৰাটো হৈছে এই শিক্ষাৰ উদ্দেশ্য। আনুষ্ঠানিক শিক্ষাৰ উচ্চ পৰ্যায়ত অনুচিতভাৱে সৃষ্টি হৈ উঠা ছাত্ৰ-ছাত্ৰীসকলৰ ভিৰ কমোৱাটোও হৈছে ইয়াৰ উদ্দেশ্য। সুস্থ আৰু গঠনাত্মকভাৱে অৱসৰ সময়ৰ সদ্ ব্যৱহাৰ কৰা আৰু সুৰুচিপূৰ্ণভাৱে নতুনৰ উদ্ভাৱন ক্ষমতাৰ বিকাশ সাধনত সহায় কৰাটো ইয়াৰ লক্ষ্য। শিক্ষাৰ্থীসকলৰ সুস্থ দেহত সুস্থ মন গঢ় দি তোলাটোও ইয়াৰ লক্ষ্য। শিক্ষিত শ্ৰেণীৰ লোকৰ মনত শিক্ষা গ্ৰহণৰ প্ৰতি সমগ্ৰ জীৱনজুৰি আগ্ৰহ-অভিৰুচি সজাগ আৰু সক্ৰিয় কৰি তোলাটোও এই শিক্ষাৰ উদ্দেশ্য। সাম্প্ৰদায়িক লোকৰ মনত থকা ধৰ্ম-সম্প্ৰদায়ৰ সংকীৰ্ণ মনোভাৱ গুচাই আন্তৰ্জাতিক সদ্ভাৱ আৰু বুজা-পৰাৰ ভাব গঢ়ি তোলাটো এই শিক্ষাৰ উদ্দেশ্য। দূৰ-শিক্ষাৰ প্ৰয়োজনীয়তা আজিৰ দূৰ-শিক্ষাক প্ৰয়োজনভিত্তিক শিক্ষা স্বৰূপে জনা যায়। এই শিক্ষাই আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ ওপৰত আধাৰিত শিক্ষাৰ প্ৰয়োজন পূৰণ কৰি তুলিব পাৰে। বৰ্তমান সময়ৰ শিক্ষা হৈছে দ্ৰুতভাৱে গতিশীল আৰু পৰিৱৰ্তনশীল। এনেবিধ প্ৰয়োজন শ্ৰেণীকক্ষৰ আনুষ্ঠানিক শিক্ষাই পূৰণ কৰি তুলিব নোৱাৰে। যন্ত্ৰভিত্তিক বিজ্ঞান-প্ৰযুক্তিয়েহে আজিৰ অ-গতানুগতিক শিক্ষাৰ তথ্যভিত্তিক জ্ঞান প্ৰয়োজন মতে সংৰক্ষণ আৰু পৰিবেশন কৰি তুলিব পাৰে। সেয়েহে দূৰ-শিক্ষাৰ কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰয়োজন নিম্নলিখিত ধৰণে উল্লেখ কৰিব পাৰি: বৰ্তমান সময়ত জ্ঞানৰ বিসফোৰণমূলক পৰিস্থিতিৰ সৃষ্টি হোৱা হেতুকে প্ৰযুক্তি-বিজ্ঞানৰ প্ৰয়োগ কৰি দূৰ-শিক্ষাৰ ব্যৱস্থাৰে জ্ঞান-অভিজ্ঞতা সহজলভ্য কৰি তোলা হৈছে। আজি ক্ৰমবিকাশশীল মানুহৰ মনত জ্ঞানৰ বিসফোৰণমূলক পৰিস্থিতিয়ে নতুন আশা-আংকাক্ষা আকাশলংঘী বিধৰ কৰি তুলিছে। ইয়াৰ ফলত দূৰ-শিক্ষাৰ প্ৰয়োজন স্বাভাৱিকতেই আহি পৰিছে। জনসংখ্যা বৃদ্ধিৰ বিসফোৰণমূলক পৰিস্থিতিয়েও ইয়াৰ স্বাভাৱিক ৰূপত শিক্ষা-সমস্যা সৃষ্টি কৰি তুলি দূৰ-শিক্ষাক সমস্যা সমাধানৰ উপায় স্বৰূপে প্ৰয়োগ কৰি উঠিব লগা হৈছে। আজিৰ জটিল কৰ্মজীৱনত আত্মপ্ৰতিষ্ঠা লাভ কৰি উঠিবৰ বাবে অৰ্থ উপাৰ্জন আৰু প্ৰশিক্ষণ গ্ৰহণ একেলগে চলাই যোৱাটো প্ৰয়োজন হৈ পৰিছে। এই প্ৰয়োজন দূৰ-শিক্ষাই পূৰণ কৰিব পাৰে। দুৰ্গম অঞ্চলৰ লোকসকলে নিজকে ভৌগোলিকভাৱে দেশৰ মূল সুঁতিৰ পৰা আঁতৰাই ৰাখিব লগা হয়। তেওঁলোকৰ বাবেও দূৰ-শিক্ষা বিশেষ সহায়ক হৈ উঠে। দৈহিক ভাৱে অক্ষমতা থকা লোকসকলেও তেওঁলোকৰ মানসিক আৰু বৌদ্ধিক ক্ষমতা প্ৰয়োগ কৰি নিজৰ আৰু সমাজৰ প্ৰতি বৰঙণি যোগাবৰ বাবে দূৰ-শিক্ষা ব্যৱস্থাৰ সহায় ল’ব লাগে। আজিৰ যান্ত্ৰিক যুগত স্বাভাৱিক দেহ-মানসিক অৱস্থাৰ লোকসকলেও তেওঁলোকৰ অৱসৰ সময়ৰ সদ্ ব্যৱহাৰ কৰি উঠিবৰ বাবে দূৰ-শিক্ষা বিশেষ সহায়ক হৈ উঠিব পাৰে। দুকুৰি বছৰ পাৰ হোৱা লোকসকলৰ মনত লিখা-পঢ়া আৰু অধ্যয়নৰ প্ৰতি স্বাভাৱিকতেই উৎসাহ, আগ্ৰহ নোহোৱা হয়। দূৰ-শিক্ষাই তেনে লোকৰ মনতো শৈক্ষিক প্ৰণোদন জগাই তুলিব পাৰে। সমাজৰ প্ৰতিভাশীল আৰু সম্ভাৱনীয়তাপূৰ্ণ লোকসকলেও শিক্ষাৰ উপযুক্ত পৰিবেশৰ অভাৱত নিজ প্ৰতিভাৰ অপমৃত্যু ঘটায়। তেনে লোকৰ প্ৰতিভা পুনৰুদ্ধাৰ কৰাত এই শিক্ষা সহায়ক হৈ উঠিব পাৰে। আজিৰ সমাজত সৰ্বসাধাৰণ লোকৰ মনত থকা সংকীৰ্ণতা আৰু সংৰক্ষণশীলতাৰ ভাৱ গুচাই সুস্থ, সুৰুচিপূৰ্ণ আৰু আধুনিকীকৰণ কৰি তুলিবৰ বাবেও দূৰ-শিক্ষাৰ প্ৰয়োজন। ইয়াৰ দুৰ্বলতাসমূহ বৰ্তমান সমাজৰ প্ৰয়োজন পূৰণকাৰীস্বৰূপ হৈ উঠা সত্বেও দূৰ-শিক্ষা ব্যৱস্থাত থকা কেতবোৰ দুৰ্বলতা অস্বীকাৰ কৰিব নোৱাৰি। তলত এনে কেতবোৰ দুৰ্বলতা সংক্ষেপে দাঙি ধৰা হৈছে: এইবিধ শিক্ষা মানুহে প্ৰস্তুত কৰে যদিও ইয়াক যন্ত্ৰইহে মানুহক প্ৰদান কৰে। সেয়েহে ই একপক্ষীয়, নিৰ্জীৱ আৰু প্ৰাণহীন বিধৰ বুলি ক’ব পাৰি। এই শিক্ষাৰ পৰিসৰো হৈছে সংকীৰ্ণ আৰু সীমাবদ্ধ। ইয়াত অনুভূতিৰ আদান-প্ৰদান, সংশ্লেষণ-বিশ্লেষণ আৰু মূল্যায়নৰ সুবিধা নাথাকে। ইয়াৰ প্ৰাপ্ত অনুভূতি আৰু অভিজ্ঞতা আদান-প্ৰদানহীন হোৱা বাবে দূৰ-শিক্ষা হৈছে একপক্ষীয় বিধৰ, যি ব্যক্তিৰ মনত স্থায়ী প্ৰভাৱ পেলাব নোৱাৰে। ইয়াৰ ফলত শিক্ষা ক্ষণস্থায়ী বিধৰ হয়। ইয়াৰ শিক্ষণ পৰিস্থিতি যন্ত্ৰচালিত হোৱা বাবে ই এবিধ ব্যক্তিকেন্দ্ৰিক শিক্ষা হৈ থাকে, য’ত সামাজিক প্ৰভাৱ নাথাকে। দূৰ-শিক্ষা এবিধ আত্মশিক্ষা ব্যৱস্থা হোৱা বাবে শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱ শিক্ষা গ্ৰহণকাৰীৰ ওপৰত পৰিব নোৱাৰে। কোৱা হয় যে দূৰ-শিক্ষা ব্যৱস্থাই আনুষ্ঠানিক শিক্ষাৰ অনুশাসন ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পেলায়। দূৰ-শিক্ষা ব্যৱস্থাৰ প্ৰকাৰ আধুনিক শিক্ষা প্ৰযুক্তি-বিজ্ঞানত দূৰ-শিক্ষা প্ৰদানৰ বিভিন্ন কৌশল, মাধ্যম, উপকৰণ বা সঁজুলি, ধৰণ, ৰীতি বা প্ৰক্ৰিয়া প্ৰয়োগ কৰা হয়। এনে অভিনৱ ব্যৱস্থাবোৰৰ যোগে শিক্ষা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে আৰ্থিকভাৱে মিতব্যয়ী আৰু দৈহিকভাৱে সহজলভ্য বিধৰ কৰি তোলা হয়। সেয়েহে ইয়াৰ চাহিদা, প্ৰয়োজন আৰু প্ৰাধান্য আজিৰ শিক্ষা ব্যৱস্থাত উৰ্দ্ধগামী হৈ উঠাটো মন কৰিবলগীয়া। এই শিক্ষাৰ চমু পৰিচিতি তলত সংক্ষেপে প্ৰদান কৰা হৈছে: (১) যোগাযোগ শিক্ষা এই শিক্ষাত শিক্ষক আৰু শিক্ষাৰ্থীয়ে ডাক যোগে চিঠিৰ আদান-প্ৰদানৰ যোগেদি প্ৰয়োজনভিত্তিক শিক্ষা পাব পাৰে। এই ক্ষেত্ৰত শিক্ষাৰ্থীয়ে কোনো এক বিষয়ৰ অধ্যয়নৰ উপাদান শিক্ষা-কৰ্তৃপক্ষৰ লগত ডাক যোগাযোগ ব্যৱস্থাৰে ছপাযন্ত্ৰৰ মুদ্ৰিত ৰূপত সংগ্ৰহ কৰিব পাৰে। বৰ্তমান ইয়াৰ শিক্ষা উপাদানবোৰ হৈছে লিখিত টোকা, অংকিত চিত্ৰ, আলোক চিত্ৰ, ফিল্ম, দৃশ্য-শ্ৰাব্য কেচেট ইত্যাদি। উল্লেখযোগ্য যে দিল্লী বিশ্ববিদ্যালয়ে এই যোগাযোগ শিক্ষা আমাৰ দেশত ১৯৬২ চনতেই পোন প্ৰথমবাৰৰ বাবে প্ৰচলন কৰি উঠে। (২) টেলিভিছন কাৰ্যসূচী টেলিভিছন সম্প্ৰসাৰণ ব্যৱস্থাৰ যোগে অধিক সুবিধাজনকভাৱে দূৰ-শিক্ষা আঁচনি গ্ৰহণ কৰিব পাৰি। ইয়াৰ প্ৰধান বৈশিষ্ট্য হৈছে শিক্ষাৰ্থীক একে সময়তে শুনা আৰু দেখা ব্যৱস্থাৰ যোগে দৃশ্য-শ্ৰাব্য উপাদান এক সজীৱ আৰু বাস্তৱ ৰূপত দ্ৰুতভাৱে প্ৰদান কৰিব পৰা যায়। বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিমূলক বিষয়ৰ অধ্যয়নৰ উপাদান শিক্ষাৰ্থীৰ চকুৰ আগত সাৰ্থক ৰূপত এই ব্যৱস্থাৰে দাঙি ধৰিব পৰা হয়। এই দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে মানুহকদিয়া কেৱল অৱসৰ বিনোদনতকৈও দূৰ-শিক্ষা যোগে বিজ্ঞান-প্ৰযুক্তিবিষয়ক শিক্ষা সহজে আৰু সাৰ্থকভাৱে দিয়াৰ সম্ভাৱনীয়তা ইয়াত অধিক। আমাৰ দেশত ১৯৭২ চনতেই এইবিধ দূৰ-শিক্ষা ব্যৱস্থা কাৰ্যকৰীকৰণৰ আঁচনি গ্ৰহণ কৰে। (৩) ছেটেলাইট নিৰ্দেশনাত্মক টেলিভিছন অনুসন্ধান দূৰ-শিক্ষা ব্যৱস্থাক অধিক উন্নত আৰু সফলতাৰে দিবলৈ বিচৰা ই এক নতুন বিজ্ঞান-প্ৰযুক্তি বুলিব পাৰি। উল্লেখযোগ্য যে টেলিভিছন মাধ্যমৰ যোগে দিয়া দূৰ-শিক্ষা ব্যৱস্থা তাৰ প্ৰচাৰ কক্ষৰ পৰা থকা দূৰত্বৰ ক্ষেত্ৰত এক বিশেষ সীমাবদ্ধতা থাকে। দূৰ ঠাইলৈ সেয়েহে টেলিভিছন কাৰ্যসূচী কাৰ্যকৰী হৈ উঠিব নোৱাৰে। দূৰত্বৰ এনে অসুবিধা SITE-এ গুচাব পাৰে। ইয়াৰ ববে মহাকাশত ছেটেলাইট বা কৃত্ৰিম উপগ্ৰহ স্থাপনৰ যোগে শিক্ষা সম্প্ৰসাৰণৰ অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি তোলা হয়। ইয়াকেই সংক্ষেপে SITE বুলি জনা যায়। এই ব্যৱস্থাৰে দূৰ-দূৰণিলৈ বাতৰি আৰু শিক্ষা সম্প্ৰসাৰণৰ পথ অনাতাঁৰ ব্যৱস্থাৰে মুকলি হৈ উঠে। ভাৰতত ১৯৭৫ চনৰ আগষ্টত ভাৰত মহাসাগৰত শিক্ষা-সম্প্ৰসাৰণৰ বাবে প্ৰথমটো কৃত্ৰিম উপগ্ৰহ স্থাপন কৰি তোলা হয়। ইয়াৰ যোগেদি সৰ্বসাধাৰণ লোকক বিজ্ঞান, কৃষি, স্বাস্থ্য, পৰিয়াল-পৰিকল্পনা আদি বিষয়ৰ শিক্ষা-সম্প্ৰসাৰণ কৰা হয়। (৪) ভাৰতীয় জাতীয় ছেটেলাইট IB ইয়াক দূৰ-শিক্ষা প্ৰযুক্তি-বিজ্ঞানৰ ক্ষেত্ৰত পূৰ্বতকৈও অধিক উন্নত এক পদক্ষেপস্বৰূপে গণ্য কৰিব পাৰি। এই শিক্ষা আঁচনি ১৯৮৩ চনৰ অক্টোবৰ মাহত আগতকৈ সংশোধিত আৰু শক্তিশালী ৰূপত উপস্থাপন কৰা হয়। অন্ধ্ৰ, মহাৰাষ্ট্ৰ, গুজৰাট, উৰিষ্যা, বিহাৰ আদি ৰাজ্যক সামৰি দূৰ-শিক্ষাৰ বাবে প্ৰায় দুহেজাৰখন জিলা ইয়াৰ অন্তৰ্ভুক্ত কৰা হয়। দেশৰ ৰাষ্ট্ৰীয় সম্প্ৰসাৰণ ব্যৱস্থাৰ লগতো ইয়াৰ সংযোগ সাধন