নেফামিজ: অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলা, লোহিত, দিবাং, পূবচিয়াং, পশ্চিম চিয়াং, ওপৰ সোৱনশিৰি, নামনি সোৱনশিৰি, পাপুমপাৰে, পূবকামেং, পশ্চিম কামেং আৰু টাৱাং এই বাৰখন জিলাত তিব্বত-বৰ্মী ভাষাই প্ৰধান। টিৰাপ জিলাত নক্টে, বাচুং ; চাংলাং জিলাত টাংছাসকল, দিবাং উপত্যকাত মিছিমিসকল, লোহিত জিলাত খামতিসকল, পূব চিয়াং আৰু পশ্চিম চিয়াংত আদিসকলে পাচি, পাজি, পাদাম, বৰী, বোকাৰ, পাইলিবুং, হিলমিৰি, সোৱণশিৰি আৰু পাপম্পাৰেত, নিছি, আপাটানিসকল, কামেং জিলাত চেৰডুকপেন, মনপা ভাষা পোৱা যায়। কামেং আৰু টাৱাং জিলাত মনপাসকলৰ উপৰিও অৰুণাচল প্ৰদেশত খাম্বা, মেম্বা, ছাৰাক, টাগিন ইত্যাদি বিভিন্ন ভাষা-ভাষী লোকসকল বসবাস কৰে। অৰুণাচল প্ৰদেশ প্ৰাচীন অসমৰে এটা অংশ আছিল। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত এখন পৃথক ৰাজ্যৰূপে স্বীকৃতি পালে। পূৰ্বতে এই প্ৰদেশখনক উত্তৰ পূৱ সীমান্ত অঞ্চল যাক ইংৰাজীত North East Frontier Agency বা চমুকৈ NEFA বুলি জনা গৈছিল। ওপৰত উল্লেখ কৰা জনগোষ্ঠীবিলাকৰ ভালেমান উপভাষাও আছে। পুৰণি অসম বুৰঞ্জীত অৰুণাচল প্ৰদেশৰ মানুহবোৰৰ বিষয়ে বিভিন্ন উল্লেখ পোৱা যায়। এনেকুৱা উল্লেখবোৰ প্ৰায় আহোম ৰজাৰ লগত হোৱা যুদ্ধ সম্পৰ্কীয়। অতীজতে পাহাৰীয়া লোকৰ লগত বিনিময় প্ৰথাৰে ভৈয়ামৰ লোকৰ বেপাৰ বানিজ্যৰ সম্পৰ্ক আছিল আৰু এনেকৈ সেই সময়ত পাহাৰ আৰু ভৈয়ামৰ মাজত সম্প্ৰীতিৰ সৃষ্টি হৈছিল। ভাষাৰ দিশৰ পৰা অৰুণাচল বহুভাষী ৰাজ্য আৰু ইয়াত ভালেমান পৰস্পৰ দুৰ্বোধ্য ভাষা বিৰাজমান। প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ ভিতৰত তেওঁলোকৰ ভাষাটোকে ভাৱ প্ৰকাশৰ মাধ্যমৰূপে ব্যৱহাৰ কৰে। ফলত বিভিন্ন জনগোষ্ঠীৰ মাজত বহুভাষী পৰিস্থিতি এটাৰ সৃষ্টি হয়। এনে বহুভাষীক পৰিস্থিতিত ভাষাবোৰৰ মাজত সচৰাচৰ সংঘৰ্ষ হয়। এনেকুৱা বহুভাষীক পৰিস্থিতিত সাধাৰণতে ভাষাই যিকোনো ভাষাৰ উপাদান ধাৰ কৰে। আৰু বিভিন্ন ভাষা-সামাজিক কাৰণত এনে ধাৰৰ ফলস্বৰূপে পৰস্পৰে দুৰ্বোধ্য ভাষাবিলাকৰ মাজত উমৈহতীয়া ভাষা এটাই গা কৰি উঠে। সম্পূৰ্ণ প্ৰয়োজনৰ ভিত্তিত গা কৰি উঠা উমৈহতীয়া ভাষাটোৱে লাহে লাহে জনগোষ্ঠীবিলাকৰ গোটেই মানুহবোৰক দ্বিভাষী কৰি তোলে আৰু স্বাভাৱিকতেই সমূহীয়া স্বাৰ্থত তেওঁলোকৰ প্ৰাথমিক জনগোষ্ঠীয় ভাষাবোৰৰ গুৰুত্ব কমি যায়। এনে দুৰ্বোধ্য ভাষাবোৰৰ সংঘৰ্ষৰ পৰিণতিত বিভিন্ন ভাষা সামাজিক পৰিস্থিতিত, অসমীয়া ভাষাৰ সংযোগত নেফামিজ নামৰ এটি নতুন সংযোগী ভাষাই অৰুণাচল প্ৰদেশত গা কৰি উঠিছিল। এই সংযোগী ভাষাটোৱেই কালক্ৰমৎ জনগোষ্ঠীসমূহৰ মাজত ভাবৰ সংযোগ সেতু হিচাপে ব্যৱহাৰ হ'বলৈ ধৰিলে। ই