ভূপেন হাজৰিকাৰ কবিতাত প্ৰকৃতি চেতনা ড° ভূপেন হাজৰিকাৰ কবিতাত মানুহে প্রকৃতি আৰু পৰিৱেশৰ লগত শুদ্ধ সম্পৰ্ক ৰক্ষা কৰি চলে। সাম্প্ৰতিক কালৰ পাৰিপার্শ্বিক সমালোচনা আৰু পৰিবেশতন্ত্রবাদীয়ে মানুহ আৰু প্রকৃতিৰ বিষয়ে কোৱা কথাবোৰ ভূপেন হাজৰিকাৰ কবিতাৰ মাজতো বিচাৰি পাব পাৰি। 'ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙি', কবিতাত তেওঁ কৈছে, 'মুক্ত বায়ু মোৰ প্ৰাপ্য/ য'ত সামূহিক জীৱনৰ উৎস আছে/পৰাজয় নিৰাশাৰ সমাধি ভেটিত/ আশাই কবিতা ৰচে।' নিজৰ কবিতাৰ বিষয়ে কবিগৰাকীয়ে কৈছে যে পৰাজয়, নিৰাশা আৰু সমাজ জীৱনৰ পতন-স্খলনৰ মাজতো তেওঁক কবিতাই আশাৰ বাট দেখুৱায়, শুদ্ধ জীৱনৰ কথা কয়। কবিতাটোৰ দ্বিতীয় শাৰীত জ্যোতি অথবা পোহৰৰ নৃত্যৰ কথা আছে। ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙিবলৈ কবিক সূৰ্যৰ পোহৰেও উচটায়। ভূপেন হাজৰিকাৰ কবিতাত প্রকৃতি কেৱল পৃষ্ঠভূমি নহয়। জীর্ন সমাজৰ বিষবাষ্পক দূৰ কৰাত মানুহৰ লগতে প্রকৃতিয়েও আগভাগ লৈছে। 'শতিকাৰ ৰূপখেদো' কবিতাত বাহিৰৰ পোহৰে কবিক ভিতৰৰ পৰাও উদ্ভাসিত কৰিছে, 'কবিতাৰ কণিকাই/ জিলিকনি ছটিয়াই/জীৱনৰ বাট মোৰ দিলে পোহৰাই/ জীৱনৰ কথা ভাবি/ মৰণত মষিমুৰি/ সেন্দুৰী আলিৰে মোৰ খোজ আগুৱায়।' কবিজনৰ দৃষ্টিত কবিতা পোহৰৰ কণিকা। এই পোহৰৰ কণিকাই তেওঁৰ জীৱনৰ বাট পোহৰাইছে। এই পোহৰৰ জীৱনৰ বাট হৈ পৰে সেন্দুৰীয়া আৰু কবি আগুৱাই যায়। এই কবিতাটো ১৯৫০ চনত ৰচনা কৰা হৈছিল। কবি তেতিয়া কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়নৰত। তেতিয়াৰ পৰাই তেওঁৰ কবিতাত পাৰিপাৰ্শ্বিক আৰু পৰিবেশতান্ত্রিক সজাগতাই ক্ৰিয়া কৰিছিল। আলোচ কবিতাটো মাত্ৰ দুটা স্তৱকৰ। প্ৰথম স্তৱকত সকলো পোহৰ উৎস আৰু সকলো জীৱৰে জন্মদাতা সূর্য বুলি উল্লেখ কৰা হৈছে 'সবিতাৰ জ্যোতিবলে/ সাগৰৰ হিল্লোলে/ মনৰে ৰথ মোৰ নিয়ে কঢ়িয়ায়।' যি সূর্য সকলো শক্তিৰ উৎস, সেই সূৰ্যৰ পৰাই কবি কবিতায়ো নিশ্চয় পোহৰকণা আহৰণ কৰিছে। প্ৰকৃতি আৰু মানু