সেন্দুৰী আলি চৰিয়াৰ পানীখিনিৰে সৈতে মাটিমাহৰ দাইলকেইটা পাকঘৰৰ পৰা কুঁৱাৰ পাৰলৈ উলিয়াই আনি চম্পাই হঠাৎ কিবা এটা চিন্তা কৰিলে। চৰিয়াটো মাটিত থৈ তাই এবাৰ ইফালে-সিফালে চালে। ফাতেমাহঁতৰ ঘৰটোলৈ তাইৰ চকু গ'ল। ঘৰটোৰ দুৱাৰ-খিৰিকীবোৰ বন্ধ। আচৰিত কথা। ইমান পুরাতে সিহঁত ক'লৈ গ'ল। আনদিনা ইমান সময়ত ফাতেমাহঁতৰ ঘৰৰ আটাইবোৰ মানুহে কামে-কাজে ব্যস্ত হৈ থাকে। চম্পাহঁতৰ পাৰযোবে ফাতেমাহঁতৰ ঘৰৰ মুধচত উঠি গা ৰ'দাই থাকে। ভিতৰত ফাতেমাই কিবা বস্তুত হাত দিলেই সিহঁতৰ উম ভাগে, চালেদি লাহে লাহে নামি আহি ধপকৈ চোতালত পৰে। চোতালত ফাতেমাই দাইল কেইটামান চটিয়াই দিয়ে। মুহূৰ্তৰ ভিতৰতে সিহঁতে সেইকেইটা চাফা কৰি থয়। সদায় সেই একেটাই দৃশ্য। আজি কিন্তু চম্পাহঁতৰ পাৰযোৰ ফাতেমাহঁতৰ ঘৰৰ মুধচত নাই। বাহখনৰ ওপৰতে জুপুকা মাৰি বহি আছে। চম্পাই ফাতেমাহঁতৰ ঘৰৰ ফালে যোৱাকৈ এটা কাঁহ মাৰিছে। কাঁহটো বেছি দুৰলৈ নগ'ল। বাহৰ চকোৱাখনৰ ওচৰতে পমি গ'ল। আনদিনাতকৈ বেছি শব্দ কৰি চম্পাই বাল্টিটো কুঁৱাৰ ভিতৰলৈ দলিয়াই দিলে। ক্ষন্তেক পিছতে বাল্টিটোরে পানী লৈ আহিল। থেকেছকৈ বাল্টিটো পাৰত থৈ তাই এইবাৰ দাইলকেইটা ধুবলৈ বহিল। দাইলবোৰ মোহাৰি মোহাৰি তাই আকৌ এবাৰ ফাতেমাহঁতৰ ঘৰৰ ফালে চালে। কি ঠিক, আহিবও পাৰে। পিছে নাই। হঠাতে তাৰ আজি কি হ'ল? কালিতো সি কুঁৱাৰ পাৰলৈ আহিছিল। তাৰ খোজৰ চিন এতিয়াও কুঁৱাৰ পাৰৰ বোকাত পৰি আছে। চম্পাই দাইলৰ চোকোৰাবোৰ কুঁৱাৰ পাৰৰ নলাটোৰে উটুৱাই দিলে। এইদৰে তিনিবাৰমান ধুলেহে যদি চাফা হয়। চম্পা আৰু ফাতেমাহঁতৰ দুই ঘৰৰ মাজতে বাঁহৰ চকোৱা এখন আছে। ইফাল-সিফাল দেখি। দুয়ো সেইফালেই কথা পাতে। বেজী-কুৰুচা অনা-নিয়া কৰে। কিমান যে ভিতৰুৱা কথা। ছফিৰ বোলাটোরে ফাতেমাৰ আগত চম্পাৰ কথা কি কৈছে, যোৱাবেলি পূজাত যে আহিছিল চম্পাৰ কলেজত পঢ়া মোমায়েকটো-সি চম্পাৰ আগত ফাতেমাৰ কথা কি কৈছে- সেইবোৰ কথা ৰহস্যপূর্ণ, ইংগিতপূর্ব, ভাল লগা। চকোৱাৰ মাজেদি আঙুলি সুমুৱাই আকাৰে-ইংগিতে কথা পাতোতে চকোৱাৰ মাজত ইমানটে। ফাঁক ওলাইছে। কিছুমান কথা আছে, সেইবোৰ পদুলিবে ওলাই দেখাদেখিকৈ পাতিব নোৱাৰি। সেইবোৰ কথা এইটো ফাঁকেদি অহা-যোৱা কৰে। ইয়াৰ মাজেবে