অসমীয়া ভাষাৰে এটা সৰল ৰূপ। নাগামিজ: নগাভূমিত বসবাস কৰা লোকসকলকে সাধাৰণতে নগা জনজাতি বুলি জনা যায়। নাগালেণ্ডৰ বিভিন্ন অঞ্চলত থুপ খাই থকা ইন্দো-মংগোলীয় নৃগোষ্ঠীৰ লোকসকলৰ ঘাই ঘাই উপজনগোষ্ঠীবোৰ হ'ল- কন্যাক, আও, চেমা, লোঠা, আঙ্গামী, চাখেচাঙ, ফোম, যিমচূমগ্ৰী, ৰেংমা, চাঙ, চংতাম, জেলিয়াং, পচুৰি, খেমুংগাৰ আদি। এইবোৰৰ ভিতৰত কন্যাকসকলেই সংখ্যাগৰিষ্ঠ। এই চৈধ্যটা প্ৰধান উপগোষ্ঠীৰ মাজতো কিছুমান সৰু সৰু ঠাল পোৱা যায়। উদাহৰণস্বৰূপে, জেমী আৰু লিয়াংমেই দুটা বেলেগ বেলেগ ভাষা কোৱা নগা জনগোষ্ঠী। নগাভূমিত কমেও কুৰিটাৰ অধিক সম্প্ৰদায় আৰু একুৰি ছটামান ভাষাৰ ঠাল পোৱা যায়। নক'লেও হ'ব যে নগাভূমি পাৰস্পৰিক বোধগম্যহীন বহুভাষাৰ ৰাজ্য। প্ৰতিটো ভাষা-সম্প্ৰদায়ে নিজৰ মাজত ভাবৰ আদান-প্ৰদানৰ বাবে নিজা নিজা কথিত ভাষাকেই ব্যৱহাৰ কৰে। এটা ভাষা সম্প্ৰদায়ৰ ভাষা অন্য এটা ভাষা-সম্প্ৰদায়ৰ বাবে অবোধ্য। এহাতেদি প্ৰকৃতিৰ বাধা আৰু অন্যহাতেদি আক্ৰমণ তথা মুৰচিকাৰৰ ভয়; এইবোৰৰ বাবেই নগাসকল তেওঁলোকৰ বিভিন্ন জনগোষ্ঠীৰ সান্নিধ্যলৈ আহিব পৰা নাছিল। ফলস্বৰূপে নিজৰ নিজৰ জনগোষ্ঠীৰ মাজতেই সীমাবদ্ধ হৈ থকা তেওঁলোকৰ প্ৰত্যেকৰে ভাষাবোৰ পৰস্পৰৰ বাবে একোটাহঁত বিৰাট প্ৰাচীৰৰ দৰে থিয় হৈ ৰ'ল। এটা জনগোষ্ঠীৰ ভাষা আন এটা জনগোষ্টীয়ে একেবাৰে বুজি নাপায়। উল্লেখযোগ্য যে ভৈয়ামৰ অসমীয়াসকলৰ লগত পাহাৰীয়া নগাসকলৰ দীৰ্ঘদীনিয়া সম্পৰ্ক আছিল। বিভিন্ন ৰাজনৈতিক আৰু বাণিজ্যিক কাৰণত পাহাৰীয়া নগাসকলে ভৈয়ামৰ অসমীয়াসকলৰ লগত ভাৱৰ আদান-প্ৰদান কৰিবলগীয়া হ'ল। ফলত অসমীয়া আৰু নগা ভাষাৰ সংমিশ্ৰণত নাগামিজ নামৰ এটা নতুন ভাষাৰ জন্ম হ'ল। এহাতেদি নগাভূমিত সংযোগী ভাষা হিচাপে নাগামিজৰ বিকাশ আৰু প্ৰসাৰণ, অন্যহাতেদি অসমীয়া ভাষাৰ খণ্ডবাক্য, প্ৰবচন, শব্দভাণ্ডাৰ আদিত নগাসকলৰ যথেষ্ট সমল সোমাই পৰিল। যেনে- নগাটো চাই হোৰাটো, নগা পাণ, নগা টেঙা, নগাবাট, নগাঢাৰি, নগা ছালি, নগা কচু ইত্যাদি। বৃটিছ চৰকাৰৰ দিনত নগাভূমিৰ প্ৰাথমিক স্কুলত অসমীয়া ভাষাৰ শিক্ষা দিয়া হৈছিল। গতিকে তেওঁলোকে ভঙা ভঙা অসমীয়াৰে অন্য ভাষীৰ লগত ভাৱ প্ৰকাশ কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিছিল। এটা নগা সম্প্ৰদায়ে আন এটা নগা সম্প্ৰদায়ৰ লগত কথা-বাৰ্তা পাতিবলৈ ভঙা ভঙা অসমীয়া ভাষাটোকেই ব্যৱহাৰ কৰিছিল। এইদৰে যুগ যুগ ধৰি ভঙা অসমীয়াৰে ভাৱৰ আদান-প্ৰদান কৰাৰ ফলত অসমীয়া ভাষাই এটা নতুন ৰূপত বিকাশ লাভ কৰিলে। পৰৱৰ্তী সময়ত এই বিকশিত অসমীয়া ভাষাই নাগামিজ ভাষা হিচাপে আত্মপ্ৰকাশ কৰে। “নাগামিজ" শব্দটো Naga+ Assamese শব্দ দুটাৰ সংমিশ্ৰণত সৃষ্টি হোৱা শব্দ।