কৰি তোলা হয়। এনেবোৰ সম্ভাৱনীয়তাই দেশৰ দূৰ-শিক্ষা ব্যৱস্থাৰ দ্ৰুত সম্প্ৰসাৰণৰ এক প্ৰশস্ত পথ বৰ্তমান মুকলি কৰি তুলিছে। মুক্ত-শিক্ষা প্ৰদানৰ কৰ্তৃপক্ষসমূহ মুক্ত-শিক্ষা প্ৰদান কৰা শিক্ষা-কৰ্তৃপক্ষক অ-গতানুগতিক শিক্ষা কৰ্তৃপক্ষ বা মুক্ত-শিক্ষা কৰ্তৃপক্ষস্বৰূপে নামকৰণ কৰা হয়। শিক্ষা প্ৰদানৰ মানদণ্ডৰ ফালৰ পৰাও ইয়াক মুক্ত-স্কুল আৰু মুক্ত-বিশ্ববিদ্যালয় স্বৰূপে দুটা পৃথক গুণমানযুক্ত পৰ্যায়ত বিভক্ত কৰা হয়। এই দুয়োবিধৰ স্বৰূপ আৰু ইয়াৰ শিক্ষামূলক ক্ৰিয়া-কলাপক নিম্নলিখিতভাৱে বৰ্ণনা কৰিব পাৰি: (ক) মুক্ত-স্কুল মুক্ত-স্কুল শিক্ষাৰ স্বৰূপ দাঙি ধৰা প্ৰধান বৈশিষ্ট্যসমূহ নিম্নপ্ৰদত্তভাৱে সংক্ষেপে উল্লেখ কৰিব পৰা যায়: মুক্ত-স্কুলত শিক্ষাৰ সাধাৰণ নীতি-নিয়ম আৰু অনুশাসন ব্যৱস্থা শিথিল কৰি তোলা হয়। এই স্কুলত শিক্ষাৰ্থীৰ নামভৰ্তিকৰণৰ কোনো নিৰ্দ্দিষ্ট বয়স-সীমা নাথাকে। এই শিক্ষাৰ নামভৰ্তিকৰণ, শিক্ষাপ্ৰদান, অনুশাসন আৰু মূল্যায়ন ব্যৱস্থা আদি শিক্ষাৰ্থীৰ সুবিধা আৰু প্ৰয়োজন মতে প্ৰস্তুত কৰা হয়। সামাজিক, সাম্প্ৰদায়িক অথবা ধৰ্মভেদ ভাব ইয়াত বিবেচনা কৰা নহয়। সমাজৰ দুখীয়া আৰু অৱহেলিত লোকসকলে ইয়াত শিক্ষাৰ বিশেষ সুবিধা লাভ কৰিব পাৰে। শিক্ষাত সমতা আৰু সামাজিক ন্যায় স্থাপনৰ নীতি ইয়াত কাৰ্যকৰী কৰি তুলিবলৈ বিচৰা হয়। শিক্ষাৰ গণতান্ত্ৰিক নীতি আৰু আদৰ্শ ইয়াত কাৰ্যকৰী কৰি তোলা হয়। ইয়াত জন-সংযোগ মাধ্যমেৰে গৃহ-শিক্ষাৰো ব্যৱস্থা কৰা হয়। অধ্যয়নৰ বিষয়-সূচী, সময়-সূচী আৰু পৰীক্ষা ব্যৱস্থাও সুবিধা মতে প্ৰস্তুত কৰা হয়। পৰীক্ষা ব্যৱস্থাত বস্তুনিষ্ঠ পদ্ধতিয়ে প্ৰাধান্য লাভ কৰে। ভাৰতৰ জাতীয় শিক্ষা আৰু গৱেষণা সংস্থাই (NCERT) এই মুক্ত-স্কুল শিক্ষা ব্যৱস্থা অনুমোদন কৰে। আত্ম-ক্ৰিয়াৰ যোগে আত্ম-শিক্ষা নীতি ইয়াত গ্ৰহণ কৰা হয়। সাধাৰণ স্কুল আৰু মুক্ত-স্কুল শিক্ষাৰ প্ৰভেদ এই দুইবিধ শিক্ষা ব্যৱস্থাত থকা প্ৰভেদসমূহ তলত উল্লেখ কৰা হৈছে। সাধাৰণ স্কুল মুক্ত-স্কুল (১) শিক্ষা সম্পূৰ্ণৰূপে গণতান্ত্ৰিক নহয়। (১)শিক্ষা সম্পূৰ্ণৰূপে গণতান্ত্ৰিক আদৰ্শনিষ্ঠ। (২) ইয়াৰ শিক্ষাদানৰসময়সীমা, স্থান, শিক্ষণ-পদ্ধতি, অনুশাসন আৰু মূল্যায়ন ব্যৱস্থা পূৰ্ব নিৰ্ধাৰিত। (২) ইয়াৰ সময়সীমা, স্থান, শিক্ষণ-পদ্ধতি, অনুশাসন আৰু মূল্যায়ন ব্যৱস্থা আদি শিথিলতাপূৰ্ণ। (৩) শিক্ষকে ইয়াত মূখ্য ভূমিকা গ্ৰহণ কৰে। (৩) ইয়াত শিক্ষকৰ ভূমিকা হৈছে গৌণ আৰু পৰোক্ষ বিধৰ। (৪) শিক্ষকৰ অনুশাসনৰ ব্যৱস্থা হৈছে নিয়ন্ত্ৰিত। (৪) ইয়াত অনুশাসন ব্যৱস্থা হৈছে শিথিলতাপূৰ্ণ। (৫) এইবিধ শিক্ষা হয় ব্যয়বহুল। (৫) এইবিধ শিক্ষা হয় মিতব্যয়ী। (৬) এই শিক্ষাই