চম্পাৰ মাকে তেল-খাৰণি ইপাৰ-সিপাৰ কৰে। ফাতেমাৰ মাকে কিবা এটা বনালে আঙুলিৰ টিপতে চম্পালৈ পাৰ কৰি দিয়ে। ঈদৰ সময়ত চম্পাৰ বেমাৰি বাপেকলৈ মাংসৰ চুৰুহাৰ বাতি ইয়াৰ মাজেদিয়ে পাৰ হৈ আহে। ফাতেমাৰ ককায়েকলৈ বিহুত তিলৰ লাৰু যায়। ইমান দিনে সেইটো আৰু সামান্য এটা ফাঁক হৈ থকা নাই। সি হৈ পৰিছে এটা আহল-বহল সুগম ৰাস্তা। সকলো সময়তে সেইটো বাস্তা ব্যস্ত হৈ থাকে। বিশেষকৈ চম্পা কুঁৱাৰ পাৰলৈ অহা সময়খিনিত সেইটো ৰাস্তাৰ মহিমা আৰু চবে। সিফালে ফাতেমাই গাৰ কাপোৰত চাবোন দিয়ে, ইফালে চম্পাই গাত চাবোন সানে। দুডোখৰ চাবোনৰ পৰ্বত প্রমাণ ফেনৰ মাজত সোমাই চকু মুদি দুয়ো কথা পাতে, হাঁহে, গা ঘঁহিলে চাবোনৰ ফেনত উঠা শব্দবোৰ দুয়ো দুয়োকো শুনায়। চকোৱাৰ কাষতে নলাটোরে এটা ভাঁজ লৈছে। দাইলৰ চোকোৰাবোৰ গৈ সেই ভাঁজটো পাওঁতেই তাইৰ আকৌ তালৈ মনত পৰিল। আনদিনা চোকোৰাবোৰ গৈ সিমানখিনি নাপায়। নলাত নামি সি আদবাটতে ভেঁটা দি ধৰে। বৰ বেচি পাঁচ মিনিট। তাৰ পিছত দাইলৰ চোকোৰা চাফা হৈ যায়। তাৰ মঙহাল ঠেং দুটা নলাৰ বোকাত সোমাই লুতুৰি-পুতুৰি হয়। তথাপি তাৰ মনত অপাৰ আনন্দ। তাৰ চকুৰ তিৰবিৰণি, মূৰৰ ফুল আৰু ঠোঁটৰ জোকাৰণিত সেই আনন্দৰ চিন ফুটি উঠে। মাবে। চম্পাই কুঁৱাৰ পাৰত কিবা কৰক বা নকৰক, সি কুঁৱাৰ পাৰখনত দিনটোত কেবাবাৰো পাক মাৰে। আজি চম্পাৰ মনত চিন্তা হ'ল। তাইৰ দাইল ধোৱা হৈ গ'ল। অথচ এতিয়ালৈকে তাৰ কোনো উমঘাম নাই। আজি পুৱা সি ডাক দিছিল নে? বহুত ভাবিও তাই মনত পেলাব নোৱাৰিলে। ইফালে ফাতেমাহঁতৰ মাত-বোলো শুনা নাই। দুৱাৰ-খিৰিকীও বন্ধ। কি হ'ল হঠাতে? আন নহ'লেও অন্ততঃ ফাতেমাৰ ককায়েক মুকুটক দেখোন তাই দেখিব লাগিছিল। আনদিনা এইখিনি সময়তে সি চাইকেলেৰে টাউনলৈ যায়। টাউনৰ এখন চাইকেল মেৰামতি কৰা দোকানত সি কাম কৰে। দাইলৰ চৰিয়াটো হাতত তুলি লওঁতেই তাইৰ কাণত পৰিল, দূৰত গিৰিপ-গিৰিপকৈ এলানি শব্দ হৈছে। তৎক্ষণাৎ তাইৰ মনত পৰি গ'ল ফাতেমাই কোৱা এষাৰ কথা। তাই কৈছিল, "পথাৰত মিলিটাৰীয়ে তম্বু টানিছেহি। গাঁৱৰ মানুহে খুব ভয় খাইছে।" আচৰিত হৈ চম্পাই সুধিছিল, "মিলিটাৰী কিয় আহিছে?" "জানো। মুকুট ককাইটিয়ে কৈছে, গাঁৱত কিবা কাজিয়া হ'ব পাৰে