প্ৰাণৰ সম্পৰ্কৰে বান্ধ খাই আছে। কবিতানো কি তাক বুজাবলৈ বর্ডছৱর্থে শক্তিশালী আৱেগৰ স্বতঃস্ফূর্ত প্রকাশৰ কথা কৈছিল। এলিয়েটে কবিতাৰ সংজ্ঞা দাখি ধৰি ক'লে যে ই শক্তিশালী অনুভূতিৰ প্রকাশ নহয়, ই অনুভূতিৰ পৰা পৰিত্ৰাণহে। কবিৰ ব্যক্তিত্বৰ প্রকাশ কবিতা নহয়, কবিতা ব্যক্তিত্বৰ পৰা পৰিত্ৰাণহে। সাম্প্ৰতিক কালৰ পাৰিপাৰ্শিক কবিতাই বশৰ নিৰ্মাণৰ দিশৰ পৰা ইয়াক ৰোমাণ্টিক কবিতাৰ কাষ চপাই আনিছে। শ্বিক গোলকীয় উষ্ণতা বৃদ্ধি, বনাঞ্চল ধ্বংস, অজন স্তৰত ফাট, ষয়ে জলবায়ু পৰিবৰ্তন আদিৰ দৰে বিষয় আজিকালি সকলো মানুহেই চাৰি বুজি পায়। মানুহক সজাগ কৰিবলৈ আৰু মানুহৰ কৰণীয় কি তাক কছে, বুজাবলৈ কবিতা মানুহে পঢ়ি বুজিব পৰা ভাষাত লিখিব লাগিব। এছ। এই কাম ভূপেন হাজৰিকাই কবি জীৱনৰ আৰম্ভণিৰ পৰাই কৰিছিল। পাৰিপাৰ্শ্বিক সমালোচনা (Ecocriticisim) হ'ল নাৰু পৰিবেশতন্ত্ৰীৰ দৃষ্টিকোণৰ পৰা কৰা সাহিত্য-সংস্কৃতিৰ সমালোচনা। শাৰ সাহিত্য-সংস্কৃতিৰ এই পাঠসমূহ পৰিৱেশ সংৰক্ষণৰ কাৰণে উপকাৰী শীত নে অপৰকাৰী সেয়া হৈছে, পাঠ মূল্যায়নৰ মাপকাঠী। সাম্প্রতিক ৱাৰ গোলকীয় পৰিবেশতান্ত্রিক সমস্যাৰ আধাৰত কথাবোৰ পৰীক্ষা কাৰ কৰা হয়। ভূপেন হাজৰিকাৰ কথাছবিৰ গীতবোৰো সুন্দৰ কবিতা। শক 'ধুমুহা' কথাছবিৰ 'ধুনীয়া ৰঙৰ নতুন পাহিৰ' শীর্ষক কবিতাত এহাল ডেকা-গাভৰুৰ প্ৰেমৰ সম্পৰ্কত নাটকীয় পৰিস্থিতি এটাত সংলাপৰ মাজত ধৰি ৰখা হৈছে। প্রতীকী ভাষাৰে প্ৰেমিক-প্রেমিকাই নিজৰ প্ৰেমানুভূতিৰ কাৰণে প্ৰকৃতি জগতৰ পৰাই সমার্থক চিত্রকল্প বিচাৰি উলিয়াব পাৰিছে। নাটকীয় সংলাপৰ এই কৌশল প্ৰখ্যাত ইংৰাজ কবি ইউলিয়াম বাটলাৰ য়েটছে A Dialogue of Self and Soulত ব্যৱহাৰ কৰিছে। ড° হাজৰিকাৰ কবিতাত ডেকাই পোনতে কৈছে, 'তুমি মোৰ পদূলিৰ কেতেকী ফুল/ত তাকেই দেখি মই ভোল যাওঁ।' উক্তি কর্তা ডেকাজনে গাভৰুৰ ত' ৰূপ বৰ্ণনা কৰিবলৈ আৰু নিজৰ অনুভূতিৰ পৰিমণ্ডলক প্ৰকাশ কৰিবলৈ কেতেকী ফুলক ৰূপক হিচাপে ব্যৱহাৰ কৰিছে। ফুল এপাহ মানৱীয় অনুভূতিৰ ৰূপক হিচাপে ব্যৱহাৰ কৰা কথাটোকে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কক দাঙি ধৰিছে। গাভৰুগৰাকীয়েও মনৰ অৱস্থা প্ৰকাশৰ কাৰণে সূর্যমুখী ফুলক প্রতীক কৰি লৈছে তেওঁৰ বাবে ডেকাজন সূৰ্য আৰু তেওঁ সূৰ্যৰ বাবে অপেক্ষা কৰ আৰু সূৰ্যৰ গতিৰ লগে লগে নিজৰ দিশ সূর্যলৈ মুখ কৰি সলনি কৰা সূর্যমুখী ফুল। প্রকৃতিজগতে যাৰ জীৱন এনেদৰে গঢ় দিয়ে তেওঁলোকে পৰিবেশ বিনষ্ট কৰাৰ প্ৰশ্ন নুঠে। পৰৱৰ্তী এটা স্তৱকত মনৰ সাগৰখনক গাভৰুৰ জোৱাকে থৌকি বাথৌ কৰাৰ কথা কৈছে, গাভকরে আকৌ সূর্যব পোহৰে সৃষ্টি কৰা ৰামধেনুৰ কথা কৈছে। সূৰ্যৰ চিত্ৰকল্পখনৰ এইদৰে সম্প্ৰসাৰণ ঘটোৱা হৈছে। আধুনিক কবিতাত সততে ব্যৱহাৰ কৰা প্ৰতীক আৰু চিত্ৰকল্পৰ কৌশল ড° ভূপেন হাজৰিকাই দক্ষতাৰে নিজৰ কবিতাত ব্যৱহাৰ কৰিছে। একেখন ফুলনিত ফুল হৈ ফুলাৰ আকাংক্ষাৰে কবিতাটো শেষ হৈছে। কবিতাটো অসমীয়া পাৰিপার্শ্বিক কবিতাৰ এটা স্মৰণীয় উদাহৰণ। পৰিবেশ সংৰক্ষণ হ'ল প্ৰকৃতি জগতত প্ৰাণীৰ পাৰস্পৰিক নিৰ্ভৰশীলতা। পৰিবেশ সংৰক্ষকসকলৰ মতে জীৱ জগতত মানুহৰ প্ৰয়োজন বাদ দি জগতখনৰ নিজা মূল্য এটা আছে। মানুহে একান্ত নিজৰ মৌলিন প্রয়োজন পূৰণ কৰাৰ বাদে জগতখন ধ্বংস কৰাৰ অধিকাৰ নাই। পাৰিপার্শ্বিক সমালোচনাত মানুহকেন্দ্রিকতাৰ ধাৰণাটে গুৰুত্বপূর্ণ। ই মানুহক সকলো জীৱ আৰু জড়ৱ কেন্দ্ৰত স্থাপ কৰে। এই দর্শনমতে মানুহে পৃথিৱীখনক দমন আৰু শাসন কবি লাগিব। পৰিবেশতান্ত্রিক লীন হোৱাইট জুনিয়ৰৰ মতে খ্ৰীষ্ট ধর্মই আটাইতকৈ বেছি মানুহকেন্দ্রিক। বাইবেলৰ জেনিছিছৰ The First book of Moses ত মানুহৰ বিষয়ে কোৱা হৈছে, '... তেওঁলোকক সাগৰৰ মাছৰ ওপৰত, উৰণীয়া চৰাইৰ ওপৰত, গৰু, ম'ই আদি জন্তুৰ ওপৰত, বগুৱা বাই যোৱা প্ৰতিটো জীৱৰ ওপৰত, গোটেই পৃথিৱীখনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ দিয়া।' বাইবেলৰ এই মানুহকেন্দ্ৰিকতাৰ বিপৰীত মেৰুত আছে পৰিবেশকেন্দ্ৰিকতা। পৰিবেশকেন্দ্ৰিকতাই কল্পনাৰে হ'লেও পৰিবেশতন্ত্ৰক সৃষ্টিৰ কেন্দ্ৰত ৰখাটো বিচাৰে। প্ৰখ্যাত পাৰিপাৰ্শ্বিক সমালোচক লৰেঞ্চ বুৱেলে উল্লেখ কৰিছে- (১) মানুহৰ ইতিহাস প্রকৃতিৰ ইতিহাসৰ লগত সাঙোৰ খাই আছে। মানুহ প্ৰকৃতিৰ বুকুতেই প্রোথিত হৈ আছিল। (২) পৃথিৱীত মানুহৰ স্বাৰ্থটোৱেই একমাত্র ন্যায্য স্বার্থ নহয়। (৩) পাঠ এটাত এই কথা ফুটি উঠিব লাগিব যে পৰিবেশ এটা প্রক্রিয়াহে। ই কোনো অপৰিবৰ্তনীয় অৱস্থা নহয়। পাঠ এটাত এই কথাও প্রকাশ পাব লাগিব যে মানুহে তাৰ পৰিবেশৰ প্রতি দায়িত্ব স্বীকাৰ কৰিছে। আন এজন পৰিবেশতান্ত্রিক সমালোচক ৰিছাৰ্ড কেৰিজে কৈছে যে পৰিবেশতন্ত্ৰৰ সমর্থনত বহুত তথ্য গোট খাইছে, কিন্তু এনেকুৱা একো ঘটনা ঘটা নাই, যি পৃথিৱীক ভয় খুৱাই কাৰ্যকৰী ব্যৱস্থা ল'বলৈ বাধ্য কৰিব পাৰে। পৰিবেশলৈ অহা ভাবুকিক মানুহে কাইলৈৰ সমস্যা বুলি ভাবে। পৰিবেশৰ আমি যি ক্ষতি কৰো, তাৰ ফল আমি নিজে ভোগ নকৰিব্বও পাৰো। তাৰ ফল আন কোনোবাই কেতিয়াবা ক'ৰবাত ভোগ কৰিব। ইউলিয়াম আর্নেষ্ট মেককিবেনৰ The End of Nature (1989) পৰিবেশতন্ত্ৰৰ বিষয়ে এখন, গুৰুত্বপূৰ্ণ কিতাপ। তেওঁ কৈছে যে গোলকীয় উষ্ণতাৰ ফলত মানুহৰ কাম-কাজে সলনি 'নকৰা ভূখণ্ডৰ ধাৰণাৰে অন্ত পৰিল। প্রকৃতি এসময়ত মানুহৰ কাম-কাজৰ পৰা স্বাধীন আছিল, কিন্তু এতিয়া মানুহৰ কাম-কাজে পোনপটীয়াকৈ প্রকৃতিক ক্ষতিগ্রস্ত কৰিছে। প্রকৃতিক মানুহে স্বাধীনতাৰ পৰা বঞ্চিত কৰিছে। সাগৰৰ ঢৌবোৰে যদি পাৰত খুন্দা মাৰি বালিৰ পাহাৰ খহাই লৈ যায় আৰু ঘৰ-দুৱাৰ ধ্বংস কৰে, তাক মাতৃ প্ৰকৃতিৰ আশ্চৰ্যকৰ । ক্ষমতা বুলি কোৱাৰ দৰকাৰ নাই। মানুহৰ আশ্চৰ্যকৰ ক্ষমতাই মাতৃ প্ৰকৃতিৰ ক্ষমতা সলনি কৰাৰ ছবিহে এইখন। পৃথিৱীৰ জন্মলগ্নৰে পৰা যিবোৰ প্ৰক্ৰিয়া ধীৰ গতিত চলি আছিল, সেইবোৰক এটা শতিকাৰ ভিতৰতে মানুহে সবল কৰি দিলে। সাহিত্য আৰু পৰিবেশ অধ্যয়নৰ বাবে বিশ্বজোৰা অনুষ্ঠান The Association for the study of literature and environment. ১৯৯২ চনত স্থাপন কৰা হৈছিল। ভূপেন হাজৰিকাই কুৰি শতিকাৰ পঞ্চাশৰ দশকৰ পৰা গীতি কবিতা লিখিবলৈ আৰম্ভ কৰাৰ সময়ত ঔদ্যোগিক বিকাশে ঘটোৱা ধ্বংসৰ পৰিপ্ৰেক্ষিতত পাৰিপাৰ্শ্বিক সমালোচনাই তাৰ বিকল্পৰ সন্ধান কৰিছিল। ধর্মতত্ত্বৰ ফালৰ পৰা যি সর্বপ্রাণবাদ, কবিতা আৰু আন সাহিত্যত সিয়েই ৰোমাণ্টিচিজম। দার্শনিক তত্ত্ব হিচাপে সৰ্বপ্ৰাণবাদে পৰিবেশতন্ত্র, পাৰিপাৰ্শ্বিক সমালোচনা অথবা পাৰিপাৰ্শ্বিক কবিতাক সমর্থন কৰে। সৃষ্ট জগতৰ সকলো প্ৰপঞ্চৰ মাজত স্ৰষ্টাৰ সত্তা আৰু উপস্থিতিক অনুভৱ কৰাজনে নিবিচাৰ ধৰণেৰে প্ৰকৃতিক বিনষ্ট কৰিব নোৱাৰে। সৰ্বপ্ৰাণবাদত বিশ্বাসীজনে কেৱল মানুহকে ব্ৰহ্মাণ্ডৰ লক্ষ্য আৰু উদ্দেশ্য বুলিও নাভাবে। ভূপেন হাজৰিকাই তেওঁৰ জীৱনৰ প্ৰথম গীত বা গীতি-কবিতাটো লিখিছিল শংকৰদেৱক বন্দনা কৰি, 'কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান', শংকৰদেৱৰ কীৰ্তনৰ বিভিন্ন কাহিনীৰ মাজেদি সর্বপ্রাণবাদী দর্শন প্রকাশ পাইছে। হৰমোহনৰ দ্বিতীয় কীৰ্তনত কোৱা হৈছে, 'তুমি পৰমাত্মা জগতৰ ঈশ এক/ একো বস্তু নাহিকে তোমাত বিতিৰেক/... তুমি পশুপক্ষী সুৰাসুৰ তৰু তৃণ/অজ্ঞানতে মুঢ়জনে দেখে ভিনাতিন।' ভূপেন হাজৰিকা এই আধ্যাত্মিক পৰম্পৰাত ডাঙৰ-দীঘল হৈছিল। এই আধ্যাত্মিক পৰম্পৰা পৰিবেশতান্ত্রিক। ভূপেন হাজৰিকাৰ গীতি-কবিতাত মানুহ প্ৰকৃতিৰ মাজতে প্রোথিত হৈ থকে। সমাজ বিপ্লৱৰ বাবেও বুঢ়া লুইতে মানুহক শিক্ষা দিব পাৰেঃ 'সহস্ৰ বাৰিষাৰ/ উন্মাদনাৰ/অভিজ্ঞতাৰে/ পংগু মানৱক/ সবল সংগ্ৰামী/ আৰু অগ্রগামী/কৰিনো তোলা কিয়?' ভূপেন হাজৰিকাৰ কবিতাত মানুহ প্ৰকৃতিৰ মাজত প্রোথিত পেন হাজৰিকাৰ কবিতাত মানুহ প্রকৃতিৰ মাজত প্রোথিত হৈ থকাৰ এটা চমৎকাৰ কাহিনী 'ভুগ ভুগ ডুগ ভুগ ডম্বৰু' কবিতাটো। মেঘে বজোৱা ডম্বৰু আৰু বিজুলীৰ নৃত্যৰে কবিতাটো আৰম্ভহৈছে। এই সংগীত, অর্থাৎ ডম্বৰবাদন আৰু নৃত্যই কিবা আনুষ্ঠানিক আয়োজনৰ ইংগিত দিছে। এই সংগীত অৰু নৃত্যৰ আয়োজক প্রকৃতি- মেঘ আৰু বিজুলী। ডম্বৰবাদন সংগীত হোৱাৰ লগতে ই এক ধৰণৰ ঘোষণাও কৰিছে। কোনোবা শনুহৰ সাহসী কাম-কাজক ঘোষণা কৰাৰ লগতে মেঘ আৰু বিজুলীয়ে উদ্যাপনো 