অসমীয়া ভাষাৰ অব্যয় (Conjunctions in the Assamese Languages) অব্যয়: যিবোৰ শব্দৰ লিংগ, বচন, বিভক্তি আদিত কোনো পৰিৱৰ্তন নহয়, তেনে শব্দবোৰকে অব্যয় বুলি কোৱা হয়। অসমীয়া ভাষাত প্ৰাপ্ত অব্যয়সমূহৰ চমু পৰিচয় তলত দাঙি ধৰা হৈছে- সংযোজক অব্যয়: তেওঁ আৰু মই যাম। শিক্ষাই হ'ল পৰম ধন এতেকে আমি শিক্ষা গ্ৰহণ কৰিব লাগে। মই বিয়ালৈ নাযাওঁ কাৰণ মোৰ এটা বিশেষ কাম আছে। বিয়োজক অব্যয়: বা: ৰাম বা হৰি বজাৰলৈ যাব। নাইবা/নতুবা: এটা আম নাইবা কমলাটেঙা আঁকা। অথবা: চাকৰী কৰা অথবা ভাল ব্যৱসায় কৰা হ'লেও হ'ব। তথাপি: মোৰ জ্বৰ উঠিছে তথাপি মই মিটিংলৈ আঁহিছো। কিন্তু: তেওঁ সভালৈ যাব কিন্তু ভাষণ নিদিয়ে। অথচ: মানুহজন অশিক্ষিত অথচ জ্ঞানী। ভাববোধক অব্যয়: উস্- উস্ আজি কি গৰম। আহ্- আহ্ বৰ দূখ পালোঁ ছি: ছি:- ছি: ছি: ইমান লেতেৰা পৰিবেশ। দেহিঐ: দেহিঐ, তাৰ ইমান দূখ হৈছে। আই ঔ: আই ঔ ইমান ডাঙৰ সাপ। সম্বোধনবোধক অব্যয়: যিবোৰ শব্দক আমি সম্বোধন কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ, তেনে শব্দবোৰকে সম্বোধনবোধক অব্যয় বুলি কোৱা হয়। অ': অ' দেউতা, আপুনি কোনফালে যায়? ঐ: ঐ, এইফালে আহ। হেৰা: হেৰা কলিতা, কি খবৰ? : হেৰা, গা ধোৱা। হেৰৌ: হেৰৌ, কি হ'ল ইমান চিঞৰি আছ? প্ৰশ্নবোধক অব্যয়: বোলে: সি বোলে গ'লগৈ? : সীতাই বোলে APSC পাছ কৰিছে? : ৰামে বোলে চাহ নাখায়? হেনো: আজি হেনো প্ৰধানমন্ত্ৰী আহিব। : আমাৰ পৰীক্ষা হেনো মাৰ্চত হ'ব। জানো: তই জানো মেট্ৰিক পাছ কৰিলি? : তুমি জানো ঘৰৰ ডাঙৰ ল'ৰা নহয়? সমিধানবোধক অব্যয়: কথা বা প্ৰশ্নৰ উত্তৰ দিওঁতে ব্যৱহাৰ হোৱা অব্যয়বোৰক সমিধানবোধক অব্যয় বোলে। ওঁ (assertive) ওঁহো (negative) মা: তুমি আজি অফিচলৈ যাবানে? মা: তুমি আজি অফিচলৈ যাবানে? মই: ওঁ। মই: ওঁহো হয় বাৰু খুৰা: পিংকি, তোমাৰ দেউতাৰা ঘৰত আছেনে? হৰি: আমাৰ ঘৰলৈ যাবাচোন মই: হয়, আছে মই: বাৰু আনুসাংগিক অব্যয় বা স্বাৰ্থিক প্ৰত্যয়: কিছুমান অব্যয় আন পদৰ লগত যোগ হ'লে তাৰ অৰ্থৰ সামান্য পৰিৱৰ্তন ঘটে, তেনে অব্যয়কে আনুসাংগিক অব্যয় বুলি কোৱা হয়। -হি: (‘-হি’য়ে সদায় ওচৰ চপা বুজায়, আহি পোৱা বুজায়) সি দিল্লীৰ পৰা আহি পালেহি। আমাৰ পৰীক্ষা ওচৰ চাপিলেহি। গৈ: (দূৰলৈ যোৱা বুজায়, গৈ পোৱা বুজায়) মা অফিচ পালেগৈ, ৰাষ্ট্ৰপতি ঘূৰি দিল্লী পালেগৈ চোন, দেই: (অনুৰোধ কৰা অৰ্থত) তুমি কামটো কৰিবাচোন, বিয়ালৈ আহিবাদেই অনুশীলন ১) অব্যয়পদ কাক বোলে? অসমীয়াত অব্যয় কেইটা আৰু কি কি? ২) সম্বোধনবোধক আৰু সমিধানবোধক অব্যয় কি উদাহৰণ দি বুজাই লিখা। ৩) তলত দিয়া অব্যয়বোৰৰ কোনটো কি অব্যয় বাচি উলিওৱা । আৰু, নাইবা, অথবা, উস্, দেহি ঐ, ওঁহো, হেনো, বোলে, হেৰা, অ' ৪) তিনিটা আনুসাংগিক অব্যয়ৰ নাম উল্লেখ কৰা আৰু বাক্য ৰচনা কৰা ।