বুলি হেনো মিলিটাৰী আহিছে।" কাজিয়া। কিহৰ কাজিয়া? পদুমনি গাঁৱত আগে-পিছেও কাজিয়া হয়। সেইবোৰ সৰু-সুৰা কাজিয়া, পদুমনি গাঁৱৰ স্বাভাৱিক ঘটনা। নিমিষতে নিষ্পতিও হৈ যায়। তাৰ পিছত গাঁৱৰ মানুহে পুজা-বিহু-ঈদ নিয়ম মতে পাতে, ফুর্তি কৰে। আজি হঠাতে সেই কাজিয়াবোৰ ইমান গুৰুত্বপূৰ্ণ হৈ গ'লনে? এই গোটেই কথাখিনি এটা প্রশ্নবোধক চিন হৈ চম্পাৰ চকুত ফুটি উঠিছিল। শুনা-নুশুনাকৈ ফাতেমাই কৈছিল, "নহয়, হিন্দু-মুছলমানৰ কাজিয়া।" ইফালে-সিফালে চাই তাই আকৌ কৈছিল, "ৰাজনীতি কৰা নেতাবোৰে আমাক মানুহ বুলি নকয়। কয়-এইটো হিন্দু, এইটো মুছলমান, এইটো কুলি এইদৰে।” কৈয়ে তাই সাউৎকৈ আঁতৰি গৈছিল সিদিনা। ফাতেমাৰ কথাবোৰে চম্পাৰ মনত এখন জটিল জাল গুঁঠিবলৈ ধৰিলে। এইবোৰ কথা সিহঁতে বুজি নাপায়। সম্ভৱ, পদুমনি গাঁৱৰ কোনেও বুজি নাপায়। কোনেও বুজি নোপোৱা এই কথাবোৰ এতিয়া পড়ুমনি গাঁৱত উৰি ফুৰিবলৈ ধৰিছে-বেডিঅ'ৰ খবৰ হৈ বাতৰি কাকতৰ বাতৰি হৈ, মানুহৰ মুখে মুখে জনৰব হৈ। গিৰিপ-গাৰাপকৈ মার্চ কৰি মিলিটাৰীৰ ফাইলটো চম্পাহঁতৰ পদুলিমুখেদি পাৰ হৈ গ'ল। ইমানপৰে বাহৰ ওপৰত জুপুকামাৰি বহি থকা পাৰযোৰ চোতাললৈ নামি আহিল। চোতালত চম্পাৰ মাকে ধান ৰ'দাবলৈ ধৰিছে। পাৰযোৰ আহি বাহৰ কাষতে পৰিল। সিহঁতৰ কণ কণ চকুকেইটাত আতংকৰ চিন। "আজি ইহঁতৰ কি হ'ল?" চম্পা কাষেদি পাৰ হৈ পাকঘৰত সোমাব খোজাতে মাকে নিজকে নিজে সুধিলে। ইহঁতৰ মানে? চম্পাই একো ধৰিব নোৱাৰিলে। ফাতেমাহঁতৰ নে পৰিয়ালবোৰৰ? নে ফাতেমাহঁতৰ মতা কুকুৰাটোৰ? এই মিলিটাৰীবোৰৰ দুপৰীয়া ভাত-পানী খাই-বৈ মাক-জীয়েকহাল বিছনাত পৰিছিলহে মাথোঁন, এনেতে ফাতেমাহঁতৰ ঘৰত কিবা এটা শব্দ হোৱা চম্পাৰ কাণত পৰিল। তাই একেজাপে বিছনাৰ পৰা উঠিল। বেৰৰ ফাঁকেৰে বাহিৰলৈ জুমি চালে। চকোৱা পাৰ হৈ ফাতেমাহঁতৰ চোতাললৈ তাইৰ দৃষ্টি গ'ল। চোতালৰ এচুকত কুকুৰাৰ বাহখন আছে। শব্দটো তাতেই হোৱা যেন লাগিল। হয়, মতাটোৱে বাহৰ পৰা ওলাব খুজিছে। পৰা নাই। খঙতে সি দানাৰ বাতিটো লুটিয়াই দিছে। তাৰে শব্দ আহি চম্পাৰ কাণত পৰিছিল। ফাতেমাহঁতৰ ঘৰৰ দুৱাৰ বন্ধ। কিন্তু খিৰিকী এখন খোল খাইছে। ভিতৰত কোনোবা আছে যেন লাগিল। আচৰিত কথা। মানুহবোৰ আছে। কিন্তু