জতুৱা ঠাঁচ আৰু খণ্ডবাক্য জতুৱা ঠাঁচ হ'ল ভাষাৰ অলংকাৰ। জতুৱা ঠাঁচৰ প্ৰয়োগে কথনভংগী আৰু লেখনশৈলী দুয়োটাকে এক সুকীয়া মাত্ৰা প্ৰদান কৰে। সকলো ভাষাতে কিছুমান বিশিষ্ট শব্দৰ লগত কিছুমান বিশেষ শব্দ তাৰ অভিধানিক অৰ্থতকৈ পৃথক ৰূপত ব্যৱহাৰ কৰা হয়। অন্য শব্দৰ সহযোগত শব্দৰ প্ৰচলিত অৰ্থতকৈ আন বিশেষ অৰ্থ প্ৰকাশ কৰা এনেধৰণৰ নিয়ম বা ৰীতিক জতুৱা ঠাঁচ (idioms)বুলি কোৱা হয়। (an expression whose meaning is different from the meanings of the individual words in it, Oxford Dictionary). জতুৱা ঠাঁচে ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে। অসমীয়া ভাষা জতুৱা ঠাঁচ সমৃদ্ধ। এটা ভাষাৰ জতুৱা কথনভংগী শিকিবলৈ হলে জতুৱা ঠাঁচৰ প্ৰয়াগ জনাটো প্ৰয়োজনীয়। ভাষাৰ জতুৱা প্ৰয়োগ শুদ্ধভাৱে নহ'লে ভাষাই নিজৰ কালিমা হেৰুৱাই। কোনটো শব্দৰ লগত কোনটো শব্দ প্ৰয়োগ কৰিলে ভাষাৰ নিজা সৌন্দৰ্য ৰক্ষিত হ'ব সেই কথাটো ভাষাৰ শিকাৰুসকলে জনাটো বাঞ্চনীয়। অন্যথা ভাষাই বিকৃতৰূপ গ্ৰহণ কৰিব। অসমীয়া ভাষাৰ কিছুমান জতুৱা ঠাঁচ তলত উল্লেখ কৰা হৈছে- বিশেষ্যৰ লগত জতুৱা ঠাঁচৰ ক্ৰিয়া: উবুৰি খা কণী পাৰে ওহাৰ পাতে আঞ্জা বাঢ়ে ওহাৰ নামে আঠুৱা তৰে জাল দিয়া খং উঠে জমক উঠে চাহ বাকে ঘুমটি মাৰে গৰু মেলে ডাব মেলে কণী ফুটাই কঠীয়া পাৰে গৰু চৰে গছত বগাই ভাত ৰান্ধে গাখীৰ খিৰাই পোৱালী জগে হাল বায় বৰষুণ পৰে সাঁজ লাগে সেৱা লয় জতুৱা খণ্ডবাক্যৰ অৰ্থ আৰু ব্যৱহাৰ: এটা শব্দক আধাৰ শব্দ হিচাপে লৈ বেলেগ অৰ্থ প্ৰকাশক কেইবাটাও খণ্ডবাক্যৰ সৃষ্টি হ'ব পাৰে। ১. আধাৰ শব্দ- ঘৰ ঘৰ ল (গৃহস্থৰ ঘৰ নেৰা): পাৰ চৰাই হাল কালি আনিছিলেহে, আজি ঘৰ ল'লেই। ঘৰ পাত (বিয়া কৰোৱাই দিয়া): বাপুৰ চাকৰি হ'ল যেতিয়া ঘৰখন পাতি দিব লাগে। ঘৰ ভাঙ (পৰিয়ালৰ মাজত কাজিয়া লাগি বেলেগ হৈ থকা): নতুন বোৱাৰীজনী আহি সিঁহতৰ ঘৰখন ভাঙিলেহি। ঘৰ গোনা (ঘৰৰ ভিতৰত দমদমাই থকা): ঘৰ গোনা হৈ থাকি সমাজত একো কৰিব নোৱাৰে। ঘৰ জোঁৱাই (চপনীয়া): একমাত্ৰ ছোৱালীজনী বিয়া কৰাই ৰাজুৰ ঘৰ জোঁৱাই হৈ থাকিবৰ ইচ্ছা নাই। ঘৰ লোৱা (নতুন গৃহত গৃহ প্ৰৱেশ): আমাৰ ঘৰ লোৱা ভাগ বুধবাৰলৈ পাতিছোঁ। ২. আধাৰ শব্দ- কপাল কপাল ফুলা (সৌভাগ্য হোৱা): কমলাৰ পুতেকৰ কপাল ফুলিল, বেংকত চাকৰি পাইছে। কপাল ফুটা (দুৰ্ভাগ্য): খেতিৰ দিনৰ ৰমেনৰ গৰুহাল মৰিল যেতিয়া তাৰ কপাল ফুটিল। কপাল খা (অশান্তি দিয়া): মদ-ভাং এসোপা খাই সি মোৰ কপাল খাইছে। কপাল মুকলি হোৱা (সুবিধা পোৱা): ৰমেনৰ জীয়েকৰ দৰা ওলাইছে, কপাল মুকলি হ'ল। কপালৰ ঘাম মাটিত পেলাই (অধিক পৰিশ্ৰম কৰা): কপালৰ ঘাম মাটিত পেলায়ো খেতিয়কে উচিত মূল্য পোৱা নাই। কপাল ধোৱা (আশা ত্যাগ কৰা): পঢ়াশুনা নকৰি ঘৰতে বহি থাকিলে চাকৰিৰ বাবে কপাল ধোৱাই ভাল। ৩. আধাৰ শব্দ- গা গা ধৰা (শকত হোৱা): বিয়াৰ পিছত তাইৰ গা ধৰিছে। গা কৰা (গঢ় দিয়া): দেউতাকৰ মৃত্যুৰ পিছত ধানবান হোৱা ঘৰখন পুনৰ গা কৰি উঠিছে। গা এৰা দিয়া (আওকান কৰা): সকলো কামতে গা এৰা দিয়া উচিত নহয়। গাই বাই চা (যত্ন কৰি চোৱা): তাক গাই বাই চাই লাভ নাই, সি আৰু ভাল সংগ নলয়। গাত ল (দ্বায়িত্ব লোৱা): তই মই কোৱা কামটো গাত লবি দেই। গা- ঘেলা (কাম-বন নকৰি ঘূৰি ফুৰা): ঘৰৰ কাম এৰি গা-ঘেলাই ফুৰি নুফুৰিবি। গা পাতি লোৱা (লোকৰ দায়িত্ব গ্ৰহণ কৰা): দোষটো অৰুণে গাত পাতি ল'লে। গা জুৰ পৰা (গা শাঁত পৰা): শীতল বতাহজাকত গা জুৰ পৰি গৈছে। গা-গধুৰ (এলেহুৱা): শকত মানুহৰ গা-গধুৰ হয়। গা নচুৱাই ফুৰা (ধেমালি কৰা): পঢ়াশুনা নকৰি গা নচুৱাই ফুৰিলে পৰীক্ষাত ভাল ফল নাপাই গাত হৈছে (গৰ্ভৱতী): ৰেণুৰ মাকৰ আকৌ গাত হৈছে। ৪. আধাৰ শব্দ-কঁকাল কঁকাল পৰা (বুঢ়া হোৱা): দেউতাৰ কঁকাল পৰিল, ঘৰৰ সকলো কাম কৰিব নোৱাৰা হ'ল। কঁকাল বান্ধ (সাজু হোৱা): বাৰিষাৰ দিনবোৰ আহিল, নৈপৰীয়া লোকৰ কঁকাল বান্ধিবৰ হ'ল। কঁকালত টঙালি বান্ধ (সাজু হৈ ওলাই অহা): গাঁওৰ ডেকাসকলে বিহু মাৰিবলৈ কঁকালত টঙালি বান্ধিলেই। ৫. আধাৰ শব্দ- কপাল কপাল খা (সুবিধা এৰি দিয়া, দুৰ্ভাগ্য উপস্থিত হোৱা): ডুবাইলৈ যোৱাৰ সকলো যা-যোগাৰ হৈছিলেই, লকডাউনেই কপাল খালে। কপাল ধোৱা (আশা ত্যাগ কৰা): বয়স বাঢ়ি গ'ল, কলেজৰ চাকৰীৰ বাবে