আপোনাৰ বিদ্যালয়ৰ বাবে শুদ্ধ কৌশল বাচনি কৰাটো শিক্ষা ব্যৱস্থাত আইচিটিৰ ব্যৱহাৰৰ এক গুৰুত্বপূৰ্ণ স্তৰ ৷ এই শাখাই কৌশলৰ ওপৰত সংবাদ আগবঢ়ায় যাক শিক্ষাত ব্যৱহাৰ কৰিব পাৰি আৰু শিক্ষা ব্যৱস্থাত আইচিটি ব্যৱহাৰৰ প্ৰত্যাহবান জনাব পাৰি ৷ আইচিটি কি? ইনফৰমেচন এণ্ড কমিউনিকেচন (আইচিটি) এই শব্দটো- য়ে কৌশলৰ প্ৰকাৰ যেনে, সঞ্চাৰণ, সঞ্চয়, উৎপন্ন, প্ৰদৰ্শন, ইলেকট্ৰনিক মাধ্যমৰ দ্বাৰা সংবাদ অংশীদাৰ অথবা স্থানান্তৰকৰণ আদি বুজায় ৷ আইচিটিৰ এই বহল সংজ্ঞাই ৰেডিঅ’, টেলিভিচন, ভিডিঅ’ , ডিভিডি, টেলিফোন (স্থায়ী আৰু ম’বাইল ফোন দুয়োটাই), চেটেলাইট চিষ্টেম, কম্পিউটাৰ আৰু নেটৱৰ্ক হাৰ্ডৱেৰ আৰু চফটৱেৰ আদি কাৰিকৰী কৌশল অন্তৰ্ভূক্ত কৰে আৰু ইয়াৰ লগে লগে এই কাৰিকৰী কৌশলসমূহৰ সৰঞ্জাম আৰু ইয়াৰ লগত যুক্ত সেৱাসমূহ যেনে, ভিডিঅ’ কনফাৰেন্সিং, ই-মেইল আৰু ব্লগ সমূহ উপলব্ধ হয় ৷ শিক্ষাৰ ক্ষেত্ৰত আইচিটিৰ ভূমিকা বহল অৰ্থত কবলৈ গ’লে, শিক্ষা নিৰ্ণায়ক, সংগঠক আৰু গৱেষক প্ৰত্যেক শিক্ষা ক্ষেত্ৰ আইচিটিৰ সু-প্ৰভাৱ সম্পৰ্কে একমত ৷ ই এতিয়াও বিতৰ্কিত বিষয় যে শিক্ষা ক্ষেত্ৰত আইচিটিৰ লক্ষ্য সম্পূৰ্ণ হোৱা প্ৰয়োজন ৷ উৎস: আইএনডিজি দল