বাহিৰলৈ ওলোৱা নাই। কিয়? মনৰ কৌতূহল ৰাখিব নোৱাৰি চম্পাই এইবাৰ চিধাই মাকক সুধি দিলে, "ফাতেমাহঁতে আজি দেখোন ঘৰৰ ভিতৰতে সোমাই আছে। কিয় মা?" তই শুনা নাই হ'ব পায়, গাঁৱত আমাৰ মানুহ আৰু সিহঁতৰ মানুহৰ মাজত কাজিয়া হৈছে। সিহঁতে ভয় খাইছে। ওচৰৰ গাঁৱত বোলে দুই এটা মাৰিছেও।" মাকে ক'লে। "কিন্তু আমিতো ফাতেমাহঁতক একো কৰা নাই।" "সন্দেহ বুজিছ? গাঁৱৰ মানুহবোৰৰ মাজত সন্দেহ সোমাইছে। গাৰ ছাঁটোকো সন্দেহ কৰিছে মানুহে। মাকৰ কথাবোৰ একোপাত শেল হৈ চম্পাৰ কাণত সোমাল। বিছনাত বাগৰি চম্পাই দুপৰীয়াটো কটাই দিলে। আবেলি চম্পাৰ পিতাকে নঙলামুখতে দুপাকমান ফুৰে। আজিও লাহে লাহে আহি তেওঁ নঙলা মুখৰ গুলচজোপাৰ ছাঁত থিয় হ'ল। এনেতে মিলিটাৰীৰ ফাইল এটা তেওঁৰ আগেদি পাৰ হৈ গ'ল। পদুমনি গাঁৱত মিলিটাৰীৰ ফ্লেগমাৰ্চৰ কি প্রয়োজন? কালি এইখিনিতে তেওঁ গগণ চৌধুৰীক লগ পাইছিল। চৌধুৰী পলিটিকছৰ মানুহ। তেওঁৰ কথাবোৰ কিবা আওপকীয়া। তেওঁ কৈছিল, "বিদেশী বহিষ্কাৰৰ বাবে অসমত চলা আন্দোলনৰ নামত সংখ্যালঘূৰ ওপৰত উৎপীড়ণ চলিছে। চৰকাৰে সংখ্যালঘূৰ মনত বিশ্বাস আৰু আস্থাৰ ভাৱ ঘূৰাই আনিবলৈ ফ্লেগমার্চ কৰাইছে।" চম্পাৰ বাপেকৰ মনত তৎক্ষণাৎ কিছুমান প্রশ্নৰ উদয় হৈছিল-পদুমনি গাঁৱত সংখ্যালঘু কোন? সংখ্যালঘূৰ ওপৰত ক'ত কি অত্যাচাৰ হৈছে। পদুমনি গাঁৱক চাৰিও ফালৰ পৰা গ্ৰাস কৰি অনা বিদেশীসকলৰ ৰক্ষণাবেক্ষণৰ বাবে এই ব্যবস্থা কৰা হোৱা নাইনে। বিদেশীৰ আকৌ হিন্দু-মুছলমান কি? পদুমনি গাঁৱত তাহানিৰ পৰা একে অসমীয়া হৈ লগ লাগি থকা হিন্দু-মুছলমানৰ মাজত গগণ চৌধুৰীহঁতে বিভেদৰ বীজ সিঁচি দিয়া নাইনে? এই প্রশ্নবোৰ সোধা নহ'ল। হঠাতে এছাটি বতাহে তেওঁৰ ডিঙিটো কোবাই গ'ল। বুকুৰ পৰা এটা প্রচণ্ড কাঁহ ডিঙিলৈ উঠি আহিলত তেওঁ পিৰালিত বহিলহি। ৰাতি দুটামান বজাত ৰাস্তাত কিবা এটা হুলস্থুল হোৱা শুনি চম্পা ঘপকৈ সাৰ পাই গ'ল। এনেয়েও তাইৰ ভাল টোপনি অহা নাছিল। ফাতেমাহঁতৰ কথাটোৱে তাইৰ বুকুখন বৈ বৈ খুচি আছিল। হয়তো ফাতেমাৰো টোপনি ভাগি গ'ল হঠাৎ। আজিৰ দিনটো চম্পাক তাই দেখা নাই, তাইৰ লগত কথা পাতিব পৰা নাই। চেঃ কি যে হ'ল। মনটো খুব বেয়া লাগি আছে। সাৰ পাই হুলস্থুলটোৰ গম-গতি বুজিবলৈ চম্পাই খুব যত্ন কৰিলে। ৰাতিৰ কথা, খাটাংকৈ একো ধৰিব নোৱাৰি। এবাৰ যদি ভাব হয় যে হুলস্থূলটো মছজিদৰ ফালে হৈছে, তাৰ পিছত মুহূৰ্ততে তাই শুনিব নামঘৰৰ ফালেও দেখোন কিবা গণ্ডগোল লাগিছে। ক'ত লাগিছে? পূবত নে পশ্চিমত? ৰাস্তাৰ ওপৰত নে গাঁৱৰ ভিতৰত? ৰাতিপুৱা তাই কথাটো খাটাংকৈ জানিবলৈ নৌপাওঁতেই পদুমনি গাঁও মিলিটাৰীৰে ভৰি পৰিল। অকল পদুমনিতেই নহয়, হাঁহচৰা মৌজাৰ আঠোখন গাঁৱতে অসংখ্য মিলিটাৰী সোমাল। ঘৰে ঘৰে সামৰিক বাহিনীৰ লোকে অত্যাচাৰ আৰম্ভ কৰিলে। সিহঁতৰ লাঠি, গোৰ আৰু অন্যান্য অত্যাচাৰৰ পৰা ল'ৰা, বুঢ়া, তিৰোতা কোনেও ৰক্ষা নাপালে। হাঁহচৰা মৌজাৰ মাইকী মানুহ কোনো দিনে ইমান লাঞ্ছিত-লুণ্ঠিত হোৱা নাছিল। চকুৰ আগতে নিজৰ জীয়ৰী-বোৱাৰীক অপমান কৰা দেখি বহুত পিতৃ-মাতৃ বলীয়া হৈ গ'ল। চম্পাই লাজতে মৰা যেন হৈ বিছনাত পৰি কান্দি থকিল। ফাতেমায়ো কান্দিলে হিয়াধুনি। বাহত এটাও কুকুৰা নাই। পুলিচে ডেকা ল'ৰা যাকে য'তে পাইছে এৰেষ্ট কৰিছে। গাঁৱৰ বহুত ল'বা নিখোজ হৈছে। চম্পাহঁতৰ ঘৰৰ পাছফালে থকা জাৰণিখনত মুকুট লুকাই আছে। বিয়াল্লিছৰ আন্দোলনৰ সময়ত এনেকৈ চম্পা আৰু ফাতেমাৰ বাপেক লুকাই আছিল। ৰাতি পুলিচ আহে। লুকাই চুৰকৈ চম্পাই মুকুটক চাহ দিছে, ভাত দিছে। কথাটো কিন্তু তাই ফাতেমাক জনাব পৰা নাই। আজি কেইবাদিনো হ'ল, পাৰযোৰ অহা নাই। বোধহয় আৰু নাহে। উদং বাহখনলৈ চাই চম্পাৰ বুকুখন জিকাৰ খাই উঠিল। ফাতেমাহঁতৰ কুকুৰাৰ বাহখনো উদং। দানাৰ বাতিটো উবুৰি হৈ পৰি আছে। কুঁৱাৰ পাৰত চম্পাৰ কামো তেনেকৈ একো নাই। গাটো ধোবে, তিয়নিযোৰ থেকেচা মাৰি তাতে থৈ আহে। আবেলিলৈহে সেইযোৰ আওদালি মেলি দিয়ে। চকোৱাখনৰ সেই আহল-বহল সুগম ৰাস্তাটো এইকেইদিনত এটা সামান্য ফুটালৈ পৰিবৰ্তিত হৈছে। ফুটাটোত লদালদিকৈ কিছুমান শুঙাল বিছাই বাহ বান্ধিছে। কুঁৱাৰ পাৰৰ নলাটোত মিহি বোকাই দ'ম বান্ধিছে। চকোৱাখনৰ কাষতে য'ত নলাটোরে এটা ভাঁজ লৈছে ত'তে এসোপা বন গজিছে। হাঁহচৰা মৌজাৰ আঠোখন গাঁৱতে পাইকাৰী জৰিমনা লগাইছে। গগণ চৌধুৰী আৰু তেওঁৰ লগতে পলিটিকচত ঘূৰি ফুৰা কেইজনৰ ল'ৰা কেইটাৰ বাহিৰে মৌজাখনৰ কোনো ডেকা ল'ৰা এতিয়া বাহিৰত নাই। সকলো জেলত। মুকুটকো এদিন পুলিচে লৈ গ'ল। ফাতেমাৰ মাকে ভাতপানী এৰিছে। চম্পাহঁতৰ ঘৰখনতো সেই দুখৰ ছাঁ পৰিছে। হওতে চম্পাৰ ভাই-ককাই নাই। কিন্তু মুকুটক তাই সৰুৰে পৰা ককাইটি বুলি মাতি আহিছে। ৰ'দত শুকাই-উৰাই থোৱা ধান দুপাচি আকৌ এবাৰ ধৰাধৰিকৈ চম্পাৰ মাকে চোতাললৈ উলিয়াই আনিলে। মাকৰ লগতে চম্পায়ো ধান মেলিবলৈ লাগিল। এনেতে হঠাৎ ফাতেমাহঁতৰ ঘৰৰ ফালে কিবা এটা শব্দ হোৱা যেন লাগিল। চম্পাই কাণপাতি ক্ষন্তেকপৰ তভক মাৰি ৰ'ল। তাইৰ বুকুখন ধপধপাই উঠিল-ভয়ত নে আনন্দত তাই বুজিব নোৱাৰিলে। হয়, সেয়া ফাতেমাৰ মাক। কুকুৰা বাহখনৰ ভিতৰত উবুৰি হৈ থকা বাতিটো লুটিয়াই তেওঁ তাতে দানা পানী ঢালিবলৈ ধৰিছে। চম্পাই আনন্দত উত্ৰাৱল হৈ চিঞৰি সুধিলে, "কি হ'ল বৰমা, আহিছে নেকি?" "আহিছোঁ উত্তৰ দিব লাগিছিল ফাতেমাৰ মাকে। দিলে ফাতেমাই। তাই চোতালৰ এচুকতে কুকুৰাৰ বাবে কেঁচু খান্দি আছিল। ফাতেমাৰ মাত শুনি চম্পাই একে দৌৰে কুঁৱাৰ পাৰ পালেহি। তাৰ পৰা চকোৱাখনৰ কাষলৈ গ'ল। চকোৱাৰ ফাঁকটোত বিছা নাই। সেইফালেদি আঙুলি সুমুৱাই দি আবেগ আনন্দত বিহ্বল হৈ ফাতেমাই ক'বলৈ ধৰিলে, "আহিছে জান। বেছ চালাক দেই। কৰবাত লুকাই আছিল হ'ব পায়। আমি আকৌ ভাবিছিলো সেই সোপাই মুচৰি খালে কিজানি। যিহে খক। চাচোন ফাতেমাই লাহেকৈ ইফালে সিফালে চাই বুকুৰ চাদৰখন অলপ গুচাই চম্পাক বুকুখন দেখুৱালে। চম্পাই ঠিক দেখা নাপালে। আন্দাজ কৰি ল'লে। তাইৰ গালতো দুটা দাগ বহি আছে। ক্ষন্তেক পিছতে দুয়োৰো চকুৰে গিৰ গিৰাই পানী বৈ আহিল। "যাওঁ দেই। পিছত।” কন্দনামুৱা হৈ দুয়ো চকোৱাখনৰ কাষৰ পৰা আঁতৰি আহিল। আজিৰ পৰা কুঁৱাৰ পাৰত চম্পাৰ বহুত কাম। তাই বহি বহি কাপোৰ থুকুচিব, সি তাইৰ চাৰিওফালে কক্-বকাই ঘূৰি থাকিব। তাৰ চকু, ঠোঁট আৰু মূৰৰ ফুলত অপাৰ আনন্দৰ চিন। চম্পাহঁতৰ পাৰযোৰো সন্ধিয়া আহি বাহত পৰিল। বহুত দূৰৈৰ পৰা সিহঁত উৰি আহিছে যেন লাগে। আহিয়েই সিহঁত ভৰ টোপনিত পৰিল। চকোৱাখনৰ মাজত ফাঁকটো এই দুদিনতে আৰু বহল হৈ পৰিল। ঘটি-গিলাচৰ কথাই নাই, চৰিয়াটো পর্যন্ত সেইফালে পাৰহৈ আহিল। এটা আহল-বহল ৰাস্তাৰ মাজত আকৌ চম্পা আৰু ফাতেমা লগ লাগিল। সিহঁতে কথা পাতিলে, হাঁহিলে, মাজে মাজে কান্দি কান্দি আকৌ হাঁহিলে। ৰচনা-কুমুদ গোস্বামী