আঘোণৰ কুঁৱলী কেশৱ মহন্ত আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হ'লে দেখিলোহেঁতেন বা পতা-সোণ-বৰণীয়া ধান আঁচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ্ কেচ্, চিকমিক খৰ কাচিবোৰ, দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলে' তুলিবৰে সময় নোপোৱা। দেখিলোহেঁতেন বা পতা-সোণ পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেউ-হালধীয়া। অলপ দূৰৰপৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন এইজাক দাৱনীৰ মাজতে আছিলেনেকি সেউতীও মোৰ? আঘোণৰ কুঁৱলীয়ে বাট ভেটি ধৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু এমোকোৰা তামোলৰ পিক্-বঙা ওঁঠে ওঁঠে সোতৰ বছৰ হোৱা "মোক তোল আঘোণৰ ডালিমী দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি, বিৰিঙা তেল আৰু হালধিৰ 'যাঃ' বুলি ঠেলা মৰা খিল্-খিল্ হাঁহি? আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি, কাম আছে, আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে' মন কাঢ়ি বন-হাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে, ৰাগি আছে, আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মন-হাঁহ খেদি খেদি বন শেষ হ'ল আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। (বৌদেউ, আপুনিযে কৈছিলে সেউতীৰ কথা! মোৰ কথা সেউতীক কৈছেলে জানো?) আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে আঘোণৰ কুঁৱলীতে সেউতী হেৰালে ডাঙৰি বান্ধিম বুলি তৰা-জনী জৰী তোলাতে থাকিল... কবি পৰিচয়ঃ এগৰাকী প্রতিতযশা আধুনিক কবি আৰু গীতিকাৰৰূপে খ্যাতি লভা কেশৱ মহন্তৰ জন্ম হয় ১৯২৬ চনত। শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰি মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া হিচাপে অৱসৰ লয়। কেশৱ মহন্তৰ প্ৰথম কবিতা পুথি 'আমাৰ পৃথিৱী'। 'মোৰ যে কিমান হেঁপাহ' নামৰ গীতৰ সংকলনৰ বাবে ১৯৯৩ চনৰ সাহিত্য অকাদেমি বঁটা আৰু 'তোমাৰ তেজ' কাব্যগ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ 'ৰঘুনাথ চৌধাৰী বঁটা' লাভ কৰা কেশৱ মহন্তৰ অন্যান্য কাব্য গ্রন্থসমূহ হ'ল- 'আগন্তুক', 'মোৰ শুকান কলিজাৰ কুঁহিপাত', 'ৰ'দ জিকিমিকি', 'কুঁৱলি আঁতৰি যা', 'দিশ ধৱলী বৰণ', 'বুকুত এজাক মুহা' আদি। 'ওমলা ঘৰ' আৰু 'মা আমি শদিয়ালৈ যামেই' মহন্তদেৱৰ শিশুৰ বাবে ৰচিত দুখন পুথি। ২০০৬ চনত কেশৱ মহন্তৰ দেহাৱসান ঘটে।