অৱতৰণিকা : বেজবৰুৱা অসমীয়া চুটিগল্পৰ কেৱল জনকেই নহয়, তেওঁৰ প্ৰতিটো গল্পৰ বিষয়-বৈচিত্ৰ আৰু প্ৰকাশ ভংগীৰ আপোন মহিমা আছে। ভাষা হল সামাজিক অভিব্যক্তি। ভাষা বিকাশৰ অধ্যয়নে সমাজ বিকাশৰ নিৰ্দিষ্ট স্তৰলৈ নিৰ্দেশ কৰিব পাৰে। বেজবৰুৱাৰ গদ্যৰ ভাষাও উনবিংশ শতিকাৰ ভাষাৰ উৎকৃষ্ট নিদৰ্শন। তেওঁৰ গল্পৰ কথনভংগীৰ হাস্যোজ্জল ৰেঙনি এক আকৰ্ষণীয় বৈশিষ্ট্য। আধুনিক গদ্যশৈলীৰ উদ্ভৱত বেজবৰুৱাৰ অৱদান প্ৰচুৰ। এই ক্ষেত্ৰত ডক্টৰ বাণীকান্ত কাকতিৰ উদ্ধৃতি যথেষ্ট....."বেজবৰুৱা ডাঙৰীয়াৰ দ্বিতীয় ডাঙৰ দান তেওঁৰ ভাষা। জাতীয় ভাষা নহলেও জাতীয় সাহিত্যৰ পুষ্টি নহয়। বৰ্তমান অসমীয়া সাহিত্যত বেজবৰুৱাৰ ৰচনাৱলীত বাজে প্ৰকৃত সাহিত্যিক ৰচনাৰীতি (literary style) আন ঠাইত অতি বিৰল। নিভাঁজ অসমীয়া ঘৰুৱা শব্দ, কিন্তু উপযুক্ত ঠাইত উপযুক্ত ভাবৰ বাহনস্বৰূপে ব্যৱহাৰ কৰিলে তাৰ যে কি মধুৰ ঝংকাৰ, কি প্ৰকাশিকা শক্তি, কি ধ্বনি, তাৰ উদাহৰণ বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি লৰা। অতি সাধাৰণ কথা এটিও বেজবৰুৱাৰ কথাৰ সাজ পিন্ধিলে মনোমোহা হৈ উঠে।......অসমত নিজক বাদ নিদিয়াকৈ সকলো উৎসাহী অসমীয়া লেখকক কব খোজো বেজবৰুৱাৰ ৰচনা পদ্ধতিৰ প্ৰতি সবিশেষ মন নিদিয়াকৈ অসমীয়া লেখিবলৈ যোৱাটো ভাষাৰ প্ৰতি অবিচাৰ কৰা।"[1] ভাষাৰ কিছুমান বিশেষ শক্তি থাকে, আৰু তাৰ সাহিত্যিক প্ৰয়োগতহে ভাষাই প্ৰাণ পায় উঠে। এজন লেখকে কিমান দক্ষতাৰে বিষয়বস্তু ৰসাল কৰি তুলিছে সেয়া লেখকজনৰ নিৰ্মাণ কৌশলত স্পষ্ট হৈ পৰে। ভাষিক সমলৰ ব্যৱহাৰ আৰু উপস্থাপন কৌশলে বেজবৰুৱাৰ চুটিগল্পৰ ভাষাক তীব্ৰ কৰি তুলিছে। আকৌ বহুকেইটা গল্প গাঁথনিৰ দিশৰ পৰা সফল নহয় আৰু কাহিনী নিৰ্মানৰ প্ৰতিও মনোযোগ দিয়া নাছিল। গল্প কোৱাতকৈ কোনো এটা মত প্ৰতিষ্ঠা কৰিবলৈহে তেওঁ বেছি তৎপৰ হোৱা যেন লাগে। ভদৰী গল্পটোত বৈষ্ণৱবাদ আৰু গান্ধীবাদৰ সপক্ষে তেওঁ যুক্তি দাঙি ধৰিছে। বেজবৰুৱাৰ গল্পসমূহ আধুনিক চুটিগল্পৰ কলা-কৌশলেৰে নিৰ্মিত নহয় যদিও তেওঁ অসমীয়া গল্প সাহিত্যক সাধু কথাৰ পৰা আঁতৰাই আনি আধুনিক চুটিগল্পৰ কাষ চপাই আনিলে। বেজবৰুৱাৰ গল্পত অভিনৱ কলা-কৌশল নাই। বেছিভাগ গল্পই পৰম্পৰাগত ৰীতিত লিখাৰ বাবে গল্পসমূহত কাহিনী প্ৰৱণতা গুণৰ বাবে সময়ৰ অনুক্ৰমত সজোৱা কিছুমান ঘটনাৰ বিৱৰণহে পাওঁ। দাৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনৰ আশা-আকাংক্ষা, হাঁহি-কান্দোন আদি লৈয়ে গল্পবোৰ ৰচিত হোৱাৰ বাবে বিষয়বস্তুৰ লগতে আঙ্গিকতো সীমাবদ্ধতা ফুটি উঠিছে। বেজবৰুৱাৰ গল্পৰ কেইটামান সাধাৰণ বৈশিষ্ট্য হ'ল- ১) প্ৰকৃতি দৰ্শন। কন্যা, নকওঁ, জালুকবাৰী, এৰাবাৰী, মুক্তি আদি গল্পত প্ৰকৃতিৰ সুন্দৰ প্ৰভাৱ পৰিলক্ষিত হয়। ২) হাস্যব্যঙ্গ আৰু কৌতুক সৃষ্টি। ৩) কাহিনী ব্যপকতাৰ বাবে বহু গল্প উপন্যাসধৰ্মী হৈ পৰিছে। ৪) নাৰীৰ প্ৰতি সহৃদয় আৰু শ্ৰদ্ধাশীল দৃষ্টিভংগী। ৫) বাস্তৱ সমাজৰ চিত্ৰন আৰু সমাজ সংস্কাৰৰ মনোভাৱ। বেজবৰুৱাৰ ভদৰী গল্পৰ ভাষা বাস্তৱৰ সমাজখনৰ পৰা বুটলি অনা সমলেই বেজবৰুৱাৰ সাহিত্যৰ কাহিনী নিৰ্মিত হৈছে। সেইবাবে তেওঁৰ গল্পৰ গদ্য সদা জীৱন্ত। কাহিনী বৰ্ণনাধৰ্মী যদিও আৰম্ভণিৰ পৰা শেষলৈকে একেডাল সূতাৰে তেওঁৰ গদ্যৰ ভাষা বন্ধা। তেওঁৰ গল্পত কাহিনী কথনৰ অভিনৱ কলা-কৌশল নাই। বেছিভাগ গল্পই পৰম্পৰাগত ৰীতিত লিখা। দাৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনৰ আশা-আকাংক্ষা, দুখ-দুৰ্দশা, হাঁহি-কান্দোন আদি লৈয়ে বেজবৰুৱাৰ গল্পবোৰ ৰচিত। ভদৰী বেজবৰুৱাৰ এটা উল্লেখযোগ্য গল্প। গল্পটোত গাৱৰ সহজ-সৰল কৃষক স্বামী-স্ত্ৰীৰ সাংসাৰিক জীৱনৰ খাম-খেয়ালীৰ এখন চিত্ৰ সুন্দৰভাৱে প্ৰতিফলিত হৈছে। গল্পটোৰ পৰিসৰ সীমিত। সীমিত পৰিসৰতে ঘটনাই নাটকৰ দৃশ্য পৰিৱৰ্তন হোৱাৰ দৰে অতি সঘনাই মোৰ সলাইছে। দুপৰীয়া ভাত দেৰি হোৱাৰ পৰা আৰম্ভ কৰি শিশুৰামক জেল হাজোতলৈ প্ৰেৰণ কৰালৈকে ইমানবিলাক সংঘাতপূৰ্ণ ঘটনা একেডাল ঐক্য সূতাৰে বান্ধি গল্পটোৰ বিষয়বস্তুৰ উপস্থাপন শিল্পসন্মত কৰি তুলিছে। গল্পটোৰ ভাষাই বৰ্ণাঢ্য ৰূপত প্ৰকাশ লাভ কৰিছে। ক'তো অকনো যতি নপৰাকৈ চৰিত্ৰৰ ভাব অনুসৰি ভাষাৰ ৰূপ সলনি হৈছে। শৈলী ভাষাবিজ্ঞানমতে ভাষা হল যিকোনো সাহিত্যৰ প্ৰাণ। সাহিত্যৰ সৌন্দৰ্য নিৰ্মিত হয় ভাষাৰ জৰিয়তে। বেজবৰুৱায়ো তেওঁৰ প্ৰায়বিলাক গল্পতে ভাষা প্ৰয়োগত এক বিশেষ কৌশল অৱলম্বন কৰা দেখা যায়। তেওঁৰ হাস্য ব্যঙ্গাত্মক গল্প সমূহত ভাষৰ যাদুকৰী প্ৰকাশ মন কৰিবলগীয়া। "হাস্যৰস সৃষ্টিত ভাষাৰ যাদুকৰী সাৱলীল শক্তিৰ দিশত বেজবৰুৱা কিন্তু অদ্বিতীয়।"[1] সাহিত্য যিহেতু মানৱ জীৱনৰ বৰ্হিঃপ্ৰকাশ সেয়েহে ইয়াক বাস্তৱসন্মত আৰু বিশ্বাসযোগ্য কৰি তুলিবলৈ উপযুক্ত ভাষিক সমলৰ প্ৰয়োজন। ভাষা প্ৰয়োগত প্ৰত্যেক লেখকৰ নিজস্ব দক্ষতা আৰু স্বকীয়তা প্ৰকাশ পায়। ভাষাৰ উপস্থাপন কৌশলে প্ৰত্যেক লেখকৰ মনৰ ভাৱনাক তীব্ৰ কৰি তোলে। বেজবৰুৱাৰ গল্পসমূহতো ভাষা প্ৰয়োগৰ কিছুমান বিশেষত্ব স্পষ্ট কৰি উলিয়াব পাৰি। স্থানীয় ভাষাৰ ব্যৱহাৰ আৰু পৰিৱেশ অনুসৰি চৰিত্ৰৰ মূখত দিয়া ভাষাই সাহিত্যক বাস্তৱধৰ্মীতা প্ৰদান কৰে। "সৃষ্টিশীল সাহিত্যত ভাষাৰ এনে ব্যৱহাৰ লেখকৰ শৈলী নিৰ্মাণৰ এক বিশেষ কৌশল।"[2] ভদৰী গল্পটোও শিশুৰামৰ মূখৰ এটি সংলাপেৰে আৰম্ভ হৈছে- 'ঐ অ' ! ভাত লৈ আহ ! শুনিছনে ? বোলো ভাত লৈ আহ !' (১৩১) লেখকৰ কৌশলী ভাষা প্ৰয়োগেৰে গল্পটোৰ আৰম্ভণিতেই শিশুৰামৰ উদ্ধত, খিংখিঙীয়া আৰু বৰমতা স্বভাৱৰ প্ৰকাশ ঘটিছে। একেদৰে ভদৰী চৰিত্ৰৰ মূখত এগৰাকী অশিক্ষিত আৰু পতিব্ৰতা নাৰীৰ মূখৰ ভাষা ব্যৱহাৰ কৰি চৰিত্ৰৰ উজ্বলতা বঢ়াই তুলিছে। কেৱল দুবেলা-দুমুঠি খাই জীয়াই থাকিবৰ বাবে অশেষ কষ্ট কৰিব লগা হোৱা আৰু সমাজৰ নিম্নস্তৰত বাস কৰা লোকসকল স্বভাৱত খিংখিঙীয়া আৰু কম চিন্তাশীল হয়। ভদৰী আৰু শিশুৰামৰ কথোপকথনৰ পৰা সমাজৰ সেই শ্ৰেণীটোৰ এখন বাস্তৱ আৰু নাটকীয় চিত্ৰ প্ৰকাশ পাইছে। এই নাটকীয়তাই গল্পটোত উৎকণ্ঠাৰ বৃদ্ধি কৰিছে। গল্পটোৰ কথোপকথনত ব্যৱহাৰ হোৱা ভাষাৰ কিছু ৰূপৰ উদাহৰণ- শিশুৰাম : অমুকৰ জীয়েক, এই বেলি তিনিপৰীয়ালৈকে ভাত হোৱা নাই কিয়? (১৩২) ভদৰী : মোৰ মূৰটোৰে ভাত ৰান্ধি দিম নেকি? খৰি এডাল বুলিবলৈ নাই। গেৰেহা কেঁচা খৰি ফুৱাওঁতে ফুৱৱাওঁতে হাৰাশাস্তি হৈছো। নুবুজা-নেমেলাকৈ দুপদুপাই উঠিলেই হল নেকি? (১৩২) বিশেষণ আৰু ধ্বন্যত্মক শব্দৰ প্ৰয়োগ গল্পটোত বিশেষণ আৰু ধ্বন্যত্মক শব্দৰ প্ৰয়োগ মন কৰিবলগীয়া। এনে শব্দৰ প্ৰয়োগে ভাষাক শ্ৰুতি মাধুৰ্য প্ৰদান কৰে। খাটি অসমীয়া আৰু বৰ্তমানে লুপ্তপ্ৰায় বহুটো শব্দ গল্পটোত পাওঁ। বেজবৰুৱাই নিজেও বহুত শব্দ সৃষ্টি কৰি গৈছে। ভদৰী গল্পটোত পোৱা কেতবোৰ শব্দও বেজবৰুৱাৰ নিজা সৃষ্টি যেন বোধ হয়। তেনেকুৱা শব্দৰ কেইটামান উদাহৰণ তলত উল্লেখ কৰা হল- ক) ভাতে ফুটহে কাঢ়িছে। আঞ্জাৰ ফালেও ততোধিক মলিয়াইছে বা কলিয়াইছেহে বুলিব লাগে। খ) ভাং খাই টঙনাটঙনি কৰা। গ) কামৰ সময়ত গাফিলি কৰি.... ঘ) তেজেৰে টুংৰালি হৈ..... বিশেষণ শব্দৰ প্ৰয়োগ- ঙ) গেৰেহা খৰি চ) মেলাহি বাটি ছ) জমদগ্নি শিশুৰাম ধ্বন্যাত্মক শব্দৰ প্ৰয়োগ- জ) ফোচ্ ফোচ্ কৰি ঝ) হৌ হৌ কৰি কান্দিবলৈ ধৰিলে ঞ) সোঁ সোঁ সোঁ কৰি খৰিয়ে কেকনি-গেঁথনিহে ধৰিছে। বিবিধ শব্দৰ সমাহাৰ ঘটিলেও বেজবৰুৱা দেৱৰ ৰচনাৰীতি সৰল। ঠায়ে ঠায়ে বৰ্ণনা বাহুল্যৰ প্ৰভাৱ দেখা যায়। ভদৰী গল্পত ইয়াৰ উদাহৰণ যথেষ্ট আছে। যেনে......"অৰ্থাৎ ঢেকীয়া শাকমুঠি মেলাহি বাটিটোত বাছি থোৱা হৈছে, ধোৱাও হোৱা নাই; ম'ৰা ম'ৰা চৰাইটো যেন কাটি হৈ পৰি আছে আৰু ঠেতেলামূৰীয়া মাটি সনা কাৱৈ মাছ কেইটাই ভাং খাই টঙনাটঙনি কৰি মৰ ফলাফলি কৰা ছাঁই সনা ফকিৰৰ দৰে, পৰি ছটফট কৰিব লাগিছে।" (পৃ-১৩১) গল্পটোৰ প্ৰথম স্তৱকৰ মাজভাগৰ ভাষা কিছুপৰিমাণে উপন্যাসধৰ্মী......"