'কৰিছে। কি উদ্যাপন কৰা হৈছে, তাক উৎবষ্ঠাত ৰাখি দ্বিতীয় স্তৱকত উদ্যাপিত ঘটনাৰ প্ৰতি কিছুমান সৰু সৰু মানুহৰ প্ৰতিক্রিয়া ব্যক্ত কৰা হৈছে। স্তৱকটো এনেধৰণৰ- 'সৰু সৰু গাঁৱৰে/সৰুকণহঁতৰে/ সৰু সৰু ঘৰবোৰ কঁপে/ এ চিকমিক বিজুলী/ সৰু সৰু পুখুৰীৰ/ সৰু সৰু পুঠিবোৰে/ বিজুলীক গিলিব খোজে/ এ চিকমিক বিজুলী।' সৰু সৰু পুখুৰীৰ পুঠিমাছবেৰে কিয় বিজুলীক গিলিব খুজিছে? পুঠিমাছে তুঁহগুৰি গিলিব পৰে, কিন্তু বিজুলী গিলাৰ দুঃসাহস কিয় কৰিছে? তাৰ কাৰণে মেঘ আৰু বিজুলীয়ে উদ্যাপন কৰা ঘটনাটোত সিহঁতৰ সমর্থন নাই। ঘটি যোৱা ঘটনাৰ বিতং বিৱৰণ তৃতীয় স্তৱকত দিয়া হৈছে। সৰুদৈৰ মন আছিল সৰুকণৰ লগত বিয়াত বহিবলৈ। ছে কিন্তু দুয়োৰে জাত নিমিলাত সমাজে সেই অনুমতি নিদিলেঃ 'সৰুদৈ আইদেউৰ কি হ'ল?/ বোলো কি হ'ল?/ সৰুকণত সোমাবৰ মন গ'ল/ এ লেঠা হ'ল/ সমাজে অনুমতি নিদিলে/দুয়োৰে জাত-পাত নিমিলে।' জাত-পাত নিমিলাৰ কাৰণে সৰুদৈ-সৰুকণৰ বিয়াখনক বিৰোধিতা কৰা মানুহবোৰৰ জীৱনকো প্রকৃতিয়েই নিশ্চয় গঢ় দিছে আৰু সেইবাবেই ৰোমাণ্টিক কবিসকল অমংগলৰ উপস্থিতি সম্পর্কেও সজাগ আছিল। ৰোমাণ্টিক কবিৰ দৃষ্টিত ব্যক্তি স্বাতন্ত্র্য অতি মূল্যৱান। সৰুদৈ আৰু সৰুকণৰ সুখী হোৱাৰ অধিকাৰ আছে। সেই পাঠ তেওঁলোক প্রকৃতিয়ে শিকাইছে আৰু সুখী হোৱাৰ সিদ্ধান্ত তেওঁলোকে নিজে ল'ব। যি স্বাভাবিক, প্রাকৃতিক অথবা পৰিবেশতান্ত্রিক, তাকে কবিতাত উদ্যাপন কৰা হৈছে। প্রকৃতিয়ে উদ্যাপন কৰা বিয়াখনৰ বিতং বিৱৰণ পৰৱৰ্তী স্তৱকত দিয়া হৈছে- 'বনজুয়ে হোম দিলে/বিজুলীয়ে ৰভা দিলে/ জিলিয়ে বিয়ানাম গায়/ ধুমুহাই গগনা বাই/ সাহসৰ বাতৰি বিলায়।' সমাজে যেতিয়া মানুহৰ স্বাভাৱিক আকাংক্ষাক অন্যায়ভাবে বাধা দিছে, স্বয়ং প্রকৃতি আহি মানুহৰ স্বাভাৱিক আকাংক্ষাৰ সমৰ্থনত থিয় দিছে। সমাজৰ ভুল বিচাৰত প্রকৃতি জগতৰ আন এবিধ প্রাণীয়ে বৰ লাজ পাইছে বুলি কোৱা তৈছে। সেই প্রাণীবিধ ভেকুলী। লেখক : ড० আনন্দ বৰমুদৈ প্ৰকাশ : অসমীয়া প্ৰতিদিন কাকত, ৮ ছেপ্তেম্বৰ, ২০২৫