প্রাচীন অসমীয়া ভাষা চতুর্দশ শতিকাৰপৰা ষোড়শ শতিকালৈকে সামৰি লোৱা প্রাচীন অসমীয়া ভাষাৰ কালটোক প্রাক্-বৈষ্ণৱ আৰু বৈষ্ণৱ নামেৰে দুটা যুগত ভাগ কৰি আলোচনা কৰিব পাৰি। প্ৰাক্বৈষ্ণৱ যুগৰ সাহিত্যিকসকলে ঘাইকৈ ৰাজপৃষ্ঠপোষকতা লাভ কৰি সাহিত্য ৰচনা কৰিছিল। এই সময়ৰ সাহিত্যিকসকল হ'ল- হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলি, ৰুদ্ৰ কন্দলি, কবিৰত্ন সৰস্বতী আদি। কমতাধিপতি দুর্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত' আৰু 'হৰগৌৰী সংবাদ' ৰচনা কৰে। অসমীয়া ভাষাত লিখা বর্তমানলৈকে আৱিষ্কৃত পুথিসমূহৰ ভিতৰত এই 'প্রহ্লাদ চৰিত'খনেই প্রথম গ্রন্থ। কমতাৰাজ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতাত কবিৰত্ন সৰস্বতীয়ে 'জয়দ্রথ কাব্য', বজা তাম্রধ্বজৰ পৃষ্ঠপোষকতাত ৰুদ্র কন্দলিয়ে 'সাত্যকি প্রবেশ', হৰিবৰ বিপ্ৰই কমতাপুৰৰ ৰজা দুর্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত 'বক্ৰবাহনৰ যুদ্ধ' আৰু 'তাম্ৰধ্বজৰ যুদ্ধ' কাব্য ৰচনা কৰে। এই যুগৰ সৰ্বশ্রেষ্ঠ কবি মাধৱ কন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰি 'সপ্তকাণ্ড ৰামায়ণ' অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ভাষা-সাহিত্যৰ জগতখনক অধিক সমৃদ্ধ কৰি তোলে। তদুপৰি এইগৰাকী কবিৰ নামত 'দেৱজিত' নামৰ কাব্য এখনো পোৱা যায়। বৈষ্ণৱ যুগ আৰম্ভ হয় অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱক কেন্দ্ৰ কৰি। শংকৰদেৱকে প্ৰমুখ্য কৰি এই যুগৰ সাহিত্যিকসকলৰ ভিতৰত মাধৱদেৱ, ৰামসৰস্বতী, অনন্ত কন্দলি, শ্রীধৰ কন্দলি আদিয়ে কাব্য, নাট, গীত, ভক্তিমূলক গ্রন্থ তথা বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যেৰে ৰচিত সাহিত্যৰাজিয়ে অসমীয়া ভাষা-সাহিত্যক পৰিপুষ্ট কৰি তোলে। তদুপৰি, এই সময়ছোৱাত অবৈষ্ণৱ ধাৰাৰ সাহিত্যিক হিচাপে মনকৰ, দুর্গাবৰ, পীতাম্বৰ, সুকবি নাৰায়ণ আদি সাহিত্যিকসকলে 'পাঁচালি' নামেৰে এক শ্রেণীৰ বিশেষ সাহিত্য ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যত সংযোজন কৰে। প্রাচীন অসমীয়া সাহিত্যৰ ভাষিক ৰূপটো অতি স্পষ্ট আৰু পূর্ণাংগ। চতুর্দশ শতিকাতে ৰামায়ণৰ দবে মহাকাব্যৰ সাবলীল ৰূপত কৰা অসমীয়া ভাঙনিৰপৰাই এটা কথা অনুমান কৰিব পাৰি যে, এই কালছোৱাৰ আগতেই অসমীয়া ভাষাটোরে পূর্ণ বিকশিত ৰূপ লাভ কৰিছিল। প্রাচীন অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্য বিচাৰ কৰিলে দেখা যায়- (ক) যুক্তাক্ষৰ সৰলীকৃত হৈছে। (খ) হ্রস্ব আৰু দীর্ঘ স্বৰৰ পাৰ্থক্যহীনতা। (গ) দন্ত্য আৰু মূর্ধন্যৰ অভেদ প্রয়োগ। ধ্বনি প্রৱণতা দন্ত্য 'ন'ৰ ফালে। (ঘ) লোপ, স্বৰভক্তি আদিৰে তৎসম শব্দ সৰলীকৃত কৰা হৈছে। (ঙ) প্রাচীন অসমীয়া সর্বনামৰ ৰূপ এনে ধৰণৰ- মই/মঞি; তই/তঞি/তুমি, তযু, তাহাক, তোহাৰ, যাহাৰ, ইটো, তাহাঙ্ক, যাহাঙ্ক ইত্যাদি। (চ) ক্ৰিয়াৰ ৰূপ এনে ধৰণৰ- আছয়, আছন্ত, হৰাও, দেউ, কইল, বহে, চাহে, কৈলা, গৈলা, পাইল, হৈবি, যাইব ইত্যাদি। (ছ) বহুবচনাত্মক প্রত্যয়বোৰ হৈছে- "গণ, মানে, লোক, চয়, জাক, বিস্তৰ, যাহা, গুলা, বৃন্দ, ৰাশি আদি।