সেইবিলাক টুটকীয়া কথা লগাই একাদশী কৰি পেটে কঁকালে লগা বপুৰা শিশুৰামক আৰু লঘোণে-ভোকে থবৰ আমাৰ ইছ্ছা নাই। আৰু গৰুহালৰ ওপৰত ভদৰীৰ শেলাই বন্ধ গৈ থকা ভাল মতটো ঘহি পিহি গুচাই দিবৰ অভিলাষো আমাৰ নাই।" (১৩২) বেজবৰুৱাৰ ভাষা তেওঁৰ পৈণত হাতৰ সৃষ্টি। অসমীয়া ভাষা যে কাহিনী সাহিত্য আৰু ব্যংগাত্মক প্ৰকাশৰ বাবে উপযোগী তেওঁ তাকে প্ৰমাণ কৰি দেখুৱালে। চৰিত্ৰ সৃষ্টি আৰু চৰিত্ৰৰ মানসিক অৱস্থাত নিজা দৃষ্টিভংগী বিৰাজমান। গ্ৰাম্য জীৱনৰ ছবি হুবহুৰূপে অংকণ কৰিবলৈ যাওঁতে চৰিত্ৰসমূহক মূখৰ ভাষাৰে সৈতে তুলি আনিছে। চৰিত্ৰৰ মূখৰ ভাষাৰ পৰাই সমাজৰ কোন শ্ৰেণীৰ চৰিত্ৰ তাক অনুমান কৰিব পাৰি। বিভিন্ন সৰু-সুৰা কামত নিযুক্ত হিন্দীভাষী লোকসকলে স্থানীয় ভাষাটো শিকিবলৈ চেষ্টা কৰোতে হিন্দী-অসমীয়া মিশ্ৰিত একধৰণৰ ভাষাৰ সৃষ্টি হৈছিল। ভদৰী গল্পৰ ড্ৰেচাৰজনৰ মূখত এনে ভাষাৰ নিদৰ্শন পাওঁ- "ক্যা মাতি পথিয়াও গে; ও আদমী আভি আহিব নাহিব পাৰিবে।' (১৩২) অসমীয়া ভাষাত বেজবৰুৱাৰ অৱদান স্থায়ী। বেজবৰুৱাৰ গদ্যশৈলী বিশ্লেষণাত্মক। এফাঁকি বাক্যৰে এখন এখন ছবি প্ৰকাশ কৰাটো তেওঁৰ গদ্যৰীতিৰ অন্যতম বৈশিষ্ট্য। সহায়ক গ্ৰন্থপঞ্জী: শইকীয়া, নগেন : বেজবৰুৱা ৰচনাৱলী, তৃতীয় খণ্ড, বনলতা ২০১০ বৰপূজাৰী,মহেন্দ্ৰ : বেজবৰুৱা, গোহাঞিবৰুৱা আৰু সমকালীন অসমৰ সমাজ জীৱন, চিত্ৰলেখা প্ৰকাশন, ২০০৭ গগৈ, লীলা : আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়, বনলতা, ২০০২ বৰুৱা, প্ৰহ্লাদকুমাৰ : অসমীয়া চুটিগল্পৰ অধ্যয়ন, বনলতা, ১৯৯৫ চক্ৰৱৰ্তী, মুকুল : প্ৰান্তস্বৰ, গৱেষণা পত্ৰিকা, নিনাদ, সংখ্যা-১ নৱেম্বৰ ২০১১ নেওগ, মহেশ্বৰ(সম্পা) : বাণীকান্ত ৰচনাৱলী, অসম প্ৰকাশন পৰিষদ, দ্বিতীয় সংস্কৰণ, ২০০৩ [1] প্ৰহ্লাদকুমাৰ বৰুৱা : অসমীয়া চুটিগল্পৰ অধ্যয়ন, বনলতা, ১৯৯৫ পৃ- ৩৬[2] ফণীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা : শৈলী আৰু শৈলীবিজ্ঞান, ২০১০, পৃ- ৯০ [3] মহেশ্বৰ নেওগ (সম্পা) : বাণীকান্ত ৰচনাৱলী, অসম প্ৰকাশন পৰিষদ, দ্বিতীয় সংস্কৰণ, ২০০৩, পৃ- ২৪৩