কালিয়দমন 'ভাগৱত'ৰ দশমস্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ বিৱৰণৰ ভেটিত এই নাট ৰচনা কৰিছে। 'কথা-গুৰিচৰিত'ত আছে "ৰায় আতা (ৰাম বায়) দশমৰ 'কালিয়দমন' চর্চ্চাত সন্তোষ পাই গুৰুজনাক প্ৰাৰ্থনাকৈ জীৱৰ কৃপাৰে নাট কৰালে। তাতে স্বর্গত্তে গন্ধৰ্ব্ব আসি চিন মাৰি শিকিবলৈ অহাত গুৰুজনে চিন পাই ষটচন্দ্ৰৰ (ষড়ছন্দ) গীত কৰি গালে, ভূ ধৰিব নোৱাৰি লাজ হৈ ঈশ্বৰ মানি গুচি গ'ল।”১ গুৰুচৰিতৰ এই কথাখিনিৰ পৰাও এইটো অনুমান কৰিব পাৰি দশমৰ কালিয়দমন' অংশ ৰচনা কৰাৰ পিছতে সেই বিষয়ে নাট লিখে আৰু তাৰ পিছতে 'কেলিগোপাল' ৰচনা কৰে। কালিয় হ্রদত পিপাসাতুৰ গো-গোৰক্ষবিলাকে জলপান কৰিবলৈ গৈ বিষক্রিয়াত অচেতন হৈ পৰা অৱস্থাৰ পৰাই নাটখন আৰম্ভ হৈছে। তাৰ পিছত ক্রমে কৃষ্ণৰ কালিয় হ্রদত অৱতৰণ, সাময়িক অচেতন ভাব প্রদর্শন, কালিয়দমন, নাগপত্নীৰ ভতি, কালিয়ক ৰমণক দ্বীপলৈ প্রেৰা আৰু সর্বশেষত কৃষ্ণৰ বনাগ্নি পান। শেষৰ অংশটো দৰাচলতে 'কালিয়দমন'ৰ অন্তৰ্ভুক্ত ঘটনা নহয়, ই এটা স্বতন্ত্র ঘটনা। কালিনাগক দমন কৰি গোপ-গোপীসকলৰ সৈতে কৃষ্ণই বৃন্দাবনতে ৰাতিটো কটাব লগা হয়। ৰাতি বনপোৰা জুয়ে তেওঁলোকক বেৰি ধৰে। তেতিয়া ঐশ্বৰিক শক্তিৰে এই অগ্নি নির্বাপিত কৰি কৃষ্ণই লগৰীয়াসকলক ৰক্ষা কৰে। গতিকে এইটো কালিয়দমনৰ পিছৰ ঘটনা। প্রধান ঘটনাৰ লগত ইয়াৰ যোগসূত্র অতি ক্ষীণ। মূল ভাগৱতৰ একোটা অধ্যায়তে 'কালিয়দমন'ৰ শেষছোৱা ঘটনা আৰু বনাগ্নি-পান বর্ণিত হোৱাৰ কাৰণে মহাপুৰুষেও মূল অধ্যায়ৰ গোটেইখিনি ঘটনা নাটখনত ঠাই দিছে। নাটকীয় প্রয়োজনে নিবিচাৰিলেও ভক্তিবাদে সেইখিনি অপ্রয়োজনীয় বুলি ভবা নাই। ৰমণক দ্বীপৰ পৰা কালি নাগে গৰুড়ক খেদাত পলাই আহি যমুনা হ্রদত আশ্রয় লোৱাৰ কাহিনীটোত 'ভাগৱত'ত অলপ বহলাই বৰ্ণনা কৰিছে। নাটত সেইখিনিৰ কেৱল আভাস দিছে- বিবৰি কোৱা নাই। 