ছাত্ৰক উচ্চ শিক্ষাৰ বাবে প্ৰস্তুত কৰে। (৬) এই শিক্ষাই জীৱনৰ বহল কৰ্মক্ষেত্ৰৰ বাবে প্ৰস্তুত কৰে। (৭) ইয়াৰ শিক্ষা ব্যৱস্থা হৈছে প্ৰতিযোগিতামূলক। (৭) ইয়াৰ শিক্ষা ব্যৱস্থা হৈছে সহযোগিতামূলক। (৮) বুদ্ধিজীৱী লোকসকল ইয়াৰ পৰা উপকৃত হয়। (৮) পিছপৰা লোকসকল ইয়াৰ পৰা উপকৃত হয়। (৯) অধ্যয়নৰ বিষয় হৈ উঠে বাধ্যতামূলক। (৯) অধ্যয়নৰ বিষয় হয় জীৱনৰ প্ৰয়োজনমুখী। (১০) ইয়াৰ শিক্ষা হয় চিন্তামূলক, তত্ত্বমূলক আৰু নতুনৰ উদ্ভাৱনমূলক। (১০) ইয়াৰ শিক্ষা হয় ব্যৱহাৰিক, বাস্তৱমুখী আৰু প্ৰয়োজনভিত্তিক। মুক্ত-বিশ্ববিদ্যালয় ইয়াৰ স্বৰূপ: মুক্ত-বিশ্ববিদ্যালয়ৰ ধাৰণা সম্বন্ধে ইয়াৰ মৌলিক বিবেচনাযোগ্য কথাকেইটা নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি: আজিৰ শিক্ষা বুদ্ধিজীৱী লোকসকলৰ বাবে এক বিলাসিতা মাথোন নহয়, সৰ্বসাধাৰণ লোকৰ ব্যৱহাৰিক জীৱনৰ বাবেও প্ৰয়োজন পূৰনমুখী হৈ উঠিব লাগে। আজিৰ শিক্ষা ব্যক্তিগত আৰু সামাজিক জীৱনত দেখা দিয়া সমস্যাবোৰ সমাধানমুখী কৰি তুলিব লাগে। তাৰ বাবে আজিৰ জ্ঞান-অভিজ্ঞতাবোৰ বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞান ভিত্তিক হৈ উঠিব লাগে, যাক সাধাৰণ আনুষ্ঠানিক বিশ্ববিদ্যালয়বোৰে পূৰণ কৰি তুলিব নোৱাৰে। সৰ্বসাধাৰণ লোকৰ এনে শিক্ষাৰ প্ৰয়োজন বিশ্ববিদ্যালয়ৰ মুক্ত-শিক্ষা ব্যৱস্থাই পূৰণ কৰিব লাগে। আনুষ্ঠানিক বিশ্ববিদ্যালয়ৰ ব্যয়বহুল উচ্চ শিক্ষা গ্ৰহণ কৰাটো সকলো লোকৰ বাবে সম্ভৱপৰ হৈ উঠিব নোৱাৰে। সমাজৰ সৰ্বসাধাৰণ লোকেও বিজ্ঞান-প্ৰযুক্তিৰ প্ৰয়োগেৰে তেওঁলোকৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰি তুলিবলৈ বিচাৰে। সেইবাবে মুক্ত-বিশ্ববিদ্যালয়ৰ যোগে তেওঁলোকৰ শিক্ষাত নমনীয়তাৰ নীতি গ্ৰহণ কৰি উঠিব লাগে। বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণতো গণতান্ত্ৰিক নীতি আৰু আদৰ্শ গ্ৰহণ কৰি উঠিব পাৰি এই দূৰ-শিক্ষা ব্যৱস্থাৰ যোগেদি। এই শিক্ষাৰ উদ্দেশ্য মুক্ত-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ লক্ষ্য-উদ্দেশ্যবোৰ নিম্নলিখিতভাৱে চিনাক্ত কৰিব পাৰি। বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষাই সৰ্বসাধাৰণ লোকৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনবোৰো পূৰণ কৰি তুলিব লাগে। এই শিক্ষাই আজিৰ মানুহক বিজ্ঞান-প্ৰযুক্তিমুখী সমাজত সুস্থ সমাযোজনত সহায় কৰিব লাগে। এই শিক্ষাই সৰ্বসাধাৰণ লোকৰো জীৱনৰ মানদণ্ড উন্নত কৰি তুলিব লাগে। উচ্চ শিক্ষাক শিক্ষকপ্ৰধান কৰি তোলাৰ পৰিৱৰ্তে শিক্ষাৰ্থীপ্ৰধান কৰি তুলিব লাগে। আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত থকা সীমাবদ্ধতা গুচাই তুলিব লাগে। শিক্ষা আহৰণ স্বৰূপাৰ্থত প্ৰতিযোগিতামূলক কৰি তোলাৰ পৰিৱৰ্তে সহযোগিতামূলক কৰি তুলিব লাগে। উচ্চ শিক্ষাও সৰ্বসাধাৰণ লোকৰ প্ৰয়োজনভিত্তিক আৰু উপযোগিতামূলক কৰি তুলিব লাগে। উচ্চ শিক্ষাও সৰ্বসাধাৰণ লোকৰ আয়ত্তাধীন কৰি তুলিব লাগে। যিসকল লোকে বাধ্যত পৰি সাধাৰণ শিক্ষা ত্যাগ কৰি বৃত্তিমুখী হ’ব লগা হয়, তেওঁলোকক পুনৰ উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা দিব লাগে। আজিৰ মানুহক আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ লগত পৰিচয় কৰি দিব লাগে। শিক্ষাক মানুহৰ জীৱনব্যাপী প্ৰক্ৰিয়াস্বৰূপ কৰি তুলিব লাগে। মুক্ত-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বৈশিষ্ট্যসমূহ এইবিধ শিক্ষা ব্যৱস্থাৰ কেতবোৰ চাৰিত্ৰিক বৈশিষ্ট্য নিম্নলিখিতভাৱে চিনাক্ত কৰিব পাৰি। এই শিক্ষা শ্ৰেণীকক্ষৰ গতানুগতিক শিক্ষা নহয়, ই এক গৃহ শিক্ষাহে মাথোন। যিসকল লোকৰ শিক্ষা গ্ৰহণৰ যোগ্যতা থাকে আৰু শিক্ষাৰ প্ৰতি আগ্ৰহী, তেনেলোকৰ বাবে এই শিক্ষা উপযুক্ত। শিক্ষা গ্ৰহণকাৰীয়ে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাটো বাধ্যতামূলক যদিও শ্ৰেণীত উপস্থিত থকাটো বাধ্যতামূলক নহয়। শিক্ষা গ্ৰহণকাৰীৰ প্ৰয়োজন আৰু আগ্ৰহ অনুসৰি অধ্যয়নৰ বিষয়-সূচী নিৰ্ধাৰণ কৰা হয়। শিক্ষাদানৰ পদ্ধতি হৈছে আহিলাপ্ৰধান, মৌখিক বিধৰ নহয়। প্ৰয়োজনসাপেক্হ্ভাৱেহে শিক্ষকে শিক্ষাৰ্থীক মৌখিক নিদেৰ্শনা দিব লাগে। শিক্ষা গ্ৰহণকাৰীৰ প্ৰয়োজনসাপেক্ষে শিক্ষা আৰু পৰীক্ষা স্থগিত ৰাখিব পাৰি। শিক্ষা গ্ৰহণকাৰীৰ শিক্ষা-অগ্ৰগতি আৰু সুবিধা অনুসৰিহে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। ডাক সংযোগ ব্যৱস্থাৰেও শিক্ষক-শিক্ষাৰ্থীৰ মাজত যোগাযোগ স্থাপন কৰা হয়। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পূৰ্ব-প্ৰস্তুত কৰি ৰখা প্ৰশ্নাৱলী পৰীক্ষা গ্ৰহণৰ বাবে প্ৰয়োগ কৰা হয়। প্ৰয়োজনীয় ডিগ্ৰী আৰু শিক্ষা অৰ্হতাৰ অভাৱ হোৱা লোককো এই শিক্ষাৰ পৰা বঞ্চিত কৰা নহয়। মুক্ত-বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পটভূমি আজিৰ মানুহৰ মনত সৃষ্টি হোৱা বিজ্ঞানে প্ৰযুক্তিমূলক জ্ঞান-অভিজ্ঞতাৰ প্ৰয়োজন আৰু তাৰ যোগে উন্নত জীৱন-যাপনৰ আশা-আকাংক্ষা মুক্ত-বিশ্ববিদ্যালয় গঢ়ি উঠাৰ মূল উৎস বুলিব পাৰি। ব্ৰিটিছ প্ৰধানমন্ত্ৰী হেৰলড্ উইলছনে এইবিধ বিশ্ববিদ্যালয়ৰ প্ৰাসংগিকতা প্ৰথমেই অনুভৱ কৰি ইয়াৰ স্থাপনৰ কথা ১৯৬৩ চনত প্ৰকাশ কৰে। সেই অনুসৰি সেই দেশত জিনী লী নামৰ এজন ব্যক্তিক ইয়াৰ কাৰ্যকৰী ৰূপদান কৰিবৰ বাবে দায়িত্ব প্ৰদান কৰে। ইয়াৰ ফলত সেই দেশত মুক্ত-বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজকীয় চনদ প্ৰস্তুত কৰি ১৯৭১ চনত বিশ্ববিদ্যালয় স্থাপন কৰি তোলা হয়। ইংলেণ্ডত এই মুক্ত বিশ্ববিদ্যালয় স্থাপনে অতি শীঘ্ৰে সমগ্ৰ বিশ্বত অ-গতানুগতিক ৰূপত জ্ঞান আহৰণৰ সম্ভাৱনীয়তা সম্বন্ধে এক নতুন শিহৰণ আৰু প্ৰেৰণা জগাই তোলে। ভাৰততো ইয়াৰ অনুৰূপ প্ৰভাৱ পৰে। কেন্দ্ৰীয় চৰকাৰে পলম নকৰি ১৯৭০ চনতেই এইবিধ বিশ্ববিদ্যালয় স্থাপনৰ সম্ভাৱনীয়তা সম্বন্ধে পৰীক্ষা কৰি চাবৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নেতৃত্বত এখন কমিটি গঠন কৰে, যাক পাৰ্থসাৰথি কমিটি বুলি জনা যায়। এই কমিটিয়ে দেশত মুক্ত-বিশ্ববিদ্যালয় স্থাপনৰ সপক্ষে শক্তিশালী পৰামৰ্শ দিয়ে। ইতিপূৰ্বে ভাৰতৰ অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্যিকভাৱে খৰখেদাকৈ লোৱা উদ্যোগৰ ফলস্বৰূপে সেই ৰাজ্যত ১৯৮২ চনত ভাৰতৰ প্ৰথমখন মুক্ত-বিশ্ববিদ্যালয় স্থাপন কৰি তোলে। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ১৯৮৫ চনত দিল্লীত ইন্দিৰা গান্ধী জাতীয় মুক্ত-বিশ্ববিদ্যালয় স্থাপন কৰি তোলা হয়। ইয়াৰ পৰৱৰ্তী কালত ক’টা মুক্ত-বিশ্ববিদ্যালয়(১৯৮৭), নালন্দা মুক্ত-বিশ্ববিদ্যালয়(১৯৮৯), যশৱন্ত ৰাও মুক্ত-বিশ্ববিদ্যালয়(১৯৮৯) আৰু গুজৰাটত ৰাজা ভোজ মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰি তোলা হয়। অসমত মুক্ত-বিশ্ববিদ্যালয় পলমকৈ হ’লেও অসমত ২০০৫ চনৰ ২৯ ছেপ্তেম্বৰত অসম চৰকাৰে বিশ্ববিখ্যাত সংস্কৃত পণ্ডিত স্বনামধন্য কৃষ্ণকান্ত সন্দিকৈদেৱৰ নামেৰে ‘কৃষ্ণকান্ত সন্দিকৈ মুক্ত-বিশ্ববিদ্যালয়’ আইন গ্ৰহন কৰি ৰাজ্যিকভাৱে ২০০৬ চনৰ ১১ ডিচেম্বৰৰ পৰা ইয়াৰ কাম আৰম্ভ কৰে। ইয়াৰ বাবে প্ৰফেছাৰ শ্ৰীনাথ বৰুৱাক উপাচাৰ্য স্বৰূপে নিযুক্তি দিয়ে। নৱ নিযুক্ত কৰ্তৃপক্ষক এই বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম প্ৰস্তুতি, পৰীক্ষা গ্ৰহণ আৰু উপাধি-যোগ্যতা আদিৰ মানপত্ৰ প্ৰদানৰ দায়িত্ব প্ৰদান কৰা হয়। স্নাতকোত্তৰ আৰু গৱেষণা পৰ্যায়ৰো শিক্ষাৰ কৰ্তৃত্ব প্ৰদান কৰা হয়। ‘বাধা-নিষেধ অতিক্ৰমি শিক্ষা’ এই বিশ্ববিদ্যালয়খনৰ মূলমন্ত্ৰ স্বৰূপে গ্ৰহন কৰা হয়। এই বাধা-নিষেধবোৰ হৈছে শিক্ষাৰ্থীৰ বয়স, শৈক্ষিক পটভূমি আৰু ভৌগোলিক সীমাৰেখা আদি। এই মুক্ত বিশ্ববিদ্যালয়খনৰ ঘোষিত লক্ষ্য-উদ্দেশ্যবোৰ হৈছে: ভিতৰুৱা অঞ্চলত বসবাস কৰা লোক, কৰ্মৰত লোক আৰু গৃহিণীসকলকে ধৰি সকলো লোকৰ বাবে শিক্ষাৰ পথ মুকলি কৰা। বিভিন্ন কাৰণত উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা নোপোৱা সকলক শিক্ষাৰ সুবিধা দান কৰা। আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰকস্বৰূপে অ-গতানুগতিক শিক্ষাৰ সুবিধা দান কৰা। কলা আৰু হস্তশিল্পত প্ৰতিভাশালীসকলৰ প্ৰতিভা বিকাশৰ সুবিধা দিয়া। শিক্ষাৰ্থীসকলক নিদেৰ্শনা আৰু পৰামৰ্শ দিয়া। এই মুক্ত-বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে আগবঢ়োৱা কাৰ্যসূচীবোৰ তলত উল্লেখ কৰা হৈছে- মানৱীয়তা, সমাজ-বিজ্ঞান আৰু বৃত্তিমূলক অধ্যয়নৰ বিষয়ত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা। কম্পিউটাৰৰ প্ৰায়োগিক দিশত স্নাতক ডিগ্ৰী প্ৰদান কৰা। জন-সংযোগ বিষয়ত স্নাতক ডিগ্ৰী প্ৰদান কৰা। ব্যৱসায় প্ৰশাসনত স্নাতক ডিগ্ৰী প্ৰদান কৰা। বাণিজ্য বিষয়ত স্নাতক ডিগ্ৰী প্ৰদান কৰা। কলা বিষয়ত স্নাতক ডিগ্ৰী প্ৰদান কৰা। এনেবোৰ বিষয়ৰ উপৰিও আন আন বৃত্তিমূলক বিষয়ৰ ওপৰত কৰা অধ্যয়নৰ বাবে ডিপ্লোমা আৰু যোগ্যতাৰ মানপত্ৰ প্ৰদান কৰা। অগ্ৰগতিৰ খতিয়ানত কৃষ্ণকান্ত সন্দিকৈ মুক্ত-বিশ্ববিদ্যালয়ৰ কাৰ্যব্যৱস্থাই দুবছৰ সময়ৰ ভিতৰতে(২০০৭-২০০৯চন) লাভ কৰা সঁহাৰি আৰু ইয়াৰ সাফল্যও বিশেষ উৎসাহজনক বুলিব পাৰি। ২০০৮ চনৰ জানুৱাৰী মাহত কৰা নামভৰ্তিৰ সংখ্যা আছিল ৪২০০। এই সংখ্যা ২০০৯ চনৰ শেষলৈ হৈ উঠে ২৪,০০০ জন। সেইদৰে অধ্যয়ন কেন্দ্ৰৰ সংখ্যাও ৭৯ টাৰ পৰা আৰম্ভ কৰি দুবছৰৰ ভিতৰত ১৯৫ টালৈ বৃদ্ধি পায়। ইয়াৰ উপৰি প্ৰাপ্ত তথ্য মতে বিশ্ববিদ্যালয়খনে ২৫০ টাতকৈও অধিক আত্মনিৰ্মিত অধ্যয়নৰ উপাদান অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হয়। মুক্ত-বিশ্ববিদ্যালয় আৰু মুক্ত-স্কুল শিক্ষা ব্যৱস্থাৰ এটি সমীক্ষা মুক্ত শিক্ষা ব্যৱস্থাই দেশৰ সাধাৰণ শিক্ষা বা গতানুগতিক শিক্ষা ব্যৱস্থাত কেনে প্ৰভাৱ পেলাইছে, তাৰ এক বাস্তৱ আৰু বস্তুনিষ্ঠ সমীক্ষা কৰাৰ সময় অহই পৰিছে। এই সম্বন্ধে সূক্ষ্মভাৱে আলোচনা-বিলোচনা কৰাৰ থল আছে আৰু আজিৰ শিক্ষাৰ দৃষ্টিকোণৰ পৰাও ইয়াৰ প্ৰয়োজন আছে। মুক্ত শিক্ষা হৈছে অ-গতানুগতিক, প্ৰয়োজনভিত্তিক, ব্যক্তিকেন্দ্ৰিক আৰু সাধাৰণ শিক্ষাৰ এক পৰিপূৰক ব্যৱস্থা মাথোন। ইয়াৰ মূল্যবোধ সাধাৰণ পৰম্পৰাগত শিক্ষাৰ মূল্যবোধতকৈ পৃথক। এই শিক্ষা ব্যৱস্থাত থকা শিথিলতাৰ নীতি, মনোভাৱ আৰু আচৰণে আনুষ্ঠানিক শিক্ষাৰ ছাত্ৰ-শিক্ষক আৰু শিক্ষা প্ৰশাসক-পৰিচালকসকলৰ ভাৱ-অনুভূতি আৰু আচৰণত এক প্ৰতিকূল আৰু বিৰূপ প্ৰভাৱ পেলোৱা যেন অনুভৱ হয়। আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন হোৱা শিক্ষাৰ পৰম্পৰাগত অনুশাসন, একাগ্ৰতা, তৎপৰতা, আত্ম-উৎসৰ্গিকৰণ আদি অৱস্থাৰ ভাৱ মুক্ত শিক্ষাই শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মনত বিঘ্নিত কৰি তোলাৰ আশংকা নুই কৰিব নোৱাৰি। এই সম্বন্ধে বিশেষজ্ঞসকলৰ বাস্তৱ আৰু তথ্যভিত্তিক দৃষ্টিৰে সমীক্ষা বা পুনৰীক্ষণ কৰি চোৱাৰো বিশেষ প্ৰয়োজন আছে বুলি ক’ব পাৰি। লেখক: যতীন বৰুৱা, উচ্চতৰ মাধ্যমিক শিক্ষা