এটা প্ৰেমৰ পদ্য Do you remember an inn, Miranda? নৱকান্ত বৰুৱা বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে, অৰুন্ধতী? সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোঁপাৰ আবেলি-আবেলি গোন্ধ মনত পৰেনে, অৰুন্ধতী? জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা আমাৰ মাজত ভগা সপোনৰ অতনু বাধা মনত পৰেনে, অৰুন্ধতী। দুবৰি বনত জোনাকীৰ মণি, চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন (জোৱাৰৰ বাবে সাগৰ নাছিল!) বৰফৰ দৰে চেঁচা পৰশতো সিযে কি শান্তি! অৰুন্ধতী! অৰুন্ধতী! বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পখীৰ এটি লহমাৰ নীড়- বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত সেই এটা মাথোঁ উজাগৰ ৰাতি,- মনত পৰেনে, অৰুন্ধতী? বাৰিষাৰ ৰাতি মনত পৰেনে অৰুন্ধতী! কবি পৰিচয়: ১৯২৬ চনত গুৱাহাটীত জন্ম লাভ কৰা নৱকান্ত বৰুৱাই নগাঁৱত স্কুলীয়া শিক্ষা শেষ' কৰি শান্তি নিকেতনৰ পৰা বি.এ. আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। কটন মহাবিদ্যালয়ত সুদীর্ঘ কাল অধ্যাপনা কাৰ পাছত উপাধ্যক্ষৰ পদবীবে কর্মজীৱনৰ সামৰণি মাৰে। এগৰাকী সফল আৰু জনপ্রিয় কবি হিচাপে সমাদৃত নৱকান্ত বৰুৱাৰ কবিতাৰ পুথিসমূহ হ'ল- 'হে অবণ্য', 'হে মহানগৰ' (১৯৫১), 'এটি দুটি এঘাৰটি তৰা' (১৯৫৭), 'যতি আৰু কেইটামান স্কেছ' (১৯৬০), 'সম্রাট' (১৯৬২), 'ৰাৱণ' (১৯৬৩), 'মোৰ আৰু পৃথিৱীৰ' (১৯৭৩), 'ৰত্নাকৰ' (১৯৮৬), 'এখন স্বচ্ছ মুখাবে' (১৯৬০), 'দলঙৰ তামীঘৰা' (১৯৯৯) আৰু 'বাতি জিল-মিল'। বাঁহী', 'জয়ন্তী', 'বামধেনু', 'মনিদীপ', 'গৰীয়সী' আদি আলোচনীৰ পাতত কবিতাৰ জয়যাত্ৰাত বৰঙণি আগবঢ়োৱা নৱকান্ত বৰুৱাই 'সীমা দত্ত' ছদ্মনামেৰে আৰম্ভণিতে কবিতা লিখিছিল। 'মোৰ আৰু পৃথিৱীৰ' কাব্যগ্রন্থৰ বাবে অসম প্রকাশন পৰিষদ বঁটা (১৯৭৪), 'ককা দেউতাৰ হাঁড়' উপন্যাসৰ বাবে সাহিত্য অকাদেমী বঁটা (১৯৭৫) লাভ কৰা নৱকান্ত বৰুৱা 'অসম উপত্যকা সাহিত্য বঁটা'ৰেও সন্মানিত হৈছিল।