নেশ্যনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰ্মেশ্যন টেকন’লজি (এন আই ই এল আই টি)-এ কম্পিউটাৰ কনচেপ্টছৰ পাঠ্যক্ৰম (চি চি চি) পাঠ্যক্ৰমৰ বাবে হিন্দী, ইংৰাজী আৰু ২৩টা ভাৰতীয় আঞ্চলিক ভাষাত ই-কন্টেন্ট প্ৰস্তুত কৰিছে। এই ই-কন্টেন্টসমূহ বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব। চিচিচি পাঠ্যক্ৰমৰ বাবে বহুভাষিক ই-সামগ্ৰী বহুভাষিক ই-সামগ্ৰী চাবলৈ https://nva.nielit.gov.in/ccc/ চাওক। NIELIT ৰ বিষয়ে নেচনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰ্মেশ্যন টেকন’লজি (এন আই ই এল আই টি),(পূৰ্বতে ডি অ’ ই এ চি চি ছ’চাইটি), ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ (MoE&IT) প্ৰশাসনিক নিয়ন্ত্ৰণত থকা স্বায়ত্তশাসিত বৈজ্ঞানিক সমাজখনক তথ্য, ইলেক্ট্ৰনিকছ আৰু যোগাযোগ প্ৰযুক্তি (IECT) ক্ষেত্ৰত মানৱ সম্পদ উন্নয়ন আৰু আনুষংগিক কাম-কাজ চলাবলৈ গঠন কৰা হৈছিল। এন আই ই চি টিৰ ক্ষেত্ৰত উদ্যোগমুখী গুণগত শিক্ষা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ বিকাশৰ উপৰিও আই ই চি টিৰ ক্ষেত্ৰত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা দুয়োটাতে নিয়োজিত। আই ই চি টিৰ ক্ষেত্ৰত পৰীক্ষা আৰু প্ৰমাণীকৰণৰ বাবে দেশৰ প্ৰধান প্ৰতিষ্ঠান হ’বলৈ মানদণ্ড স্থাপনৰ প্ৰয়াস কৰিছে NIELIT-এ। ইয়াৰ উপৰিও ই অনানুষ্ঠানিক খণ্ডত তথ্য-প্ৰযুক্তিৰ পাঠ্যক্ৰম পৰিচালনাৰ বাবে প্ৰতিষ্ঠান/সংস্থাসমূহক স্বীকৃতি প্ৰদান কৰা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ অন্যতম। উৎস : NIELIT