কপাল ধোৱাই ভাল। কপাল ফুলা (সৌভাগ্য উপস্থিত হোৱা): নিযুক্তি হ'ল যেতিয়া তোমাৰ কপাল ফুলিল। কপাল ফুটা/ফুটা কপাল (দুৰ্ভাগ্য হোৱা): আমি দুখীয়া মানুহ আমাৰ কপাল ফুটা। কপালৰ ঘাম মাটিত পেলাই (কঠোৰ পৰিশ্ৰম কৰা): খেতিয়কসকলে কপালৰ ঘাম মাটিত পেলায়ো ধানৰ উচিত মূল্য নাপালে। ৬. আধাৰ শব্দ- কাণ কাণ কৰ (মনোযোগ দিয়া): কেচুৱাটো শুই আছে আপুনি সেইফালে কাণ কৰিব। কাণ কটা (নিলাজ): কাণ কটা চোৰক জেলত ভৰাই একো লাভ নাই। কাণ পাত (শুনিবলৈ সাজু হোৱা): শিক্ষকে কি কৈ আছে তাত কাণ পাত। কাণ চোৱাই থোৱা (আগ জাননী দি থোৱা): মীৰাক চাবলৈ দৰা আহিব বুলি তাইক কাণ চোৱাই থবা। কাণত ধৰি ক (শপত খোৱা): তই চুৰ কৰা নাই বুলি কাণত ধৰি ক। কাণ তাল মৰা (তীব্ৰ শব্দই কাণত খুন্দা মৰা): ৰেলৰ উকিত কাণ তাল মাৰি গ'ল। কাণ সৰালি মাৰ (নুশুনাৰ ভাও যোৰা): হৰিক মাতিলো কিন্তু সি কাণ সৰালি মাৰি গুচি গ'ল। কাণ সমনীয়া (একে বয়সৰ): লাতু আৰু কাকু দয়োটা কাণ সমনীয়া। কাণ বাগৰা (লোকৰ মুখে শুনা): কাণ বাগৰা কথাত মনোযোগ নিদিবা। ৭. আধাৰ শব্দ- আঁঠু আঁঠু ল (মাটিত আঁঠু দুটা লগাই সেৱা কৰা): ৰাইজৰ আগত আঁঠু ল, তেওঁলোকে আৰ্শীবাদ দিব। আঁঠু কাঢ় (আঁঠুৰে বুল, একপ্ৰকাৰ শাস্তি): দোষ কৰি আঁঠু কাঢ়ি শপত খোৱা। ৮. আধাৰ শব্দ- মুখ মুখলৈ চা (আদৰ কৰা): ঘাট-মাউৰা লৰাটোৰ মুখলৈ চাবা দেই। মুখ চোকা (বেছি মুখ চলোৱা): ইমান মুখ চোকা তিৰোতা ভাল নহয়। মুখ পাত (আনৰ মৌখিক কাজিয়াত যোগ দিয়া): মই নীবিড়ৰ কথা উলিয়াওতে তাৰ মাহীয়েকে মুখ পাতি ধৰিছে। মুখত দিয়া (চাকি চোৱা): মাংসৰ তৰকাৰিত নিমখ হৈছেনে নাই অকনমান মুখত দি চাবা। মুখৰ ছাই গুচা ( মৃতকৰ শ্ৰদ্ধাদি কৰি শুচি হোৱা): আইতাৰ মুখৰ ছাই গুচাই কালি আজৰি হৈছোঁ। মুখ মেলি থাক (লোকলৈ আশা পালি থকা): সি কামটো কৰি দিব বুলি মুখ মেলি বহি থাকিলে জানো হ'ব? মুখৰ ভাত কাঢ়ি খা (আনৰ সুবিধা কাঢ়ি লোৱা): দুখীয়াৰ মুখৰ ভাত কাঢ়ি খোৱাতো মহাপাপ। মুখেৰে সাত হাল বা (কথা বঢ়াই কোৱা): ৰাতি হ'লে মুখেৰে সাত হাল বায় কিন্তু দিনত হ'লে একো কাম নকৰে। মুখত সোপা দিয়া (নিমাত