'কালিয়দমন'ৰ সূত্ৰধাৰৰ বর্ণনাত্মক গদ্যত শঙ্কৰদেৱৰ গদ্য ৰচনাৰ কুশলহস্তত্বৰ সুন্দৰ নিদর্শন পোৱা যায়। তেখেতৰ গদ্যৰ শক্তিমত্তাৰ পৰিচয়সূচক দুটা নিদর্শন দাঙি ধৰা হ'ল। (১) দুৰন্ত বিষবীর্য প্রতাপে প্রচণ্ড কালিসর্পক দমি দূৰ কৰিতে প্ৰবন্ধ কয়েকহু পীতবস্ত্র কটীত মেহাবল। কদম্ব বৃক্ষে চড়িকহু বিষময় কালি হ্রদত জাম্প কয়ল। সে অনন্ত বীর্যক প্রচণ্ড প্রতাপে হ্রদক উর্মি উথলি আন্দোল মিলল। (২) মনুষ্য চেষ্টা দৰশিয়ে শ্রীগোপাল দুইদণ্ড সর্পক বন্ধনে পড়ি বহল। তদনন্তৰে গোপ-গোপীসৱক পৰম বিষাদ দুখ দেখিয়ে শ্রীকৃষ্ণ আস্ফোট কয় উফাল দেলহ। কালি সৰ্প পৰম চোট পাই কৃষ্ণক চাড়ি উফৰি পৰল। হাজাৰেক ফনা তুলি কৃষ্ণক চাই ফোফায়; কোপে চক্ষু আৰকত, জিহ্বায়ে কোৱাৰি চেলেকয়, নাকে-মুখে বহ্নি বৰিষয়। পেখি শ্রীকৃষ্ণ পৰম আটোপে কালিক হাম্ফোলল। নাটখনত বৰ্ণনাত্মক ৰীতিৰ প্ৰাধান্য ঘটিছে। সূত্ৰধাৰৰ ব্যাখ্যা আৰু গীতৰপৰা দর্শকে পৰিস্থিতি আৰু চৰিত্ৰৰ অৱস্থা, অনুমান কৰিব লগা হয়। নাটখনত সূত্ৰধাৰৰ মন্তব্য আৰু নির্দেশৰ প্রাধান্য আছে কিন্তু সংলাপ বৰ কম। কালিয়নাগ অহংকাৰ, ক্রুৰতা, দর্প আদিৰ প্ৰতীক। এই প্রবৃত্তিবোৰে সহস্ৰ ফণা তুলি অগতত অশান্তিৰ প্রলয় ধুমুহাৰ সৃষ্টি কৰে আৰু ই হবিভক্তিৰ প্ৰধান অন্তৰায়। যেতিয়ালৈকে ক্রুৰভাবক মনৰ পৰা নিৰ্বাসন দিয়া নাযায় তেতিয়ালৈকে শান্তি আৰু ভক্তিৰ অনুকূল পৰিবেশ সৃষ্টি নহয়। সাংসাৰিকতাত মগ্ন হৈ থকা জনৰ অহং ভাবৰ প্রাবল্য থকা হেতুকে আন প্রবৃত্তিবোৰো সেই ভাবৰ বশবর্তী হৈ পৰে। কালিয়নাগৰ পত্নীসকলক অহং ভাবৰ বশবর্তী আন প্রবৃত্তিসমূহ বুলি ক'ব পাৰি। 'কালিয়দমন'ৰ এনে হয়তো ৰূপকাত্মক অর্থ। কালিয় চৰিত্ৰত এটা বিষয়ে অসঙ্গতি দেখা যায়। কালিয়ক হেজাৰ ফণা যুক্ত সর্প বুলি বর্ণনা দি পিছত 'কৰযোড়ে জানুপৰি' স্তুতি কৰা কথাটো খাপ খাই পৰা নাই। সৰ্প আৰু মানৱ দুয়োটা একেলগে সম্ভৱ নহয়। অৱশ্যে কোনো কোনো আধুনিক ব্যাখ্যাকাৰে কালিয়ক ক্রুৰ আদিম নাগ জাতীয় দুৰন্ত লোক বুলি ক'ব খোজে। সাপ তেওঁলোকৰ 'টটেম' (পূর্ব-উৎপত্তিৰ চিহ্ন) মাত্র বুলি কয়। তেনে ভাব ল'লে সকলো অসঙ্গতি দূৰ হয়। নাগপত্নীসকলৰ স্তুতি পয়াৰটোত নাটখনৰ এটি জ্ঞানভক্তি প্রকাশক আকর্ষণীয় ৰচনা আৰু ই কৃষ্ণৰ ঈশ্বৰত্ব প্ৰতিপন্ন কৰিছে।