অসমীয়া ভাষাত স্থান আৰু দিশ নিৰ্ণায়ক শব্দ (Terms indicating location & direction in Assamese) Assamese English ওপৰত On the top তলত In the bottom সোঁফালে To the right বাঁওফালে To the left আগফালে To the front পিছফালে To the back আগত In front পিছত At the back ভিতৰত Inside বাহিৰত Outside কাষত Beside দূৰত Far ইয়াত Here তাত There য’ত Where এইফালে This side সেইফালে That side অ’ত-ত’ত Here and there 1. ওপৰত - কিতাপখন মেজৰ ওপৰত আছে৷ (The book is on the table.) 2. তলত - বলটো মেজৰ তলত আছে৷ (The ball is under the table.) 3. সোঁফালে - তুমি মোৰ সোঁফালে বহা৷ (Please sit to my right.) 4. বাঁওফালে – মই তোমাৰ বাওঁফালে বহিম৷ (I will sit to your left.) 5. আগফালে – মোৰ আগফালে ৰূপান্তৰ বহি আছে৷ (Rupantar is sitting in front of me.) 6. পাছফালে – তাৰ পাছফালে নজৰুল থিয় হৈ আছে৷ (Najrul is standing behind him.) 7. আগত – আমি শিক্ষকৰ আগত এটা কবিতা আবৃত্তি কৰিলো৷ (We recited a poem in front of the teacher.) 8. পিছত – মই তোমাক পিছত লগ কৰিম৷ (I will meet you later.) 9. ভিতৰত – বেগটোৰ ভিতৰত এখন কিতাপ আছে৷ (There is a book inside the bag.) 10. বাহিৰত – মই তোমাৰ ঘৰৰ বাহিৰত ৰৈ আছো৷ (I am waiting outside your house.) 11. কাষত – ৰাকেশ সদায় মোৰ কাষতে বহে৷ (Rakesh always sits by my side.) 12. দূৰত – আমাৰ ঘৰৰ পৰা বহু দূৰত এখন হাবি আছে৷ (There is a forest far away from our home.) 13. ইয়াত – ইয়াত এটা বান্দৰ আছে৷ (There is a monkey here.) 14. তাত – তাত এটা হাতী আছে৷ (There is an elephant there.) 15. য’ত – আমি য’ত বাস কৰো, তাৰ পৰা পাহাৰখন নেদেখি৷ (The hill is not visible from where we live.) 16. এইফালে – তুমি এইফালে আহাচোন৷ (Please come here.) 17. সেইফালে – তেওঁক সেইফালে যাবলৈ কোৱাচোন৷ (Ask him to go there.) 18. অ’ত-ত’ত – অ’ত-ত’ত ঘূৰি নুফুৰিবা৷ (Don’t roam hear and here.)