হোৱা): তোমালোকে ক্লাছত মুখত সোপা দি বহি নাথাকি কথাবতৰা ক'বা। মুখ উজ্জ্বল কৰা (নাম উজ্জলোৱা): তই ভালদৰে পঢ়াশুনা কৰি বংশৰ নাম উজ্জ্বলাবি। মুখ লগা (নজৰ লগা): কালিৰ পৰা বাবাৰ পেট চলিছে, কাৰোবাৰ মুখ লাগিছে নেকি? ৯. আধাৰ শব্দ- হাত হাত লৰ (চোৰ স্বভাৱৰ): হাত লৰ স্বভাৱৰ লোকক বিশ্বাস কৰিব নোৱাৰি। হাত উজান দিয়া (কামত সহায় কৰা): ৰাইজে হাত উজান দিলে কঠিন কামো অতি সহজে সমাধা হয়। হাত এৰা (দ্বায়িত্ব এৰি দিয়া): ইমান চিকিৎসা কৰাৰ পিছতো সুস্থ নহ'ল বাবে এতিয়া হাত এৰি দিছো। হাত দে (কামত লগা): ঘৰৰ কামত অহা মাহৰ পৰা হাত দিব লাগিব। হাত দীঘল (ক্ষমতাশালী লোক): হাত দীঘল লোকৰ লগত থাকি চাকৰি এটা যোগাৰ কৰিব লাগিব। হাত যোৰ কৰা (প্ৰাৰ্থনা কৰা): তোমাক মই হাত যোৰ কৰিছোঁ, ক্ষমা কৰি দিয়া। হাত সাবটি থকা (কাম-বন নকৰি এনেই থকা): এনেকৈ হাত সাৱটি বহি থাকিলে জোনো খেতি ভাল হ'ব। হাত ফুৰা (মৰম কৰা): কেচুৱা ল'ৰাটোক হাত ফুৰাই দিলেহে তাৰ টোপনি ধৰে। হাতত সাৰে ভৰিত সাৰে (মনেমনে): চোৰটো হাতত সাৰে ভৰিত সাৰে আহি ৰাতি লোহিতহঁতৰ ঘৰত সোমাল। হাতে-ভৰিয়ে ধৰা (কাবৌ কৰা): ছাৰ, আপোনাৰ হাতে ভৰিয়ে ধৰিছো মোক এৰি দিয়ক। হাতৰ মুঠিত ৰখা (নিজৰ আয়ত্বৰ ভিতৰত ৰখা): বৰমূৰীয়া লোকসকল ৰমেনৰ হাতৰ মুঠিত। হাট টান (কৃপন): হাট টান মানুহৰ বেংকত জমা ধন সৰহ। হাত বাগৰা (আগত আনে ব্যৱহাৰ কৰা): ইমানসোপা হাত বাগৰি অহাৰ পিছত আমটো এতিয়াও ভাল হৈ আছেনে? ১০. আধাৰ শব্দ- মন মন মৰা (দূখী হোৱা): মন মাৰি নাথাকিবা, সকলো ঠিক-ঠাক হৈ যাব। মন ডাঠ (স্থিৰ হোৱা): মন ডাঠ কৰি কাম কৰিবা। মন মেলা (আগ্ৰহী হোৱা): মোৰ দেউতাই গুৱাহাটীত মাটি কিনিবলৈ মন মেলিছে। মন পুতি লগা (মনোযোগেৰে কাম কৰা): তাই মেট্ৰিকত ভাল ৰিজাল্ট কৰিবই বৰ মন পুতি পঢ়াশুনাত ধৰিছে। মন বান্ধ (লোভ সম্বৰণ কৰা): জীৱনতো বহুত উপভোগ কৰিলা, এতিয়া মন বান্ধা। মনত পৰা (স্মৰণ কৰা): মালৈ বৰকৈ মনত পৰিছে। মনে সজা (কাল্পনিক): মনে সজা কাহিনীবোৰ নকবা। মন কৰ (ভালকৈ চোৱাচিতা কৰা): সৌ পাহাৰটোলৈ মন কৰ চোন, কি অপূৰ্ব সৌন্দৰ্য!