অসমত প্ৰচলিত পুতলা নাচ খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ শেষৰপৰা প্ৰাচীন কামৰূপত নাটকৰ এটি ধাৰাবাহিক ইতিহাস পোৱা যায়। খ্ৰীষ্টীয় চতুৰ্দশ শতিকামানৰপৰা নাটকীয় গুণবিশিষ্ট জনবিনোদনৰ উল্লেখ প্ৰাচীন অসমীয়া সাহিত্যত পোৱা যায়। মাধৱ কন্দলী, হৰিহৰ বিপ্ৰ আদিৰ ৰচনাত নট আৰু ভাটৰ উল্লেখ পোৱা যায়। হাজোৰ মাধৱমন্দিৰ আৰু বিশ্বনাথ শিৱ মন্দিৰত নট-নটীৰ নৃত্য-গীত অভিনয়ৰ প্ৰচনল বুৰঞ্জীত পোৱা যায়। নট-নটীৰ উপৰি পুতলা নাটৰ ইতিহাসো যথেষ্ট প্ৰাচীন। নামনি অসমৰ ঠায়ে ঠায়ে বৰ্তমানেও পুতলা নাচৰ প্ৰচলন আছে। পুতলা নাচৰ একোটা দলত সাধাৰণতে পাঁচ-ছয় জন মানুহ থাকে। এজন বায়ন, এজন ডাইনা-পালী, দুজন পালী আৰু এজন পুতলা নচুওৱা সূত্ৰধাৰ। শেষৰজন আঁৰকাপোৰৰ অন্তৰালত মঞ্চৰ ভিতৰত থাকে। তেওঁ আঁৰত থাকি সূক্ষ্ম ৰচি টানি পুতলাবোৰ নচুৱায়, লগে লগে পেঁপা বজাই পুতলাৰ বিভিন্ন অৱস্থাত বিভিন্ন মাত উলিয়ায়। অকল এয়ে নহয় প্রয়োজন অনুসৰি পুতলাক তেওঁ হহুৱায়, কন্দুৱায়, যুদ্ধ কৰায়। এইদৰে পুতলাৰ প্ৰবেশ, প্রস্থান, কার্যকলাপ আদি দেখুওৱা সকলো ভাৰ ভিতৰত থকা একেজন মানুহৰ গাত থাকে। যিজন বায়ন, তেওঁ বাহিৰত থাকে আৰু গীতত পটু। তেওঁৰ মূৰত বিশেষ ধৰণৰ পাগুৰি, কঁকালত দীঘল চুৰিয়া, গাত আঁঠুলৈকে ওলমি পৰা চোলা আৰু চাদৰ। হাতত চোঁৱৰ লৈ তেওঁ নাচি নাচি পালীকেইজনৰ সহযোগত হাতৰ মুদ্রা দি গীত পদ লগাই দিয়ে। এই গীত-পদবোৰে পুতলা নাচৰ কাহিনীটো মঞ্চত থকা পুতলাৰ কাৰ্যকলাপৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি যায়। মাজে মাজে মঞ্চত থকা পুতলাৰ কার্যকলাপ দর্শকক স্পষ্টকৈ বুজাই দিবৰ কাৰণে ছেগ বুজি তেওঁ ওজা পালিৰ দৰে ডাইনা-পালীৰ লগত কথা-বার্তা হৈ সেইবোৰ ব্যাখ্যা কৰে। আজিকালিৰ পুতলা নাচত কিন্তু ওজাজনে নৃত্য কৰা দেখা নাযায়, ডাইনা-পালীৰ লগত সংলাপ কৰাও দেখা নাযায়। কেৱল পালীকেইজনৰ লগত পৰ্দাৰ আঁৰত মঞ্চৰ এঠাইত বহি পুতলাৰ কাৰ্যবোৰ বুজায় যায় আক পুতলাক নাচ আৰু অভিনয়ৰ নিৰ্দেশ দি যায়। সেই মতে পুতলাবোৰে নাচে বা অংগী-ভংগীৰে অভিনয় কৰে। ওজাজনে অৱশ্যে খোল আৰু তালৰ লগত সংগতি ৰাখি মাজে মাজে গীত পৰিবেশন কৰে আৰু পুতলাইনো কি কৈছে তাকো সংলাপৰ দৰে কৈ যায়। পুতলাৰ অভিনয়ৰ মাজেদি প্ৰকাশ হোৱাৰ উপৰি গীত পদবোৰৰ মাজেদিও অভিনয়ৰ কাহিনীটো প্রকাশ হয়। অসমত প্ৰদৰ্শন কৰা পুতলা নাচৰ পুতলাবোৰ সাধাৰণতে এফুটৰ পৰা ডেৰফুট ওখ আৰু সেইবোৰ ঠাই বিশেষে কাঠ, কুহিলা, কাপোৰ আৰু কলঠকৱা আদিৰে নিৰ্মিত হয়। পাত্র-পাত্ৰীৰ অৱস্থা আৰু মতিগতি অনুসৰি পুতলাবোৰ সজোৱা হয়। আজিকালি দেখুওৱা পুতলা নাচত ওজা আৰু সহযোগীকেইজন বাহিৰলৈ নোলাই পৰ্দাৰ আঁৰৰ পৰাই গীত-পদ গায়। এনে ধৰণৰ গীতবাদ্যাদি পৰিৱেশন কৰি পুতলা নাচ (ছাঁয়া বা দাক-কুহিলা আদিৰ পুতলা) সঞ্চালন কৰাজনক মালয়, যব, বালি, শ্যাম' দেশত 'দলং' বোলে। তেওঁ কাহিনীৰ সূত্ৰধৰাৰ উপৰিও গীতবাদ্যৰ দল পৰিচালনা কৰে আৰু বিভিন্ন পাত্র-পাত্রীব সংলাপ বা বচন পাত্রোপযোগীকৈ কয় বা মাতে। পুতলাৰ আন এটা প্রতিশব্দ হ'ল পঞ্চালিকা। ওপৰৰ বিৱৰণৰ পৰা এইটো স্পষ্টভাবে ওলাই পৰে যে ওজাপালি অনুষ্ঠানৰ ওজা আক ডাইনা-পালীৰ লগত পুতলা নাচৰ বায়ন আৰু ডাইনা-পালীৰ যথেষ্ট সাদৃশ্য আছে।